নাহৰকটীয়াৰ পৰা ৫ কিল’মিটাৰ আৰু ডিব্ৰুগড়ৰ পৰা ৫০ কিল’মিটাৰ নিলগত অৱস্থিত নামফাকে হ’ল অসমৰ অতি আকর্ষণীয় পর্যটন স্থানসমূহৰ অন্যতম। মহাবাহু ব্ৰহ্মপুত্ৰৰ অন্যতম উপনদী দিহিঙৰ পাৰত সিঁচৰতি হৈ থকা এক মনোৰম গাঁওখনৰ এনে এক পুৰাতন আকর্ষণ আছে যি আপোনাৰ সিৰে সিৰে প্রবাহিত হ’ব।
অসমৰ সৰ্ববৃহৎ টাই ফাকেৰ গাঁও এই নামফাকেতে প্রায় ১৫০ ঘৰ লোকে বাস কৰে আৰু তেওঁলোকৰ পূৰ্বপুৰুষে টাই সম্প্রদায়ক চিহ্নিত কৰে। গাঁওবাসীয়ে টাই ভাষাৰ সাদৃশ্য থকা এটা দোৱানত কথা পাতে আৰু অনন্য ৰীতি-নীতি তথা ঐতিহ্যৰ মাজেৰে তেওঁলোকৰ পৰম্পৰা অনুসৰি জীৱন নিৰ্বাহ কৰে। ১৮ শতিকাৰ শেষ অৰ্ধৰ পৰা টাই ফাকেসকলে ইয়াত বাস কৰি আহিছে। প্ৰণিধানযোগ্য যে টাই জাতি চীনৰ হাইনাম আৰু য়ুনান প্রদেশ পর্যন্ত আৰু আনকি থাইলেণ্ড আৰু ম্যানমাৰলৈও বিস্তাৰিত হৈছে। অসমত তেওঁলোকক প্ৰায়ে “ফাকিয়ালছ” আখ্যা দিয়া হয় আৰু ম্যানমাৰত ‘শ্বান’, থাইলেণ্ডত ‘ছিয়ামছ’ আৰু চীনৰ য়ুনানত ‘পাই’ নামেৰে এওঁলোক পৰিচিত ।
নামফাকেৰ ৰাস্তাইদি যোৱাটো এটা অভিজ্ঞতা। ওখ প্লেটফৰ্মৰ ওপৰত নির্মিত অদ্ভুত চাংঘৰ, জৈৱিক উদ্ভিদেৰে ভৰি থকা পাচলি বাৰী, ঘৰৰ চাঙৰ তলত পোৱা মুৰ্গী, পকা ধানৰ মেটমৰা থোক, ঘন বাঁহনি আৰু সৰু কাঠনি, পখীৰ কলকলনি আদিবোৰে পুৰণি যুগৰ নয়নাভিৰাম দৃশ্য আৰু ধ্বনি ফুটাই তোলে।
গাঁওখনৰ মূল ভেটি হ’ল অৱশ্যেই নামফাকে বৌদ্ধ মঠ। ই হ’ল অন্যতম পুৰণি আৰু অতিকৈ সম্মানীয় মঠ। ইয়াত থকা ধ্যান কেন্দ্ৰত পর্যটকসকলক ফাকিয়াল সংস্কৃতিৰ আভাস ল’বলৈ স্বাগতম জনোৱা হয়, যিটো এওঁলোকৰ দৈনন্দিন জীৱনৰ সমাৰ্থক । লক্ষণীয়ভাৱে গাঁওবাসীয়ে খাদ্য তেতিয়াহে গ্ৰহণ কৰে যেতিয়া মহিলাসকলে প্ৰথমে ৰন্ধা খাদ্য মঠত দি থৈ আহে। বৌদ্ধ ভীক্ষুসকলে গোটেই গাঁওবাসীয়ে শুনা এটা ঘণ্টা বজাই দিয়ে আৰু ইয়াৰ অৰ্থ হ’ল এতিয়া গাঁওবাসীয়ে খাব পাৰে ৷সর্বোত্তম অৱশ্যেই ইয়াৰ পৰা দেখা পোৱা সূর্যাস্ত। লগতে আছে বিভিন্ন মাছ, উৰিয়াম পাতৰ দৰে স্থানীয় ভেষজ আৰু মচলা দি ৰন্ধা অতি সু-স্বাদু পাচা খাদ্য।
আপোনাৰ লিখনিয়ে অসমৰ বিষয়ে ভালদৰে জনাত বহুখিনি সহায় কৰিব ৷ সুন্দৰ লিখনি ৷