আপুনি যদি গুৱাহাটীৰ পৰা কাজিৰঙা অভিমুখে আহে তেন্তে বাটতে অসমৰ প্রখ্যাত শিখ গাঁওখন চাই আহিব পাৰিব। গুৱাহাটীৰ পৰা ১০০ কিল’মিটাৰমান অহাৰ পিছত নগাঁও জিলাৰ ৰহাৰ সমীপতে ৰাষ্ট্ৰীয় পথৰ পৰা তিনি কিল’মিটাৰমান সোমাব লাগিব। ইয়াতেই পাব অসমৰ প্ৰখ্যাত শিখ গাঁওখন, যিখন চাপৰমুখ সিং গাঁও নামে জনাজাত ।
প্রায় দুশ বছৰ আগতে আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ আমন্ত্ৰণত পঞ্জাবৰ পৰা অহা সৈন্যৰ পৰা অসমীয়া শিখ বংশৰ সূত্ৰপাত হোৱা ইয়াৰ বাসিন্দাসকলে বিশ্বাস কৰে যে তেওঁলোকৰ পূৰ্বপুৰুষসকলে হাদিৰাচকীৰ যুদ্ধত (১৮২০-১৮২২) মানৰ আক্ৰমণৰ পৰা অসমক ৰক্ষা কৰিছিল। বহুতে প্রাণ ত্যাগ কৰিলেও বাচি থকা সৈনিকসকল পুনৰ অসমত থাকি গৈছিল। তেওঁলোকে অসমীয়া মহিলাক বিয়া কৰাই থলুৱা সংস্কৃতিৰ লগত মিলি গৈছিল। আজিও তেওঁলোকে নিজৰ শিখ ৰূপ আৰু ধৰ্মীয় আচাৰ-ব্যৱহাৰ বজাই ৰখাৰ, সময়তো অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। পাঞ্জাবীক সম্পূর্ণ বাদ দি তেওঁলোকে মাতৃভাষাৰূপে অসমীয়া ভাষাক আঁকোৱালি লৈছে।
চাপৰমুখ সিং গাঁৱত আছে অসমীয়া শিখ বুৰঞ্জীৰ অপূৰ্ব নিদর্শন ‘গুৰুদ্বাৰা মাতাজী’। ১৮২০ চনত নিৰ্মিত এই গুৰুদ্ধাৰাত চাৰি ফুট দীঘল দুটা কামান আৰু যুদ্ধত নিহত হোৱা জেনেৰেল চৈতন্য সিঙৰ বিধৱা মাতাজীয়ে আনিছিল বুলি বিশ্বাস কৰা ঘেঁহুৰ চাকি আছে। বিশ্বাস কৰা হয় যে মাতাজী আৰু অন্যান্য জীৱিত সৈন্যই ব্ৰহ্মপুত্ৰত নাৱেৰে আগবাঢ়ি গৈছিল আৰু তাৰ পিছত কপিলী নদীৰে উজাই ওপৰলৈ গৈ চাপৰমুখৰ তিতাইমৰা সুঁতি আৰু তিনিখুঁটিৰ পাৰত বাস কৰিবলৈ লয়।
অসমীয়া শিখসকল সমগ্র মধ্য অসমত সিঁচৰতি হৈ আছে যদিও মূলতঃ এওঁলোক আছে চাপৰমুখত আৰু লগতে ইয়াৰ আশে- পাশে বৰকলা, হাতীপাৰা সিং গাঁও আৰু লংকাত। বৰকলাত চাৰিটা গুৰুদ্বাৰা থকাৰ বিপৰীতে হাতীপাৰা আৰু লংকা শিখ বস্তিত এটাকৈ গুৰুদ্বাৰা আছে। সম্প্ৰীতিৰ আদৰ্শস্বৰূপ এই গুৰদ্বাৰাসমূহৰ লংগাৰবোৰে বানপানীৰ সময়ত গাঁওবাসীক বিনামূলীয়াকৈ খাদ্য যোগান ধৰে। আতিথ্য আৰু সাদৰৰ বাবে এই সিং গাঁওবোৰৰ প্ৰেমত পৰাটো সহজ। ই অভিজ্ঞতাৰ এক অনন্য মিশ্ৰণৰ ভূমিও। কিয়নো কৃষি, বয়ন, ৰান্ধনীশাল আৰু এক আচৰিত জীৱনশৈলীৰ এয়া সমন্বয়থলী। সাধাৰণতে কম পৰ্যটকৰ আগমন হোৱা এই অঞ্চলত আপুনি বুজিব যে অসম কিয় বৈচিত্ৰ্যৰ মাজত ঐক্যৰ সমাহাৰ।