May 2023

প্রত্নতাত্ত্বিক পৰ্যটনৰ কেন্দ্ৰ তেজপুৰ

উষা আৰু অনিৰুদ্ধৰ পৌৰাণিক প্রেম কাহিনীত ডুব যোৱা তেজপুৰ প্রত্নতাত্ত্বিক অনুৰাগীসকলৰ বাবে এক সম্পদ। এই চিৰন্তন ৰোমাণ্টিক চহৰৰ পৰা সাত কিলোমিটাৰ দূৰত অৱস্থিত গড়দ’ল হ’ল খ্ৰীষ্টিয় সপ্তম শতিকাৰ শালস্তম্ভ যুগৰ ভাস্কৰ। ইয়াত ইটাৰ দুটাৰ টিলাৰে চিহ্নিত— দুটা মন্দিৰৰ (দ’ল) অৱশিষ্ট থকা বুলি কোৱা হয় । ইটাৰে নিৰ্মিত প্ৰাচীৰ বা গড়ৰ দ্বাৰা পৰিবেষ্টিত বাবে কিছুমানে ইয়াত […]

প্রত্নতাত্ত্বিক পৰ্যটনৰ কেন্দ্ৰ তেজপুৰ Read More »

কাৰ্বি  আংলং অসমৰ হৃদপিণ্ড

কাৰ্বি আংলং হ’ল অসমৰ হৃদপিণ্ড।কিন্তু আশ্চর্যজনক কথাটো হ’ল ইয়ালৈ বৰ কম ভ্ৰমণ কৰা হয়  l আংলং এক চিত্রময় ভূমি। ইয়াতে দেখা পাব সৰু পাহাৰ আৰু সু-উচ্চ পর্বতমালাৰ মিলনভূমি। কাৰ্বি জনগোষ্ঠীৰ গৃহভূমিখনলৈ আহোঁতে আপোনাৰ প্ৰথম আস্থান হ’ব উমছাই উপত্যকা। গুৱাহাটীৰপৰা ১০০ কিল’মিটাৰ নিলগৰ এই অঞ্চল হ’ল অসমৰ নিজস্ব বাঁহ উপত্যকা।পাহাৰেৰে আগুৰি থকা এই বাগিচাবোৰৰ মাজ এৰাতি

কাৰ্বি  আংলং অসমৰ হৃদপিণ্ড Read More »

শুৱালকুছিৰ সিদ্ধেশ্বৰ মন্দিৰ

এইবাৰ গুৱাহাটীৰ পৰা ৪৫ কিল’মিটাৰ নিলগৰ শুৱালকুছিলৈ যাত্ৰা কৰোঁ আহক। শুৱালকুছি পালেহি আপুনি গম পাব এই অঞ্চল অকল ৰেচমৰ সপোন ৰচা স্থানতকৈও বহু বেছি সমলযুক্ত। ইয়াত ইতিহাসৰ বহু খণ্ডিত অংশ স্থাপত্য, ভাস্কৰ্য আৰু আনকি বয়নৰ ৰূপত বিদ্যমান। উদাহৰণ স্বৰূপে ইয়াৰ মুগাৰ ইতিহাস ল’ব পাৰি। পুৰণি কালত শুৱালকুছিৰ ব্যবসায়ীসকলে উজনি অসমলৈ কৰা ভ্ৰমণবোৰৰ কোনোবা এটাত এই

শুৱালকুছিৰ সিদ্ধেশ্বৰ মন্দিৰ Read More »

বড়োলেণ্ড অজানা অসম

বডোলেণ্ডৰ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ সমীপৰ মানৱসৃষ্ট বন্যভূমি গেথসেমানে যিকোনো লোককে অবাক কৰি দিব পাৰে। ১৭ বছৰ ধৰি গজি উঠা ১৫ লাখ গছৰ এই আচ্ছাদন এই অঞ্চলৰ মুকুটত খচিত ৰত্ন সদৃশ ৷ এতিয়া গেথসেমানৰ পৰা ভৈৰৱকুণ্ডলৈ যাত্ৰা পথত দেখি বিস্মিত হ’ব কেনেকৈ স্থানীয় লোকসকলে ৭৫০ হেক্টৰ অনুৰ্বৰ ভূমিক সেউজ আচ্ছাদনলৈ পৰিৱৰ্তন কৰি পশু আৰু পখীৰ বাসভূমি

বড়োলেণ্ড অজানা অসম Read More »

টুক্ৰেশ্বৰী মন্দিৰ আৰু শ্রীসূর্য পাহাৰ

গুৱাহাটীৰ পৰা প্ৰায় ১৪০ কিল’মিটাৰ দুৰৰ গোৱালপাৰালৈ গাড়ীৰে গ’লে প্ৰথমতে পোৱা উল্লেখযোগ্য স্থান হ’ল টুক্ৰেশ্বৰী মন্দিৰ । বিশ্বাস কৰা হয় যে ভগৱান শিৱৰ পত্নীৰ মৃত্যুৰ পাছত ভগৱান শিৱৰ তাণ্ডৱৰ সময়ত দেৱী সতীৰ দেহৰ এটা টুকুৰা সেই ঠাইত পৰিছিল। এই পৱিত্ৰ স্থান বৰ্তমান মলুৱা বান্দৰৰো প্ৰিয় বাসস্থান। টুক্ৰেশ্বৰী মন্দিৰত পূজা-নৈবেদ্য আগবঢ়োৱাতো বিশেষকৈ পুৱাৰ ভাগত এটা বিৰাট

