পথ ভ্রমণো আকর্ষণীয় হ’ব পাৰে। যদি আপুনি এইটো অনুভৱ কৰিব বিচাৰে, তেন্তে নগালেণ্ডৰ ৰাজধানী কহিমালৈ কম ভ্ৰমণ কৰা ধোদৰ আলি-খুমটাই পথেৰে যাত্ৰা যি কৰক। আহোম ৰজা গদাধৰ সিংহৰ ৰাজত্বকালত ১৬৮৭ চনত ধোদ-বা এলেহুৱা মানুহে নিৰ্মাণ কৰা আলি(পথ)ৰ মাজেৰে গাড়ী চলাই গৈ থাকোতে আপুনি এখন ৰসাল সেউজীয়া গ্ৰাম্য অঞ্চলৰ সৌন্দৰ্য আৰু চহকী ইতিহাসৰ আভাস ল’ব পাৰিব ।
ইয়াৰ বহুতো খুমটাই গাঁও ক্ষুদ্র চাহ বাগিচা, আগৰ কাঠৰ বাগিচা, নামঘৰ আদিৰে পৰিপূৰ্ণ । তাৰ পিছতে পাব কার্গিল যুদ্ধৰ সময়ত শ্বহীদ হোৱা কেপ্টেইন জিন্টু গগৈৰ স্মৃতিসৌধ আৰু কুৰালগুৰি চাৰিআলিৰ পৰা পাঁচ কিল’মিটাৰ পশ্চিমে অৱস্থিত অতি উল্লেখযোগ্য খনিকৰ পুথি নামঘৰ। এই নামঘৰত সংৰক্ষিত হৈ আছে খনিকৰ পুথি, যিখন সাঁচি পাত(গছৰ বাকলি)ত হেঙুল-হাই তাল(পৰম্পৰাগত, চিঞাহী)ৰে লিখা। দুখন পাণ্ডুলিপিৰে গঠিত—মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন আৰু মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ এই পুথিখন ১৭৬৮ চন মানত লিপিবদ্ধ আৰু মান (বার্মিজ) আক্ৰমণৰ সময়ত (১৮১৯-১৮২১) বাচি থকা বুলি বিশ্বাস কৰা হয় ৷ জনবিশ্বাসটো হ’ল আক্ৰমণকাৰীয়ে হাততে পোৱা বাকী সকলো বস্তু লুট কৰে যদিও অদ্ভুতভাৱে তেওঁলোকে পুথিৰ টেপোলাটো বুদ্ধ মণি বৰুৱাৰ হাতত তুলি দিলে । মণি বৰুৱাৰ হয়তো পুথিবোৰৰ লগত কোনো সম্পর্ক নাছিল যদিও তেওঁলোকক পুথিসমূহ ভালদৰে চোৱা- চিতা কৰিবলৈ নিৰ্দেশ দিলে। বৰুৱাই যি চাৰিখন সাঁচিপাতৰ পাণ্ডুলিপি পাইছিল কীর্তন, দশম,নামঘোষা আৰু ভক্তি ৰত্নাৱলী। তেওঁ পৰৱৰ্তী সময়ত দুখন পাণ্ডুলিপি ৰাখি দশমখন গাঁৱৰ নামঘৰলৈ আৰু ভক্তি ৰত্নাৱলীখন ওচৰৰ হালোৱা – গাঁৱৰ নামঘৰলৈ দান কৰে ৷
সময়ৰ লগে লগে বৰুৱাৰ তত্ত্বাৱধানত থকা পাণ্ডুলিপি দুখনে ভক্তসকলৰ বাবে অতি উচ্চ মর্যাদা লাভ কৰিলে। গামোচাৰে ঢাকি থোৱা আৰু কাঠৰ খোদিত বাকচত থোৱা মূল্যৱান পুথিসমূহ আজিও ভক্তসকলৰ শ্ৰদ্ধাৰ পাত্ৰ। কেৱল ঐশ্বৰিক আশীৰ্বাদ বিচাৰি প্ৰতিদিনে নামঘৰলৈ গৈ ভক্তসকলে ভিৰ কৰাই নহয়, কিছুমানে পুথিখনক ঘৰলৈ সভক্তিৰে নিমন্ত্ৰণ কৰি ফল পাবলৈ ধৰিলে । এনে ক্ষেত্ৰত তেওঁলোকে বাকচটো মূৰত বা কান্ধত লৈ গোটেই বাটটো খালী ভৰিৰে খোজ কাঢ়িব লগা হয়, আনকি তেওঁলোকৰ ঘৰ বহু দূৰত হ’লেও পথচাৰীসকলেও কঢ়িয়াই নিয়া পুথিখনলৈ সন্মান জনাই মুৰ দোঁৱায় বুলি জনা যায় ।
খনিকৰ গাঁৱত আধ্যাত্মিকাৰ আভাস পাব পাৰি। ইয়াত থকা এটা আধ্যাত্মিক কেন্দ্ৰত আপুনি নিশ্চিতভাৱে সভক্তিৰ আভাস পাব। নামঘৰলৈ অহা পুৰুষ দর্শনার্থীসকলে ধুতি পৰিধান কৰিলেহে প্ৰৱেশ কৰিব পাৰিব আৰু মহিলাসকলে পৰম্পৰাগত মেখেলা-চাদৰ পিন্ধিলেহে। এই নিয়ম কঠোৰভাৱে প্ৰযোজ্য কৰা হয় ।
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/03-a-Khanikar-Puthi-1024x300.jpeg)
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/03-b.-Khanikar-Puthi-1024x437.jpeg)
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/04.-Carrying-Puthi-to-home.jpeg)
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/Puthi-Namghar-1024x461.jpg)