অসমৰ ৰন্ধন পৰ্যটন

অসমত প্রতিটো আহাৰেই একো একোটা কাহিনী কয়। এই মনোমোহা অঞ্চলটোৰ মাজেৰে বিচৰণ কৰি থাকোঁতে এই বিবিধ আহাৰে আপোনাক ইয়াৰ সাংস্কৃতিক হৃদয়ৰ গভীৰতালৈ লৈ যাব। সজীৱ চহৰ গুৱাহাটীত ৰাজ্যৰ আন আন চহৰৰ দৰে অসংখ্য জনগোষ্ঠীয় বেষ্টুৰেণ্ট আছে, য’ত আপুনি অসমীয়া খাদ্যৰ প্ৰামাণিক সোৱাদত নিজকে বিলীন কৰি ল’ব পাৰে। কাজি নেমুৰ (অসমীয়া নেমু) টুকুৰা এটা চেপি সেউজীয়া শাকৰ পৰা মচুৰ দাইললৈকে সকলোকে সামৰি লোৱা ছবিখন কল্পনা কৰক। আৰু শাক-পাচলিৰ মিশ্রণ (ভাজি), মাছৰ দৰে প্ৰ’টিন সম্বন্ধে খাদ্য, মাটন, চিকেন, হাঁহ, গাহৰিৰ মাংস আৰু বহুতো ব্যঞ্জনেৰে আনন্দ ল’ব পাৰে। সকলো মাংস যদিও প্রতিটো খাদ্যতে বৈশিষ্ট্যযুক্ত নহয়; কিন্তু পৰম্পৰাগত ভোজনত সাধাৰণতে খাৰ, এক সুস্বাদু আনন্দ আৰু হজম  শক্তি বৃদ্ধিত সহায়ক হোৱাকৈ মূল অসমীয়া খাদ্যৰ অংশ হিচাপে পৰিৱেশন কৰা হয় আৰু টেঙাৰ সৈতে সামৰণি পৰে (মাছপ্রেমীৰ বাবে মাছৰ টেঙাটো সঠিক হ’ব)। 

এই জনগোষ্ঠীয় ৰেষ্টুৰেণ্টবোৰত ভৰি দিলে আপুনি আহোম, বড়ো, কার্বি, মিচিং, ৰাভা, চিংফৌ আদিৰ ৰন্ধন পৰম্পৰাৰ সোৱাদ ল’ব পাৰে। প্ৰতিটো সম্প্রদায়ে অসমীয়া খাদ্যৰ লগত নিজস্ব সুকীয়া ভাৱ সংযোজন কৰে। প্ৰতিটো সম্প্ৰদায়ৰ কিছুমান সাধাৰণ উপাদান আছে যেনে শুকান আৰু পিহি লোৱা মাছ, ৰেচমৰ পলু, শামুক আদি তেওঁলোকৰ স্বকীয় পচন্দক উজ্জ্বল কৰি নিজৰ খাদ্য ৰান্ধে। 

নিৰামিষভোজীসকলেও অঞ্চলটোৰ চহকী উদ্ভিদভিত্তিক খাদ্য উপভোগ কৰাৰ প্ৰচুৰ পৰম্পৰাগত বিকল্প বিচাৰি পাব। কোৱা বাহুল্য যে ৰাভা ব্যঞ্জন অসমীয়া খাদ্যত ঔষধি গুণ থকা পুষ্টিকৰ খাদ্যৰ চহকী মিশ্রণ আছে যিয়ে, ৰুচিবোধৰ লগতে পাচনতন্ত্রক শান্ত কৰে।

অসমীয়া খাদ্যৰ সাৰৰ্মৰ্ম নিহিত হৈ আছে সুগন্ধি বনৌষধিৰ ব্যৱহাৰত, যিয়ে প্রতিটো ব্যঞ্জনক নতুন উচ্চতালৈ উন্নীত কৰে। উদাহৰণস্বৰূপে মানধনিয়াকে লওক, যিয়ে নিজৰ স্পন্দনশীল সুগন্ধই মচুৰ দাইলৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। ঔটেঙাই দাইলক টেঙা টুইষ্ট দিয়ে, আনহাতে ঢেঁকীয়া শাক কণীৰ সৈতে মিহলি কৰিলে সুস্বাদু ষ্টাৰ-ফ্ৰালৈ ৰূপান্তৰিত হয়। এই বনৌষধি আৰু শাক-পাচলিবোৰ উপাদানতকৈও বেছি তেওঁলোক অসমীয়া ৰন্ধন পৰম্পৰাৰ হৃদয় আৰু আত্মা।

অসমৰ ৰন্ধন পর্যটন যে বিকশিত হৈ উঠিছে সেয়া কোনো আচৰিত কথা নহয়। ইণ্ডিয়ান ইনষ্টিটিউট অব্ এণ্টাৰপ্রিনিউৰশ্বিপৰ (আই আই ই) দৰে প্রতিষ্ঠানে এতিয়া হোমষ্টে’ৰ মালিকসকলৰ বাবে বিশেষ প্রশিক্ষণ আগবঢ়াইছে। তেওঁলোকক প্রামাণিক থলুৱা খাদ্য প্রদান কৰিবলৈ উৎসাহিত

কৰি তুলিছে। অসমৰ এটা হোমষ্টে’ত থাকিলে আপুনি এটা স্মৰণীয় অভিজ্ঞতা পাব পাৰে। পৰম্পৰাগত কাঁহৰ কাঁহীত পৰিৱেশনৰ যি অভিজ্ঞতা, সেয়া কেৱল সোৱাদ বৃদ্ধি কৰাই নহয়, সুস্থতাতো অৰিহণা যোগায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

× Get in touch with me!