টুক্ৰেশ্বৰী মন্দিৰ আৰু শ্রীসূর্য পাহাৰ Read More »

মহুৰামুখলৈ পথ যাত্ৰা

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নুমলীগড় তিনিআলিৰ পৰা প্ৰায় সাত কিল’মিটাৰ পাৰ হৈ যোৰহাট অভিমুখে অহাৰ পিছত দুয়োকাষে ৰসাল সেউজীয়া ধাননি পথাৰেৰে আগুৰি থকা পোন পথ এটাত প্ৰৱেশ কৰিব পাৰি। মহুৰামুখলৈ লৈ যোৱা এই দৃষ্টিনন্দন পথটোৰে গাড়ী চলাই যোৱাৰ সময়ত আপুনি ইতিহাসৰ এক দীঘলীয়া অভিজ্ঞতা লাভ কৰিব পাৰিব। ১৯৩৯ চনত অসমৰ প্ৰথমগৰাকী মহিলা ঠিকাদাৰ মোহিনী ৰাজকুমাৰীয়ে

মহুৰামুখলৈ পথ যাত্ৰা Read More »

ৰোমাঞ্চকৰ পথ যাত্রা

অসমৰ গ্ৰাম্য অঞ্চলৰ মাজেৰে পথ যাত্ৰা এটা অতি ৰোমাঞ্চকৰ, অভিজ্ঞতা। দৃশ্যপটত এনে সৌন্দর্যই দেখা দিয়ে যাৰ পৰা আপুনি চকু আঁতৰাব নোৱাৰে। তদুপৰি মাজৰ ক্ষণিক জিৰণিবোৰত আপুনি চহকী সংস্কৃতিৰ আভাস ল’ব পাৰে। যাত্রাপথে আপোনাক অফুৰন্ত আনন্দ দিব; যিদৰে গন্তব্য স্থানবোৰেও আনন্দ দিয়ে। গুৱাহাটীৰ পৰা সেউজ গাঁৱলৈ যোৱা পথ যাত্ৰাটোও তেনেকুৱা এটা। নগাঁও বাইপাছৰ পৰা আঠ কিল’মিটাৰ

ৰোমাঞ্চকৰ পথ যাত্রা Read More »

ৰণথলী অসমৰ ৰত্ন

অসমৰ কাৰুশিল্প গাঁওবোৰৰ সমৃদ্ধ ভাণ্ডাৰত ৰণথলী সম্ভৱ ‘জুৱেল ইন দ্য ক্রাউন’। সুন্দৰ আৰু চমৎকাৰ অসমীয়া গহনাৰ বাবে বিখ্যাত ৰণথলী মাত্ৰ এটা গতানুগতিক উৎপাদন ক্ষেত্ৰ নহয়, বৰং এইখন এনেকুৱা এখন ঠাই যত শিল্পীসুলভ দক্ষতাৰ পৰম্পৰা আৰু কৌতূহলোদ্দীপক ইতিহাস আছে। গুৱাহাটীৰ পৰা প্ৰায় ১২০ কিল’মিটাৰ দূৰত, নগাঁও নগৰৰ ওচৰৰ ৰণথলী দক্ষ কাৰুশিল্পীসকলৰ বাসভূমি। তেওঁলোকৰ সুদক্ষ হাতৰ পৰশত

ৰণথলী অসমৰ ৰত্ন Read More »

উজনি অসমৰ সৰুচহৰ আৰু গোলাঘাট

কাজিৰঙাৰ বন্য প্রাণীৰ জগতৰ পৰা আৰু আগবাঢ়ি যাত্রা কৰক, নতুন নতুন আৱিষ্কাৰত আপুনি বিস্ময়াভিভূত হৈ পৰিব। প্ৰথমে মাত্র ৩০ কিল’মিটাৰ দূৰৈত পাব বোকাখাত। ইয়াতে পাব এখন গৃহস্থীসহ কুৰুৱাবাহী সত্ৰ। এই সত্ৰ সাধাৰণতে দেখা পোৱা কেৱলীয়া ভকতৰ পৰিৱৰ্তে গৃহস্থী ভকতৰে সমৃদ্ধ। ইয়াৰ সজীৱ পৰিৱেশ আপোনাৰ যাত্ৰাপথত এনে এটা সুৰ দিব, যি আপোনাক এখন প্রত্নতাত্ত্বিক স্থান আৰু

উজনি অসমৰ সৰুচহৰ আৰু গোলাঘাট Read More »

তিৱা সংস্কৃতিৰ প্ৰাণ

গুৱাহাটীৰ পৰা মাত্র ১০০ কিল’মিটাৰ নিলগত পশ্চিম কাৰ্বি আংলং জিলাত দেখা পাব অসমৰ বাঁহ প্ৰদেশৰূপে খ্যাত আমচাই উপত্যকা। আদিবাসী তিৱা জনগোষ্ঠীৰ লোকসকলৰ গাঁৱেৰে ভৰপূৰ এই অঞ্চল হ’ল নৈসর্গিক সৌন্দৰ্যৰ ভাণ্ডাৰ। ইয়াত গ্ৰাম্য জীৱনৰ প্ৰতিটো ঢাপতে বাঁহৰ আধিপত্য দেখা পাব— একেবাৰে পথৰ দুয়োকাষৰ জোপোহাৰ পৰা ঘৰৰ বেৰ আৰু জপনা পর্যন্ত। ‘কষ্টকৰ পথে শ্ৰেষ্ঠ স্থানৰ সন্ধান দিয়ে’

তিৱা সংস্কৃতিৰ প্ৰাণ Read More »