গুৱাহাটীৰ পৰা মাত্র ৩৫ কিল’মিটাৰ দূৰত্বত অৱস্থিত সোণাপুৰ বিনোদনমূলক কাৰ্যকলাপৰ সৈতে খাদ্যৰসিকৰ বাবে এক জনপ্রিয় স্থান। অসমত বসবাস কৰা বহুতো তিব্বতী-বর্মান জনজাতিৰ ভিতৰত অন্যতম সংখ্যাগৰিষ্ঠ আৰু সমজাতীয় কাৰ্বিসকলৰ বসতি প্রধান এই অঞ্চল বড়ো, তিৱা আৰু আন বহুতো জনগোষ্ঠীৰো বাসস্থান। ইয়াৰ পৰা বুজা যায় যে ই বৈচিত্র্যময় সংস্কৃতিৰ সমন্বয়ৰ ভূমি l
পাহাৰৰ মাজত লুকাই থকা তথা সোণাপুৰ মহাবিদ্যালয়ে দত্তক গ্রহণ কৰা এখন বিচিত্ৰ সৰু কাৰ্বি প্ৰধান গাঁও হ’ল দিকচক। সোণাপুৰত আৱিষ্কাৰ হ’বলৈ অপেক্ষা কৰি থকা বহুতো ৰত্নৰ ভিতৰত ই অন্যতম। ৩৭ নং ৰাষ্ট্ৰীয়, ঘাইপথৰ পৰা মাত্র ১.৫ কিল’মিটাৰ দূৰত্বত অৱস্থিত এই ঠাইখনলৈ সেউজ বনাঞ্চলৰে ভৰা পাহাৰ আৰু ৰসাল ধাননি পথাৰৰ মাজত এখন গাঁৱৰ শান্ত দৃশ্যই আদৰণি জনায়। চহৰৰ হুলস্থুলৰ পৰা নিমিষতে ইয়াত এজনক লৈ যোৱা হয় কোলাহলমুক্ত গ্ৰাম্য জীৱনলৈ। মৌখিক আখ্যানে ইংগিত দিয়ে যে দিকচক এসময়ত বে-হান্সি গাঁও নামেৰে জনাজাত আছিল। কাৰণ ইয়াত বে- হান্সি বা কাৰ্বি জনগোষ্ঠীৰ কাথাৰ বংশৰ আধিপত্য আছিল। মাত্ৰ কেইকিল’মিটাৰমান দূৰত অৱস্থিত বহুতো আকর্ষণীয় টেকিং পথৰ বাবে গাঁওখন এক আদৰ্শ আৰম্ভণি স্থান। এই ট্ৰেকবোৰ বেছিভাগেই কোমল আৰু শিশু থকা পৰিয়ালৰ বাবেও কিছুমান অনুকূল (৭ বছৰৰ ওপৰৰ হ’লে ভাল)। এই ট্রেকিং পথবোৰত কমলা বাগিচা, জলপ্রপাত, কোবাল নৈ, ঘন জংঘল, চাহ বাগিচা আৰু সৰু সৰু গাঁওবোৰৰ মাজেৰে যায়, যিয়ে অসমৰ জনজাতীয় গাঁওবোৰৰ আভাস দিয়ে। আমচাং বন্য প্রাণী অভয়াৰণ্যৰ ওচৰত অৱস্থিত বাবে চৰাই চোৱাৰ বাবেও ই উপযুক্ত। আমোদজনক কথাটো হ’ল গাঁওখন চাফা কৰিবলৈ গ্ৰাম্য সমাজে এসপ্তাহত এটা দিন ঠিক কৰে। বাঁহৰ চুঙাত প্ৰস্তুত কৰা মুখৰ পানী ওলোৱা পৰম্পৰাগত তথা প্ৰকৃত আতিথ্যৰে পৰিৱেশন কৰা খাদ্যই গাঁওখনত প্ৰকৃতিৰ মাজত কটোৱা দিনটোৰ মধুৰতা বৃদ্ধি কৰে l বয়ন আৰু বাঁহ-বেতৰ শিল্পত পাকৈত প্ৰায় প্ৰতিটো ঘৰতে, কোনোবা নহয় কোনোবা শিল্পৰ সাধক । সম্প্রদায়টোৱে এতিয়াও যুগ যুগ ধৰি চলি অহা নিজা ৰীতি-নীতি আৰু পৰম্পৰাগত খেলা-ধূলা, নৃত্য-গীত, উৎসৱ আৰু খাদ্যসম্ভাৰক ধৰি ৰাখিছে। পৰ্যটনৰ জৰিয়তে পৰিৱেশ আৰু সংস্কৃতি সংৰক্ষণৰ বাবে আগবাঢ়ি অহা উৎসাহী যুৱক- যুৱতীৰ দল এটাই আগ্ৰহীসকলৰ বাবে কাৰ্বি সংস্কৃতিৰ দিশসমূহ প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰে।