ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিং নদীৰ মাজৰ বৃহৎ ভূ-খণ্ড মাজুলী এসময়ত বন্যপ্রাণীৰ নির্জন অভয়াৰণ্য আছিল। অধ্যাপক ডম্বৰুধৰ নাথে কোৱাৰ দৰে মাজুলী দ্বীপত ‘মূলসুঁতিৰ সমাজৰ সৈতে সীমিত যোগাযোগ আছিল, বহু বাসিন্দাই কেতিয়াও ব্রহ্মপুত্রৰ সিপাৰে খোজ দিয়া নাছিল। বৈষ্ণৱ সমাজ সংস্কাৰক মহাপুৰুষ শংকৰদেৱে ১৫-১৬ শতিকাত বেলগুৰি ধুৱাহাটত এখন সত্র প্রতিষ্ঠা কৰাৰ লগে লগে এই কথা সলনি হয়। সময়ৰ লগে লগে মঠ-মন্দিৰ স্থাপন কৰা হ’ল আৰু আহোম ৰজাই এই দ্বীপটোক বৈষ্ণৱ প্ৰচাৰকসকলৰ বাসস্থান হিচাপে আখ্যা দিয়ে।
‘এটকা মহন্তৰ থান’ নামেৰে অভিহিত ‘বৈষ্ণৱ ধৰ্মৰ ভেটিকান’ মাজুলী সত্ৰৰ ভূমি। ইয়াৰ উপৰি ই পৰিৱেশ্য কলাৰ কেন্দ্রবিন্দু- শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত-নৃত্য, গায়ন-বায়নৰ (ভাওনাৰ অবিচ্ছেদ্য) পৰা আৰম্ভ কৰি ২০০০ চনত ভাৰতৰ শাস্ত্রীয় নৃত্য হিচাপে স্বীকৃতি পোৱা সত্ৰীয়া নৃত্যলৈকে বর্ণাঢ্য সংস্কৃতিৰ বিচৰণভূমি। শ্রীমন্ত শংকৰদেৱে কল্পনা কৰা ধৰণে প্রতিখন সত্রই এজন সত্ৰাধিকাৰৰ নির্দেশনাত কলাত্মক পৰম্পৰা আৰু আধ্যাত্মিকতাৰ এক সজীৱ ভঁৰাল হিচাপে কাম কৰে। প্রাচীন আশ্ৰমৰ দৰে এই মঠ সত্ৰসমূহৰ আছে এটা সুকীয়া ভূখণ্ডৰ সীমা। এটা সামুহিক প্রার্থনা হলৰ চাৰিওফালে এটা গাঁথনিগত প্রতিষ্ঠান আছে, ইয়াৰ উপৰি বাসিন্দাৰ বাবে ‘বহা’ নামেৰে এলানি ঘৰ য’ত ভকত (ভক্ত) আৰু শিষ্যৰে আগুৰি থাকে।
আজিও মাজুলীত পৰম্পৰা আৰু যুগ যুগ ধৰি চলি অহা সংস্কৃতিৰে স্পন্দন ঘটিছে। আউনীআটী, দক্ষিণপাট, গড় মূৰ, কমলাবাৰী, চামগুৰি, বেঙেনাআটী সত্রত যেন সময় থিয় হৈ আছে। খোজকাঢ়ি, চাইকেল বা গাড়ীৰে মাজুলীৰ গাঁওবোৰ অন্বেষণ কৰিলে আপুনি লেহেমীয়া পর্যটনৰ আশ্চৰ্য আৰু দ্বীপবাসীৰ আতিথ্যৰ শলাগ লয়। অসমৰ একমাত্র নদীৰ পাৰৰ সমাজ মিচিঙৰ হস্ততাঁত আৰু হস্তশিল্পৰ ভাণ্ডাৰ আৱিষ্কাৰ কৰাটো আন কোনো দুঃসাহসিক অভিযানৰ দৰে। তেনেকৈ সত্রীয়া নৃত্য, মুখা আৰু মৃৎশিল্প নির্মাণ আৰু মাটি আখৰাৰ দৰ্শনো দৃষ্টিনন্দন হ’ব পাৰে।
গতিকে, দ্বীপটোত দুৰাতি বা তিনিদিন কটাব; আৰু যদিহে আপোনাৰ সময়সূচীয়ে অনুমতি দিয়ে কমলাবাৰীৰ (মাজুলী) পৰা ৩৫ কিল’মিটাৰ দূৰৈৰ পানীখাইতীত থকা শিলগুৰি থান বৰনামঘৰলৈ যাওক। ই এনে এটা পৱিত্র স্থান যিয়ে প্রান্তৰৰ পৰা পূজনীয় আধ্যাত্মিক ভূমিলৈ পৰিৱৰ্তনৰ কথা উন্মোচন কৰে। আপুনি বিশ্বাসী হওক বা নহওক, এই গন্তব্যস্থানে আপোনাক অঞ্চলটোৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐশ্বৰ্যৰ মনোমোহা অন্তর্দৃষ্টি প্রদান কৰিব। বিশ্বাসৰ গভীৰ শক্তিৰ জীৱন্ত প্রমাণ পানীখাইতী। মাজুলী এক অবিস্মৰণীয় যাত্রা; আপুনি নিশ্চয় আৰু অধিক জানিবলৈ উভতি আহিব।