এসময়ৰ প্ৰাচীন কামৰূপৰ চৌপাশে আধুনিক গুগল মেপৰ সহায় নোলোৱাকৈ ভ্ৰমণ কৰাটো সঁচাই আমোদজনক। অজস্র প্রত্নতাত্ত্বিক সমলেৰে ধন্য এই প্রাচীন কামৰূপ এলেকাই আপোনাক এতিয়া মসৃণ আৰু সৰল পৰ্যটনৰ স্বাদ দিব। ইয়াত আপুনি স্থানীয় সংস্কৃতিৰ সৈতে পৰিচিত হৈ অজ্ঞাত পথত প্ৰতিটো মুহূৰ্তত শিহৰণ অনুভৱ কৰিব।
যাত্ৰাৰ পদ্ধতিটো নিচেই সহজ । গন্তব্যস্থলী খণ্ড খণ্ডকৈ নিৰ্বাচন কৰক, গাড়ীৰ পৰা নামক, কোনফালে যাব সোধক আৰু যাত্ৰাৰ প্ৰতিটো ছেকেণ্ড উপভোগ কৰক। গুৱাহাটীৰপৰা ৫০ কিল’মিটাৰ বাহিৰলৈ যাত্ৰা কৰাৰ পিছত কামৰূপ জিলাৰ ক্ষেত্ৰীৰ পৰা বেহবাৰীলৈ ১৪ কিল’মিটাৰ গ্রাম্য পথৰে যাত্ৰা কৰাৰ পিছত উপনীত হ’ব প্রত্নতাত্ত্বিক স্থান ভৈৰৱেশ্বৰী মন্দিৰত। কোনো লিপিবদ্ধ বুৰঞ্জী নাই যদিও জনশ্ৰুতি অনুসৰি মন্দিৰটো খ্ৰীষ্টিয় দশম অথবা একাদশ শতিকাত নির্মিত। বিশ্বাস কৰা হয় যে এসময়ত মন্দিৰটো পুঠিমাৰি নদীৰ উত্তৰ পাৰত আছিল। সময়ৰ সোঁতত নদীখনে সুঁতি সলোৱাত সৰসৰীয়া জানৰ দুয়ো দিশত ইয়াৰ ধ্বংসাৱশেষ সিঁচৰতি হৈ পৰিল। এতিয়া এই অঞ্চলটো অতি মনোমোহা। লগতে থকা পুখুৰীটোত জাক জাক থলুৱা আৰু পৰিভ্ৰমী পক্ষীৰ কলকলনিৰে সুৱগা চৰায়। আৰু আগবাঢ়ি ১৫ কিল’মিটাৰ গ’লে পাবগৈ পাৰি আন এক প্রত্নতাত্ত্বিক স্থান পিংগলেশ্বৰ। ইয়াত শিৱক পিংগলেশ্বৰ হিচাপে পূজা কৰা হয় । কথিত আছে শিৱই সতীৰ প্ৰাণহীন দেহাটো কান্ধত লৈ ভ্ৰমি ফুৰোঁতে সতীৰ পিংগলা অর্থাৎ আঁঠুৰ হালধীয়া অংশটো ইয়াতে পৰিছিল।
খ্রীষ্টীয় দশম-একাদশ শতিকাত নির্মিত এটা শৈল মন্দিৰৰ ভাস্কৰ্যই ইয়াৰ সাক্ষ্য দিয়ে। ইয়াত থকা মিউজিয়াম আৰু ভাস্কৰ্যৰ গেলাৰীয়ে অঞ্চলটোৰ গৌৰৱ বৃদ্ধি কৰিছে। মন্দিৰটো এসময়ত সমৃদ্ধিশালীভাৱে অলংকৃত আছিল আৰু ইয়াৰ অধিস্থানত খোদিত শিল্পকর্মই তাক প্ৰতিফলিত কৰিছে।
ব্ৰহ্মপুত্ৰ উপত্যকাত নিৰ্মিত বিখ্যাত আৰু সম্ভৱতঃ মধ্যযুগীয় সবাতোকৈ উন্নতমানৰ মন্দিৰ মদন- কামদেৱ প্রত্নতাত্ত্বিক স্থান ইয়াৰ পৰা মাত্র ১০ কিল’মিটাৰ নিলগতে আছে। ইয়াত দেখা পাব মহাজাগতিক বিৱৰ্তনত এটা পাহাৰত সিঁচৰতি হৈ থকা গ্রিফিন (অর্ধ ঈগল, অর্ধ সিংহ); অপেশ্বৰী, নৃত্যৰত পৰী আৰু দেৱ- দেৱীৰ ভাস্কৰ্য। এই স্থানত দেৱাল, স্তম্ভ, লিন্টেল, দুৱাৰৰ ফ্ৰেম, ৬টা মস্তকৰ ভৈৰৱ, ৪টা মস্তকৰ শিৱ, দানৱ আৰু সৰ্পৰ প্ৰতিমূৰ্তিৰ উপৰি পুৰুষ- মহিলাৰ বিভিন্ন সংগমৰত ভংগিমাৰ প্রতিমূর্তি খোদিত আছে। দশম-দ্বাদশ শতিকাত যেতিয়া পাল বংশই কামৰূপ শাসন কৰিছিল, তেতিয়াই এই মদন- কামদেৱৰ নাম কাম বা মদনৰ পৰা লোৱা হৈছিল। কোৱা হয় এই মদনক ক্রোধিত শিৱই ভস্ম কৰিছিল আৰু পিছত ভস্মৰ পৰা তেওঁৰ পুনৰ জনম হৈছিল।
অসমত পুৰাতাত্ত্বিক পৰ্যটন হৈছে ঐতিহাসিক স্থানসমূহৰ সংৰক্ষণৰ সহজ সমাধান।