উত্তৰ গুৱাহাটীৰ প্ৰতিটো কোণতে বুৰঞ্জী বিচাৰি পোৱা যায়। গুৱাহাটীৰ পৰা ২৫ কিল’মিটাৰ দূৰৈত অৱস্থিত তথা এসময়ত দুর্জয়া নামে জনাজাত এই অঞ্চল হ’ল প্ৰাচীন কামৰূপৰ ৰাজধানী।পূৱ দিশত ব্ৰহ্মপুত্র নদীখন পাৰ হৈ যোৱাৰ বাবে ইয়াক ৰাজ-দুৱাৰ বা ৰজাৰ দুৱাৰ বুলিও কোৱা হয়। উত্তৰ গুৱাহাটীত থকা একাধিক স্থাপত্যৰ অৱস্থিতি শিলালিপিবোৰ হ’ল আমাৰ প্রাচীন ঐতিহ্য আৰু সভ্যতাৰ জ্বলন্ত নিদর্শন। তদুপৰি ইয়াত আছে একাধিক বিখ্যাত মন্দিৰ। যেনে— দীর্ঘেশ্বৰী, দৌল- গোবিন্দ, কুর্মা-জনার্দন, অশ্বক্লান্তা, ৰুদ্ৰেশ্বৰ আৰু মণিকৰ্ণেশ্বৰ।
কোৱা হয় দীর্ঘেশ্বৰীলৈ নোযোৱালৈকে শক্তিপীঠ কামাখ্যা মন্দিৰৰ প্ৰাৰ্থনা আধৰুৱা হৈ ৰয়। ১৬ শতিকাৰ মধ্য ভাগত আহোম স্বৰ্গদেউ শিৱসিংহই বৰ্তমান ৰূপৰ দীৰ্ঘেশ্বৰী মন্দিৰটো নিৰ্মাণ কৰাইছিল। মন্দিৰৰ চৌহদটো পাহাৰৰ এটা ঢালত বিস্তৃত আৰু মন্দিৰৰ প্ৰৱেশদ্বাৰত ভগৱান গণেশৰ মূৰ্তিকে ধৰি শিল খোদাই কৰি একাধিক ভাস্কর্য নিৰ্মাণ কৰা হৈছে। এই মন্দিৰ অসমৰ বৃহত্তম মন্দিৰ বুলি বিশ্বাস কৰা হয়। স্বৰ্গদেউ শিৱসিংহই ১৭২০ খ্রীষ্টাব্দত অশ্বক্লান্তা মন্দিৰ নিৰ্মাণ কৰিছিল বুলি কোৱা হয়। হিন্দু পৌৰাণিক কাহিনী অনুসৰি ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰৰ সন্ধান কৰি থাকোঁতে ইয়াতে ঘোঁৰাবোৰক জিৰণি ল’বলৈ দিছিল। খ্ৰীষ্টিয় ১১-১২ শতিকাৰ ভাস্কৰ্য আৰু শিলালিপি অশ্বক্লান্তাত গৌৰৱেৰে থিয় হৈ আছে।


আন এটা প্রাচীন ইটাৰে নিৰ্মিত মন্দিৰ হ’ল মণিকৰ্ণেশ্বৰ। ব্ৰহ্মপুত্ৰ নদীৰ ফালে মুখ কৰি আকৰ্ষণীয় ইয়াৰ অৱস্থিতি। কিংবদন্তি ভাগি পৰি ভগৱান শিৱই এই অঞ্চলতে অনুসৰি সতীৰ আত্মদহনৰ পিছত শোকত বহিছিল। ই হ’ল ভাস্কর্য খোদিত শিলাখণ্ডৰ গৃহভূমি। ইয়াতে আলোকপাত কৰা হৈছে শিল কাটি উলিওৱা নাগৰাজ আৰু কলাভৈৰৱৰ তলমুৱা ভাস্কৰ্যৰ ৰূপৰেখা। এই ভাস্কৰ্যসমূহ বাৰিষাৰ পানীৰ তলত থকাৰ বাবে সুৰক্ষাৰ প্রয়োজন হৈছে।
মুকুটৰ মণি হ’ল অৱশ্যে বাইহাটা চাৰিআলিৰ প্রত্নতাত্ত্বিক স্থান মদন- কামদেৱ আৰু আৰু পিংগলেশ্বৰ। প্রথমটোত দেখা পাব শিলত চিত্রিত দৈনন্দিক জীৱন শৈলী আৰু আচাৰ অনুষ্ঠান আৰু আনটোত দেখা পাব নৃত্যৰত মূৰ্তিৰ লগতে অন্যান্য প্রাচীন ধ্বংসাৱশেষ । নিশ্চিতভাবে এয়া প্রাচীন নিপুণ কাৰুকাৰ্যৰ আদৰ্শ প্ৰতীক। এইবোৰে সংস্কৃতিকভাৱে সমৃদ্ধিশালী যুগৰ কথা কোৱাৰ লগতে অসমৰ বৈচিত্র্যময় ঐতিহ্যৰ আভাস আগবঢ়ায়।
এনেবোৰ আৰু লগতে আন বহুতো প্ৰত্নতাত্ত্বিক গুৰুত্বপূৰ্ণ স্থানেৰে অসম হ’ল পুৰণি সভ্যতাৰ ভঁৰাল। আমাৰ সমৃদ্ধ অতীতৰ সৈতে এইবোৰ এনে এক সংযোগ, যি ভবিষ্যৎ প্রজন্মক অধিক অন্বেষণ আৰু সংৰক্ষণৰ বাবে ৰিঙিয়াই মাতে।



