May 2023

পুৰাতাত্বিক পৰ্যটনৰ কেন্দ্ৰ কামৰূপ

এসময়ৰ প্ৰাচীন কামৰূপৰ চৌপাশে আধুনিক গুগল মেপৰ সহায় নোলোৱাকৈ ভ্ৰমণ কৰাটো সঁচাই আমোদজনক। অজস্র প্রত্নতাত্ত্বিক সমলেৰে ধন্য এই প্রাচীন কামৰূপ এলেকাই আপোনাক এতিয়া মসৃণ আৰু সৰল পৰ্যটনৰ স্বাদ দিব। ইয়াত আপুনি স্থানীয় সংস্কৃতিৰ সৈতে পৰিচিত হৈ অজ্ঞাত পথত প্ৰতিটো মুহূৰ্তত শিহৰণ অনুভৱ কৰিব। যাত্ৰাৰ পদ্ধতিটো নিচেই সহজ । গন্তব্যস্থলী খণ্ড খণ্ডকৈ নিৰ্বাচন কৰক, গাড়ীৰ পৰা […]

পুৰাতাত্বিক পৰ্যটনৰ কেন্দ্ৰ কামৰূপ Read More »

হাজো – বিশ্বাস আৰু বিশ্বস্ততাৰ অপূৰ্ব সমন্বয়

গুৱাহাটীৰ পৰা ৩৫ কিল’মিটাৰ উত্তৰ-পশ্চিমে ব্ৰহ্মপুত্ৰৰ পাৰত ‘অৱস্থিত হাজো হ’ল অসমৰ সবাতোকৈ, আকৰ্ষণীয় আৰু উল্লেখযোগ্য স্থানসমূহৰ অন্যতম। হাজো হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মৰ ত্রিবেণী সংগম হিচাপে পৰিচিত। হাজো পাহাৰৰ চূড়াত থকা দুখন ধর্মীয় উপসনালয়ৰ বাবে সবাতোকৈ বিখ্যাত। ইয়াৰে এখন হ’ল পোৱামক্কা, যিটো গৰুড়াচল পাহাৰৰ ওপৰত অৱস্থিত আৰু মুছলমানসকলৰ তীৰ্থকেন্দ্র। আনটো হ’ল মণিকুন্ত পাহাৰৰ ওপৰত থকা

হাজো – বিশ্বাস আৰু বিশ্বস্ততাৰ অপূৰ্ব সমন্বয় Read More »

ডিমা হাছাও

নগাঁও জিলাৰ বৰঘাট চাৰিআলিৰ (গোল চকুৰ পথ সংযোগ) পৰা লংকাৰ দিশত ১৬৫ কিল’মিটাৰ গাড়ী চলাই গ’লে পাবগৈ এসময়ত ডিমাচা- কছাৰী ৰাজ্যৰ ৰাজধানী মাই বাং (গুৱাহাটীৰ পৰা ২৯০ কিল’মিটাৰ)। ইয়াত শিলত কাটি উলিওৱা চালিৰ আকাৰৰ এবিধ জুপুৰি ষ্টল হাউছত পদাৰ্পণৰ লগে লগে আপুনি ৰাজকীয় ঐতিহ্যৰ অনুভূতি পাব। মাহুৰ নদীৰ পাৰত অৱস্থিত এক বিশাল গ্রেনাইট শিলাত সুন্দৰকৈ

ডিমা হাছাও Read More »

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসাধাৰণ সৌন্দৰ্যৰ সমাহাৰ

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন এনে এটা অভিজ্ঞতা, যি সমস্ত ইন্দ্ৰিয়ক জাগ্ৰত কৰে । তিনিচুকীয়াৰ পৰা ১২ কিল’মিটাৰ আৰু ডিব্ৰুগড়ৰ পৰা ৫০ কিল’মিটাৰ নিলগত আছে প্রকৃতিৰ এই ৰম্যভূমি। এই উদ্যান ৫০০ তকৈও অধিক পক্ষীৰ আদৰ্শ আৱাসস্থল। ইয়াক পক্ষীৰ স্বৰ্গ বোলা হয়। তৃণভূমিৰ পক্ষী ক’লা বুকুৰ পেৰটবিল, ছোৱাম্প ফ্রেংকোলিন, জাৰ্ডনছ বাবলাৰ আৰু বুশচ্যাট আদিৰ দৰে পক্ষীৰ উপৰি

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসাধাৰণ সৌন্দৰ্যৰ সমাহাৰ Read More »

দক্ষিণ কামৰূপ চৰাই আৰু ডলফিনৰ মাজত এটা দিন

বহু আকৰ্ষণীয় ঠাইৰ সমাহাৰেৰে দক্ষিণ কামৰূপ হৈছে এটা সম্পূৰ্ণ দিন স্ফুৰ্তিৰে পাৰ কৰা ঠাই ৷ গুৱাহাটীৰ পৰা ৪০ কিঃমিঃ যোৱাৰ পাছত অসমৰ পৰিৱেশতন্ত্ৰক সজীৱ কৰা অসংখ্য বিলৰ অন্যতম ৰামপুৰৰ ড’ৰা বিলত উপস্থিত হ’ব। ইয়াত অলপ টহল দিলে জলাশয় আৰু ঘাঁহনিত চৰাইবোৰ দেখি ইয়াৰ চহকী জীৱ-বৈচিত্র্যত বিলীন হ’বলৈ সহায় কৰে। গ্ৰীষ্মকালত হুইস্কাৰ্ড টাৰ্ন আৰু ফিজেণ্ট-টেইলড জাকানা

