শিৱসাগৰৰ পৰা ৪০ কিল’মিটাৰ নিলগত তথা সোণাৰিৰ সমীপত অৱস্থিত চলাপথাৰ হ’ল মুষ্টিমেয় ভূ- স্বৰ্গসদৃশ স্থানৰ এখন। শান্তি আৰু নির্মলতাৰ পৰা উদ্ভিদ আৰু প্রাণীজগতলৈ, লগতে সংস্কৃতি আৰু ঐতিহ্যৰে সমৃদ্ধ চলাপথাৰ হ’ল বিচিত্ৰ অভিজ্ঞতাৰ পটভূমি ৷ ইয়াত টাই- খাময়াংসকলৰ জীৱন শৈলী উপলব্ধি কৰি সমগ্ৰ দক্ষিণ-পূব এছিয়াত এতিয়া বিয়পি থকা বৃহত্তৰ টাই জনগোষ্ঠীৰ সংস্কৃতিৰ আভাস পাব পাৰি ।
অসমলৈ টাইসকলৰ প্ৰব্ৰজন আৰম্ভ হয় টাই আহোমসকলৰ মাৰফতত। ইয়াৰ পিছতে খ্ৰীষ্টিয় ১৩ শতিকাৰ পৰা ১৮ শতিকাৰ ভিতৰত টাই ফাকে, টাই খাময়াং, টাই খামতি, টাই আইতন আৰু টাই তুৰুংসকলৰ প্ৰব্ৰজন ঘটিছিল। এতিয়া বৃহত্তৰ অসমীয়া সমাজৰ এটা অংগ তেওঁলোকৰ স্বতন্ত্র ঐতিহ্যই অসমীয়া সংস্কৃতিত বিচিত্ৰতাৰ সংযোগ ঘটাইছে। টাই সম্প্ৰদায়ৰ পৰা লোৱা থেৰাবাদ বৌদ্ধ সংস্কৃতিক লৈ অসমে এতিয়া গৌৰৱ কৰিব পাৰে ৷
এপ্ৰিলৰ মধ্য ভাগত পয় চমকনৰ উচ্ছাসত চলাপথাৰৰ নিস্তব্ধতা ভাগি যায়। থাইলেণ্ডৰ সংক্রান উৎসৱৰ সাদৃশ্য থকা এই উৎসৱক স্থানীয়ভাৱে পানী বিহু বুলি জনা যায়। এই উৎসৱত মানুহে পৰস্পৰলৈ পানী নিক্ষেপ কৰে, যিটো পাপ ধুই পেলোৱাৰ ইংগিত বুলি গণ্য কৰা হয়। ইয়াৰ পিছত বৌদ্ধ বিহাৰ বা মঠত থকা আৰু বিভিন্ন লোকৰ ঘৰত থকা বুদ্ধৰ মূৰ্তিবিলাক উলিয়াই আলফুলে ধুই পেলোৱা হয়। চিমিথং অর্থাৎ মমবাতি জ্বলোৱা আৰু প্ৰাৰ্থনা কৰা হয় সন্ধ্যাৰ সময়ছোৱা উপাসনাৰ বাবে।
বিভিন্ন প্ৰজাতিৰ পক্ষী আৰু জীৱ- জন্তুৰে সমৃদ্ধ চিৰসেউজ চলা গাঁও বনাঞ্চলে আগুৰি থকা চলাপথাৰৰ ভ্ৰমণ এটা বিচিত্র অভিজ্ঞতা। এই বনাঞ্চল নিজেই সম্প্ৰদায়ৰ সংৰক্ষণৰ এটা উদাহৰণ। কাৰণ শ্যাম গাঁৱৰ টাই খাময়াংসকলে অকল বনাঞ্চল ধ্বংস ৰোধ কৰাই নহয়, তেওঁলোকে ইয়াৰ প্ৰসিদ্ধ খাই লং (জেনেটাম) গছসংৰক্ষণত আগভাগ লয় । এই গছৰবীজ আৰু পাত ব্যৱহাৰ হয় জিভাৰ পানী ওলোৱা ৰুচিকৰ খাময়াং ৰন্ধন প্ৰণালীত।
পুনশ্চঃ খাইলং স্বাদযুক্ত খাদ্যৰ জুটি লওক আৰু চলাপথাৰ হেন মুকুটৰ ৰত্নসদৃশ পানীবিল ভ্ৰমণ কৰক।