উজনি অসমৰ সৰুচহৰ আৰু গোলাঘাট

কাজিৰঙাৰ বন্য প্রাণীৰ জগতৰ পৰা আৰু আগবাঢ়ি যাত্রা কৰক, নতুন নতুন আৱিষ্কাৰত আপুনি বিস্ময়াভিভূত হৈ পৰিব। প্ৰথমে মাত্র ৩০ কিল’মিটাৰ দূৰৈত পাব বোকাখাত। ইয়াতে পাব এখন গৃহস্থীসহ কুৰুৱাবাহী সত্ৰ। এই সত্ৰ সাধাৰণতে দেখা পোৱা কেৱলীয়া ভকতৰ পৰিৱৰ্তে গৃহস্থী ভকতৰে সমৃদ্ধ। ইয়াৰ সজীৱ পৰিৱেশ আপোনাৰ যাত্ৰাপথত এনে এটা সুৰ দিব, যি আপোনাক এখন প্রত্নতাত্ত্বিক স্থান আৰু অতীতৰ সোৱাদত ডুব যোৱা এখন নগৰলৈ লৈ যাব।

বোকাখাতৰ পৰা ৮ কিল’মিটাৰ দূৰৈত আছে নুমলীগড়। এই অঞ্চল বিখ্যাত তেল শোধনাগাৰৰ বাবে আৰু লগতে দেওপাহাৰৰ ওপৰত থকা প্ৰত্নতাত্ত্বিক স্থানৰ বাবে। অসমত সিঁচৰতি হৈ থকা প্রায় ৩৫০ খন প্রত্নতাত্ত্বিক স্থানৰ ভিতৰত আটাইতকৈ আকর্ষণীয় তালিকাত স্থান পোৱা এই স্থানত আছিল। ১১-১২ শতিকাতে নির্মিত প্রাচীন শিৱ মন্দিৰ। প্ৰায় ২৩০টা ঢাপ বগাব লগা ছিৰিত প্ৰতিটো খোজেই উচল হ’ব, যেতিয়া দেখা পাব ৰামায়ণ, মহাভাৰত আৰু ভাগৱত পুৰাণৰ কাহিনী বর্ণিত-খোদিত শিলৰ গৰ্ভগৃহৰ ফলকবোৰ। ইয়াৰ স্থাপত্য শৈলী একেবাৰে থলুৱা আৰু লগতে অলংকাৰ তথা চিত্ৰসমূহ ভাৰতীয় কলাত দুর্লভ। ইয়াৰ প্ৰতিটো ভাস্কর্যই বিশেষকৈ হাতত পদুমৰ কলি থকা অপৰাৰ অপ্সৰাৰ ভাস্কৰ্যসমূহ প্ৰাকৃতিকভাবে সজীৱ আৰু মনোমোহা।

আৰু যদি আগবাঢ়ি যায় প্রায় ৩০ কিল’মিটাৰ, তেন্তে পাবগৈ পুৰণি দিনৰ স্মৃতি বিজড়িত অসমৰ নগৰ গোলাঘাট। ইয়াত নিশ্চয়কৈ চাব ১৯৩০ চনতে স্থাপন কৰা ডিপার্টমেন্টেল ষ্ট’ৰ ‘কেলী কোমাৰ ডছ কো প্রাইভেট লিমিটেড’ আৰু চাব অসমৰ এখন পুৰণি সমাধি ক্ষেত্র গোলাঘাট ব্ৰিটিছ চিমেটৰি। ১৮৭৬ চনতে স্থাপিত এই সমাধি ক্ষেত্ৰত ২৮ জন ব্ৰিটিছ চাহ বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ সমাধি আছে। অৱশ্যে নিঃসন্দেহে গোলাঘাটৰ মুকুটৰ মণিটো হ’ল ‘আংকল ৰবিনছ নেচাৰেল হিষ্টৰী মিউজিয়াম ফৰ চিলড্রেন’। বুধবাৰে বন্ধ থকা এই সংগ্ৰাহালয় হ’ল সমগ্ৰ বিশ্বৰ পৰা সংগ্ৰহ কৰা শিল্পকর্ম, পুতলা, প্ৰকৃতিৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰৰ ভঁৰাল তথা কৌতূহলীসকলৰ বাবে সম্পদৰ ভঁৰালঘৰ। প্রয়াত পদ্মশ্ৰী ৰবীন বেনাৰ্জীৰ চিনেমা “কাজিৰঙা’ ১৯৬১ চনত প্ৰথমবাৰ বাৰ্লিনৰ টিভিত সম্প্ৰচাৰ হৈছিল, আৰু ইয়েই কাজিৰঙাক বিশ্বৰ পৰ্যটন মানচিত্ৰত স্থান দিয়ে। 

পৰ্যটনৰ বিকাশত মনোনিবেশ কৰাৰ সময়ত আমি আশা কৰিব পাৰো যে অল্পখ্যাত, পর্যটন ক্ষেত্ৰসমূহে সূৰ্য্যৰ তলত তেওঁলোকৰ উচিত স্থান লাভ কৰিব। 

Leave a Comment

Your email address will not be published. Required fields are marked *