নামফাকে টাই সংযোগ
নাহৰকটীয়াৰ পৰা ৫ কিল’মিটাৰ আৰু ডিব্ৰুগড়ৰ পৰা ৫০ কিল’মিটাৰ নিলগত অৱস্থিত নামফাকে হ’ল অসমৰ অতি আকর্ষণীয় পর্যটন স্থানসমূহৰ অন্যতম। মহাবাহু ব্ৰহ্মপুত্ৰৰ অন্যতম উপনদী দিহিঙৰ পাৰত সিঁচৰতি হৈ থকা এক মনোৰম গাঁওখনৰ এনে এক পুৰাতন আকর্ষণ আছে যি আপোনাৰ সিৰে সিৰে প্রবাহিত হ’ব। অসমৰ সৰ্ববৃহৎ টাই ফাকেৰ গাঁও এই নামফাকেতে প্রায় ১৫০ ঘৰ লোকে বাস কৰে […]









