অসমৰ চাহ পর্যটন পাতৰ পৰা কাপলৈ যাত্রা

অসমত চাহ পর্যটন হৈছে মনোমোহা ঔপনিৱেশিক শৈলীৰ বাগিচাৰ বাংলোত জীবন অনুভব কৰা বা ইয়াব জালি কোঠাৰ পৰা সূর্যব ৰশ্মি উপভোগ কৰাতকৈও অধিক বেছি। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ দুয়োপাৰে লহপহকৈ বাঢ়ি অহা চাহ গছবোৰ জগতখনৰ গভীৰতা ডুব গৈ আছে ৷

চাহ পর্যটন হ’ল এক অভিজ্ঞতাভিত্তিক পর্যটন, যিটো বিশ্বজুৰি প্রচলিত এক ধাৰা। ঔপনিৱেশিক জীৱনশৈলীব অভিজ্ঞতা লাভ কৰাৰ উপৰি বালিপাৰাৰ আদাবাৰী, যোৰহাটৰ চাংচোৱা আৰু চিনামৰা ডিব্ৰুগড়ৰ মানকটাৰ দৰে ঐতিহ্যমণ্ডিত চাহ বাংলোত থকাৰ লগতে আপুনি জানিবলৈ ভাল পাব যে অসমত ব্রিটিছে চাহগছ আৱিষ্কাৰ কবি, ১৮৩৭ চনত কেনেকৈ প্রতিষ্ঠা কৰিলে বাণিজ্যিক চাহ বাগিচা। সময়ৰ লগে লগে কেনেকৈ পোৱা গ’ল যে দুটা ডাঙৰ চপোৱাৰ ভিতৰত ‘প্রথম ফ্লাছ’তকৈ ‘দ্বিতীয় ফ্লাছ’ বা টিপি চাহটোৱেই প্রাধান্য পায়। মিঠা, উচ্চমানৰ চাহৰ সৈতে আৰু তাৰ পিছত (কেনেকৈ অঞ্চলটোৰ চাহৰ সুকীয়া সোৱাদে গোটেই উদ্যোগটোক অনুপ্রাণিত আৰু বৃদ্ধি কৰিলে আৰু যিটো বর্তমান অসমৰ চৰকাৰী পানীয়।

ইয়াত প্রচুৰ বৰষুণ আৰু উচ্চ উষ্ণতাই কেনেকৈ তীব্র তাপ আৰু আর্দ্রতাৰ সেউজগৃহৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া বুজাটোৱেই- আপোনাৰ বাবে সেই চহকী চাহ কাপটোৰ গুৰুত্ব বৃদ্ধি পায়। চাহৰ বাবে দুটা সুক্ষ্ম পাত আৰু এটা কলি নিপুণভাবে ছিঙি লোৱি চাহ ছিঙিব পৰা লোকসকলৰ দক্ষতাত দর্শকে আচৰিত হ’ব পাৰে আৰু ছাঁযুক্ত গছবোৰে কেনেকৈ ছাতিৰ কাম কৰি চাহপাতক ৰ’দত পোৰাৰ পৰা ৰক্ষা কৰে সেই বিষয়ে জানিব পাৰে। ইয়াৰ উপৰি ১৯৩১ চনত শিৱসাগৰৰ আমগুৰি চাহ বাগিচাত চি টি চি (ক্রাছ, টিয়াৰ, কার্ল) মেচিনৰ প্রৱর্তনে পূর্বতে গতানুগতিক আৰু হাতেৰে নির্মিত চাহ উৎপাদনত কেনেদৰে বৈপ্লৱিক পৰিবর্তন আনিলে সেই বিষয়েও তেওঁলোকে অন্বেষণ কৰিব পাৰে।

এতিয়া চাহ ভ্রমণ এটা ৰোমাঞ্চকৰ অভিজ্ঞতা। কাজিৰঙাৰ ওচৰৰ আইকনিক হাতীখুলি চাহ বাগিচাখন বা তেনেকৈ গুৱাহাটীৰ পৰা প্রায় ৩০ কিল’মিটাৰ দুৰৈৰ ডিগাৰৰ ওচৰৰ চিত্রময় আমচোং চাহ বাগিচাখনো হ’ব পাৰে আপোনাৰ অভিজ্ঞতাৰ সাৰথি। আৰু, আপুনি চাহ বাংলোত নাথাকিলেও ল’ব পাৰে এই ভ্রমণৰ হিয়া চুই যোৱা অভিজ্ঞতা। ইয়াত আপুনি পাব চাহ প্রস্তুতৰ আভাস — বাৰীব পৰা শুকাই যোবা ঘৰবোৰলৈ সেউজীয়া পাত আহি, ৰুলিং ৰূমৰ মাজেৰে পাৰ হৈ সেক লোৱাৰ প্ৰক্ৰিয়া আৰু শেষত কাটিবলগীয়া ছৰ্টিং ৰূমলৈ যোৱা, গ্রেড কৰা আৰু বিক্রী বা নিলামৰ বাবে পেক কৰাৰ বিচিত্র অভিজ্ঞতা।

ইয়াৰ উপৰি বিশেষ চাহৰ সোৱাদ লোৱাৰ অভিজ্ঞতাও আছে। চাহৰ সোৱাদ লোৱাটো এটা সুক্ষ্ম কলা, ঠিক উচ্চস্তৰৰ মদ বিবেচনা কৰাৰ দৰেই, আৰু সেয়ে ইয়াক বহুলাংশে বিশেষজ্ঞসকলৰ ওপৰত এৰি দিয়া হয়। আৰু যেতিয়া বিশেষজ্ঞ টেস্টাৰসকলে টেস্টিং প্রক্রিয়াৰ মাজেৰে নির্দেশনা দিয়ে, আপোনাৰো হ’ব পাবে এক ৰোমাঞ্চকৰ যাত্রা। এইদৰে কাস্টমাইজড কার্যকলাপ, অনন্য বাসস্থান, নিমজ্জিত যাত্রাৰ সৈতে চাহ এটা সম্পূর্ণ অভিজ্ঞতা। গুৱাহাটী চাহ নিলাম কেন্দ্রৰ চাহ লাউঞ্জ ভ্রমণ আৰু এশ বছৰৰো অধিক পুৰণি ঐতিহাসিক চাহ ক্লাব (যদিও স্থানীয় ট্যুৰ অপাৰেটৰৰ বিশেষ অনুমতিৰ ব্যৱস্থাৰ প্রয়োজন) যোৰহাট জিমখানা ক্লাব (১৮৭৬), ডিব্রুগড় আৰু জিলা প্লান্টার্ছত পিট স্টপ ক্লাব (১৮৭৮), মিছা প’ল’ ক্লাব (১৮৮৮) আৰু বহুতো—আপোনাৰ অভিজ্ঞতাকহে উন্নীত কৰিব। জীৱন, প্রেম, অতীতৰ যুগৰ হাঁহিৰ কাহিনী ধৰি ৰখা এই ক্লাববোৰ হৈছে সমগ্র বিশ্বতে বিখ্যাত চাহ ঐতিহ্যৰ সম্পদ।

Leave a Comment

Your email address will not be published. Required fields are marked *

× Get in touch with me!