গুৱাহাটীৰ পৰা প্ৰায় ১৪০ কিল’মিটাৰ দুৰৰ গোৱালপাৰালৈ গাড়ীৰে গ’লে প্ৰথমতে পোৱা উল্লেখযোগ্য স্থান হ’ল টুক্ৰেশ্বৰী মন্দিৰ । বিশ্বাস কৰা হয় যে ভগৱান শিৱৰ পত্নীৰ মৃত্যুৰ পাছত ভগৱান শিৱৰ তাণ্ডৱৰ সময়ত দেৱী সতীৰ দেহৰ এটা টুকুৰা সেই ঠাইত পৰিছিল। এই পৱিত্ৰ স্থান বৰ্তমান মলুৱা বান্দৰৰো প্ৰিয় বাসস্থান। টুক্ৰেশ্বৰী মন্দিৰত পূজা-নৈবেদ্য আগবঢ়োৱাতো বিশেষকৈ পুৱাৰ ভাগত এটা বিৰাট কাৰবাৰ। গছ,শিল আৰু মন্দিৰৰ খটখটীত বহি বান্দৰবোৰেও ইয়াত ভাগ লয়। পূজাত ভাগ ল’বলৈ ৰজা মলুৱা বান্দৰটোৱে বান্দৰবোৰৰ নেতৃত্ব দিয়াৰ ধৰণ চাব লগীয়া
টুক্ৰেশ্বৰী মন্দিৰৰ পাছত দুধনৈৰ পৰা ১৯ কিল’মিটাৰ দূৰত আছে শ্রীসূর্য পাহাৰ। এই পুৰাতাত্ত্বিক স্থানত আছে শিলত কটা শিৱলিংগ, স্তূপ আৰু হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ সৰ্ব দেৱতাৰ মন্দিৰ। এক কিল’মিটাৰ বিস্তৃত পাহাৰীয়া অঞ্চলটো মনোমোহা। শ্রীসূর্য পাহাৰ মানৱীয় সম্প্ৰীতিৰ বিশ্বাসক অনুপ্ৰাণিত কৰা বিভিন্ন ধৰ্মৰ এক স্বৰ্গীয় সংগম। ইয়াতে মহাজ্ঞানী ব্যাসে ৯৯,৯৯৯টা শিৱলিংগ খোদিত কৰিছিল, কাশীৰ ১লাখ শিৱ লিংগতকৈ এটা কম আৰু সেই কাৰণে দ্বিতীয় কাশী হিচাপে জনাজাত হ’ল। তদুপৰি ইয়াত থকা গ্রেনাইটত কটা উপাসনা সম্বন্ধীয় স্তূপবোৰে মানুহক বাকৰুদ্ধ কৰি দিয়ে। এইবোৰে ইংগিত দিয়ে যে দেশখনৰ বহু অংশলৈ বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হোৱাৰ বহু আগতেই প্রাচীন কামৰূপত এই ধর্ম আছিল। আন এটা মন কৰিবলগীয়া কথা হ’ল এই সূর্য পাহাৰতে পদ্মাসন ভংগীত জৈন ভগৱান আদিনাথৰ এটা মুৰ্তি আছে। ১৯৯৩ চনত এই মূৰ্তিটো আৱিষ্কাৰ কৰা হয় ।



সমৃদ্ধ ঐতিহ্য বহন কৰা কিন্তু আপেক্ষিকভাৱে নজনা আৰু গুৰুত্ব নোপোৱা সূৰ্যপাহাৰ প্ৰাচীন কালত সাংস্কৃতিকভাৱে আগবঢ়া এখন ৰাজ্যৰ ৰাজধানী আছিল। সূৰ্য, পাহাৰৰ সোণোৱালী অতীত গাথা ভাস্কর্যবোৰত সিঁচৰতি হৈ আছে আৰু কেইবা শতিকাৰ পাছতো সেইবোৰে আমাক মন্ত্রমুগ্ধ আৰু বিস্মিত কৰে।