গুৱাহাটীৰ পৰা গৌৰীপুৰলৈ যোৱাৰ সময়ত নিশ্চিতভাৱে গোৱালপৰীয়া লোকগীতৰ আনন্দ লওক। কিয়নো ২৬০ কিল’মিটাৰৰ এই যাত্ৰাছোৱাত ইয়াতকৈ ভাল সংগী আৰু নাপাব। এই লোকগীতবোৰে আপোনাক শিকাব কেনেকৈ জীৱন মাথোঁ এটা যাত্ৰা কেনেকৈ আপোনাৰ জন্ম হ’ল, নিৰ্মিত হৈছে আৰু গঢ় লৈ উঠিছে। ইয়াক প্রথম জনপ্রিয় কৰিছিল গোৱালপৰীয়া লোকসংগীতৰ সম্রাজ্ঞী পদ্মশ্রী প্রয়াত প্ৰতিমা বৰুৱা পাণ্ডেই। গদাধৰ নদীৰ পাৰত থকা গৌৰীপুৰত (পূৰ্বতে অবিভক্ত গোৱালপাৰা) জন্ম লোৱা প্ৰতিমা বৰুৱা পাণ্ডেই নিজৰ জন্মস্থানত আন দুগৰাকী বিশিষ্ট ব্যক্তিকো পাইছিল। এজন তেওঁৰ বৰদেউতাক কিংবদন্তি অভিনেতা প্রমথেশ চন্দ্ৰ বৰুৱা আৰু আনগৰাকী তেওঁৰ ভগ্নী হস্তীৰ ৰাণী পাৰ্বতি বৰুৱা৷
লাওখোৱা বিলেৰে আগুৰি থকা গৌৰীপুৰ ইতিহাসত বুৰ গৈ আছে। পশ্চিম অসমৰ এই সৰু নগৰখনৰ স্থপতি ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিল কলাৰ পৃষ্ঠপোষক। তেওঁ এই অঞ্চলৰ ৰজাঘৰীয়া জমিদাৰসকলক গৌৰীপুৰক সংগীত আৰু নাটকৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ গৌৰীপুৰৰ ৰাস্তাবোৰ এনেদৰে নিৰ্মাণ কৰাইছিল যে এইফালে পাৰ হৈ যোৱা প্রত্যেকজনেই ঐতিহাসিক নগৰখনৰ মাজেদি যাব লাগিব। ইয়াৰ উত্তৰ-পূব দিশত এটা পাহাৰৰ ওপৰত আছে মতিয়াবাগ মহল বা হাৱাখানা। ১৯১৪ চনত নিৰ্মিত এই ঐতিহাসিক ভৱনটো এটা প্রকৃত জীৱন্ত সংগ্ৰহালয় আৰু গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ বাসস্থান। ইয়াৰ পৰা ১৫ কিল’মিটাৰ নিলগত আছে দ্বিতীয় বিশ্বযুদ্ধৰ যুগৰ বিমানকোঠ ৰূপসী। ১৯৪৩ চনত নিৰ্মিত আৰু ৩৭বছৰ বিৰতিৰ পিছত এতিয়া পুনৰ কাৰ্যক্ষম হোৱা এই বিমানকোঠত আছে ১.৮ কিল’মিটাৰ দীঘল ৰানৱে’। দ্বিতীয় বিশ্বযুদ্ধত মিত্র শক্তিক অস্ত্র, জনশক্তি আৰু গোলা-বাৰুদ যোগানৰ অৰ্থে চাহ বাগিচাৰ ৩,০০০ বিঘা ভূমি লৈ এই বিমানকোঠ নিৰ্মাণ কৰা হৈছিল। আৰু শেষত নদীখনৰ সিপাৰে আছে টেৰাকোটা আৰু উন্নত কলাৰ সামগ্ৰীৰ বাবে বিখ্যাত গাঁও আশাৰিকান্দি ৷ মৃৎশিল্প আৰু টেৰাকোটা শিল্পকৰ্মৰ বাবে অতিশয় প্রয়োজনীয় এবিধ বিশেষ মাটি হীৰামাটি ইয়াতে পোৱা যায়। আশিৰাকান্দিত দক্ষতা, মাটি, জলবায়ু আৰু যুগ যুগ ধৰি চলি অহা পৰম্পৰা একত্রিত হৈ টেৰাকোটাৰ এটা সুকীয়া শৈলীৰ সৃষ্টি কৰিছে। এইটো আজি বিশ্ববিখ্যাত।
মাত্র ৭৫ কিল’মিটাৰ দুৰৈতে আছে কোচবিহাৰ প্রাসাদ। কোচ ৰজা নৃপেন্দ্ৰ নাৰায়ণে ১৮৮৭ চনতে ইউৰোপিয়ান শৈলীত এই মনোমোহা প্রাসাদ নির্মাণ কৰিছিল।