দক্ষিণ কামৰূপ চৰাই আৰু ডলফিনৰ মাজত এটা দিন Read More »

অসমৰ প্ৰখ্যাত শিখ গাঁওখন

আপুনি যদি গুৱাহাটীৰ পৰা কাজিৰঙা অভিমুখে আহে তেন্তে বাটতে অসমৰ প্রখ্যাত শিখ গাঁওখন চাই আহিব পাৰিব। গুৱাহাটীৰ পৰা ১০০ কিল’মিটাৰমান অহাৰ পিছত নগাঁও জিলাৰ ৰহাৰ সমীপতে ৰাষ্ট্ৰীয় পথৰ পৰা তিনি কিল’মিটাৰমান সোমাব লাগিব। ইয়াতেই পাব অসমৰ প্ৰখ্যাত শিখ গাঁওখন, যিখন চাপৰমুখ সিং গাঁও নামে জনাজাত । প্রায় দুশ বছৰ আগতে আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ আমন্ত্ৰণত

অসমৰ প্ৰখ্যাত শিখ গাঁওখন Read More »

গৌৰীপুৰ জীৱন মাথোঁ এটা যাত্রা

গুৱাহাটীৰ পৰা গৌৰীপুৰলৈ যোৱাৰ  সময়ত নিশ্চিতভাৱে গোৱালপৰীয়া লোকগীতৰ আনন্দ লওক। কিয়নো ২৬০ কিল’মিটাৰৰ এই যাত্ৰাছোৱাত ইয়াতকৈ ভাল সংগী আৰু নাপাব। এই লোকগীতবোৰে আপোনাক শিকাব কেনেকৈ জীৱন মাথোঁ এটা যাত্ৰা কেনেকৈ আপোনাৰ জন্ম হ’ল, নিৰ্মিত হৈছে আৰু গঢ় লৈ উঠিছে। ইয়াক প্রথম জনপ্রিয় কৰিছিল গোৱালপৰীয়া লোকসংগীতৰ সম্রাজ্ঞী পদ্মশ্রী প্রয়াত প্ৰতিমা বৰুৱা পাণ্ডেই। গদাধৰ নদীৰ পাৰত থকা

গৌৰীপুৰ জীৱন মাথোঁ এটা যাত্রা Read More »

আত্মাশুদ্ধিৰ বাবে ভ্রমণ

সমগ্ৰ বিশ্বতে এতিয়া আন একধৰণৰ ভ্ৰমণ জনপ্রিয় হ’বলৈ ধৰিছে। ইয়াক ‘ফার্ম  ষ্টেকেশ্যন’ বুলি কোৱা হয়। প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি, নান্দনিক পৰিৱেশত মন-আত্মা শান্ত কৰিবৰ বাবে এনে ভ্রমণ অতুলনীয়। এনে ভ্ৰমণত কোনোবাই সহজ জীৱনশৈলীৰ অভিজ্ঞতা লাভ কৰিব পাৰে। আন কোনোবাই শস্য উৎপাদনৰ সৈতে একাত্ম হ’ব পাৰে, মুঠতে প্ৰকৃতিৰ কোলাত দুটামান দিন কটাই এই বিৰল অভিজ্ঞতা লাভ

আত্মাশুদ্ধিৰ বাবে ভ্রমণ Read More »

নাৰায়ণপুৰ অসমৰ এৰাসুঁতি

অসমখন হ’ল বৈচিত্র্যময় ভ্রমণ স্থানসমূহৰ এক বৃহৎ ভাণ্ডাৰ । ইয়াৰ কিছুমান অল্পখ্যাত স্থানে আপোনাক ৰাজ্যখনৰ এৰাসুঁতিলৈ লৈ যাব পাৰে আৰু আপোনাৰ ইনষ্টাগ্রাম বা ফেচবুক একাউণ্টৰ বাবে দৃষ্টিনন্দন ফটোৰ এলবামো গঢ়িব পাৰে। এনেকুৱা এটা অঞ্চল হ’ল আধ্যাত্মিকতাৰে পৰিপূৰ্ণ নাৰায়ণপুৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ই অৱস্থিত । নাৰায়ণপুৰৰ পৰা ১২ কিল’মিটাৰ দূৰৈত আছে লেটেকুপুখুৰী ৷ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান

নাৰায়ণপুৰ অসমৰ এৰাসুঁতি Read More »

মনোৰম পদযাত্ৰা আৰু খনিকৰ পুথি

পথ ভ্রমণো আকর্ষণীয় হ’ব পাৰে।  যদি আপুনি এইটো অনুভৱ  কৰিব বিচাৰে, তেন্তে নগালেণ্ডৰ  ৰাজধানী কহিমালৈ কম ভ্ৰমণ কৰা  ধোদৰ আলি-খুমটাই পথেৰে যাত্ৰা যি কৰক। আহোম ৰজা গদাধৰ সিংহৰ  ৰাজত্বকালত ১৬৮৭ চনত ধোদ-বা  এলেহুৱা মানুহে নিৰ্মাণ কৰা  আলি(পথ)ৰ মাজেৰে গাড়ী চলাই গৈ  থাকোতে আপুনি এখন ৰসাল  সেউজীয়া গ্ৰাম্য অঞ্চলৰ সৌন্দৰ্য আৰু চহকী ইতিহাসৰ আভাস ল’ব পাৰিব

মনোৰম পদযাত্ৰা আৰু খনিকৰ পুথি Read More »