গুৱাহাটীৰ পৰা মাত্র ১০০ কিল’মিটাৰ নিলগত পশ্চিম কাৰ্বি আংলং জিলাত দেখা পাব অসমৰ বাঁহ প্ৰদেশৰূপে খ্যাত আমচাই উপত্যকা। আদিবাসী তিৱা জনগোষ্ঠীৰ লোকসকলৰ গাঁৱেৰে ভৰপূৰ এই অঞ্চল হ’ল নৈসর্গিক সৌন্দৰ্যৰ ভাণ্ডাৰ। ইয়াত গ্ৰাম্য জীৱনৰ প্ৰতিটো ঢাপতে বাঁহৰ আধিপত্য দেখা পাব— একেবাৰে পথৰ দুয়োকাষৰ জোপোহাৰ পৰা ঘৰৰ বেৰ আৰু জপনা পর্যন্ত। ‘কষ্টকৰ পথে শ্ৰেষ্ঠ স্থানৰ সন্ধান দিয়ে’ বুলি প্ৰচলিত উক্তিটোৰ প্ৰকৃত উদাহৰণ অৱশ্যে আমচাইলৈ যাওঁতে অনুভৱ কৰিব। যাত্ৰা পথৰ অন্তিম ৩৫ কিল’মিটাৰৰ ভিতৰত ৬ কিল’মিটাৰমান বৰ কষ্টকৰ পথ। কিন্তু যেতিয়া গৈ বিচিত্ৰ গাঁওবোৰ দেখিব যাত্রা পথৰ সকলো ক্লান্তি দূৰ হৈ যাব।
বাসিন্দাসকলৰ বাঁহৰ ঘৰৰ বেৰবোৰ আৰু জপনাবোৰ অপূৰ্ব শিল্পকৰ্মৰ নিদৰ্শন। এইবোৰে পুনৰ ব্যৱহাৰযোগ্য কেঁচামালৰ উপযোগী সম্ভাবনীয়তাক নান্দনিক ৰূপত ফুটাই তুলিছে। প্ৰতিটো তিৱা ঘৰতে থকা ‘লংড়া’ নামৰ জপনাবোৰ হ’ল অতিথিৰ আগমনত স্বয়ংক্রিয় শব্দৰ কৌশলৰে সমৃদ্ধ। কাৰণ এই বোৰ খোলাৰ লগে লগে উকি মৰাৰ দৰে শব্দ হয়। আশ্চর্যজনকভাৱে এই জনগোষ্ঠীসকলে আজিও পশুধন বা ট্ৰেক্টৰ ব্যৱহাৰ নকৰাকৈ খেতি কৰে। জীৱিকাৰ বাবে এওঁলোকে মূলতঃ ধান, আদা আৰু অন্যান্য শস্যৰ লগতে ঝাড়ুৰ খেতি কৰে।
পার্বত্য তিৱাসকল হ’ল সৰল, মৃদুভাষী, অতিশয় ভদ্র মানুহ। এওঁলোকৰ কিছুমান চমৎকাৰ পৰম্পৰা ৰন্ধনৰ স্বভাৱ আছে, যিটো নিজেই এটা অভিজ্ঞতা। আনহাতে, শিকদামাখা গাঁৱত আন এক বৈচিত্র্য আছে। ইয়াত অভ্যাগতভাৱে সপ্তাহত দুবাৰ পথসমূহ ঝাড়ু মাৰি পৰিষ্কাৰ কৰে। ফলত চাফ- চিকুণতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উপ-সুচাংকৰ সৰ্বাধিক পইণ্ট অর্জন কৰিছে।
সমীপৰ গাঁও বৰমাৰজং আৰু আমচাইয়ো অন্যতম চাবলগীয়া স্থান। ইয়াত পূৰ্বপুৰুষৰ উপাসনা কৰা হয়। বৰমাৰজং অন্যতম বৃহৎ আৰু পুৰণি গাঁও। এই গাঁও প্ৰথমে পাহাৰৰ ওপৰত আছিল যদিও দুটা শতিকা পূর্বে ইয়ালৈ স্থানান্তৰিত কৰা হয়। এই গাঁৱক লৈ অনেক কাহিনী, লোক কথা আছে আৰু ইয়াৰ চাৰিওফালে প্রায় ২০০০ শিলাৰ শিলাস্তম্ভ আছে। আনহাতে, প্রতি মার্চ মাহত আমচাই ৰ পিলুনগনৰ এটা সৰু টিলাৰ ওপৰত এটা শিলাস্তম্ভ স্থাপন কৰা হয় আৰু ইয়াত ফিদ্ৰি চোংখাং নামৰ এটা অনুষ্ঠান আয়োজন কৰি পূৰ্বপুৰুষৰ আত্মাৰ বাবে প্ৰাৰ্থনা কৰা হয়।
এই উপত্যকাটো এতিয়া অসমৰ অন্যতম শীর্ষস্থানীয় গ্রামীণ পর্যটন কেন্দ্র হৈ উঠিবলৈ ধৰিছে। এই উপত্যকা একাধিক উৎসৱৰ থলী আৰু ট্রেকিং, হাইকিং, চাইকেল চালনাৰ লগতে পক্ষী পৰ্যবেক্ষণৰ উপযুক্ত স্থান।