May 2023

চলাপথাৰ  টাই সংস্কৃতিৰ প্ৰাণকেন্দ্র

শিৱসাগৰৰ পৰা ৪০ কিল’মিটাৰ নিলগত তথা সোণাৰিৰ সমীপত অৱস্থিত চলাপথাৰ হ’ল মুষ্টিমেয় ভূ- স্বৰ্গসদৃশ স্থানৰ এখন। শান্তি আৰু নির্মলতাৰ পৰা উদ্ভিদ আৰু প্রাণীজগতলৈ, লগতে সংস্কৃতি আৰু ঐতিহ্যৰে সমৃদ্ধ চলাপথাৰ হ’ল বিচিত্ৰ অভিজ্ঞতাৰ পটভূমি ৷ ইয়াত টাই- খাময়াংসকলৰ জীৱন শৈলী উপলব্ধি কৰি সমগ্ৰ দক্ষিণ-পূব এছিয়াত এতিয়া বিয়পি থকা বৃহত্তৰ টাই জনগোষ্ঠীৰ সংস্কৃতিৰ আভাস পাব পাৰি । […]

চলাপথাৰ  টাই সংস্কৃতিৰ প্ৰাণকেন্দ্র Read More »

নিশানগ্ৰাম আৰু ইয়াৰ পশ্চাৎ ভূমি

গ্ৰাম্য পৰ্যটনৰ গুৰুত্ব বৃদ্ধিৰ লগে লগে অসমৰ গোৱালপাৰা জিলাৰ নিশানগ্রাম আজি এনে পৰ্যটন থলীৰ তালিকাৰ শীৰ্ষত আছে। হ’ম-ষ্টে, কমিউনিটি এক্টিভিটি, স্থানীয় লোকৰ সৈতে মত বিনিময়, চাইকেল চালনা, গাঁৱৰ পথেদি নিশা খোজকঢ়া, হাইকিং ট্ৰেইল, পুখুৰীত মাছ ধৰা, জীপ চাফাৰী, এই পৰিষ্কাৰ গাঁওখনত সকলো আছে। গুৱাহাটীৰ পৰা প্রায় ১৩০ কিল’মিটাৰ পশ্চিমে, অসম- মেঘালয় সীমান্তত ( দুধনৈৰ পৰা

নিশানগ্ৰাম আৰু ইয়াৰ পশ্চাৎ ভূমি Read More »

অসমৰ স্বাদ  কাজীনেমু

যিকোনো পৰ্যটকে অসমৰ কাজীনেমুৰ প্ৰেমত পৰিব ইয়াৰ সুকীয়া সোৱাদৰ বাবে। বহু সময় যাত্ৰা কৰাৰ পিছত বাছ ৰখোৱা স্থানত থকা ৰেস্তোৰাত ৰৈ ভাত, দাইল আৰু তাৰ ওপৰত এডোখৰ নেমু হ’ল অসমীয়া পৰম্পৰাৰ এক সন্তুষ্টিদায়ক অভিজ্ঞতা। হাইকিং কৰাসকলৰ বাবে সর্বোত্তম স্থান মানস বা কাজিৰঙালৈ যাওঁতেও ইয়াৰ ওচৰ-পাজৰৰ  গ্রাম্য ৰেস্তোৰাসমূহত অনুৰূপ অভিজ্ঞতা  পাব পাৰি। অসমীয়া খাদ্য বুলিলে ভজা

অসমৰ স্বাদ  কাজীনেমু Read More »

যাদুকৰী মায়ং

পাহাৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰে আগুৰি থকা মায়ং এসময়ত অসুৰসকলৰ দেশ হিচাপে পৰিচিত আছিল। শেহতীয়াকৈ ই ক’লা যাদুৰ দেশ হিচাপে পৰিচিত। আজি ই হ’ল প্রাচীন পৰম্পৰা, পুৰাতত্ত্ব, পখী দর্শন, শিহু, গঁড় দর্শন আৰু দিগন্ত বিয়পা সেউজীয়া পথাৰৰ বৰ্ণিল মিশ্রণ। গুৱাহাটীৰ পৰা প্ৰায় ৪০ কিল’মিটাৰ দূৰত্বত অৱস্থিত মায়ঙলৈ এসময়ত বনৌষধি আৰু বেজ আৰু ওজাৰ দ্বাৰা জৰা-ফুকা কৰি

যাদুকৰী মায়ং Read More »

গুৱাহাটীৰ উপকণ্ঠ অঞ্চল

বিমান বন্দৰৰ পৰা গুৱাহাটীলৈ প্ৰায় ৪ কিল’মিটাৰ দূৰত্বত বাইপাছেৰে ভ্ৰমণ কৰি আগবাঢ়িলে ক্রমান্বয়ে নীলা পাহাৰেৰে আগুৰি থকা জলভাগৰ দৃশ্য দেখি মুহিত হ’ব। বৃহৎ জলাশয়েৰে জীৱ-বিচিত্ৰতাৰে গৌৰৱ কৰা দীপৰ বিল (বিমান বন্দৰৰ পৰা ১১ কিল’মিটাৰ) হ’ল পক্ষীৰ ৰম্যভূমি তথা ব্রহ্মপুত্র উপত্যকাৰ অন্যতম বৃহৎ বিল। বিশেষকৈ শীতকালত বিভিন্নধৰণৰ চৰাইৰ প্ৰজাতিৰ বাবে গৌৰৱ কৰি দীপৰ বিল বা “হস্তী

গুৱাহাটীৰ উপকণ্ঠ অঞ্চল Read More »

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰোমাঞ্চকৰ যাত্ৰা

গন্তব্যস্থানতকৈ যাত্ৰা বেছি ৰোমাঞ্চকৰ বোলা ধাৰণাটো একেবাৰে সঁচা। ৩৭নং  ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ী চলাই যোৱাৰ সময়ত, দুয়ো পাৰৰ সৌন্দৰ্য আৱিষ্কাৰ কৰাৰ সময়ত এই কথা আটাইতকৈ বেছি বুজি পায়। গুৱাহাটীৰ পৰা ৫০ কিল’মিটাৰৰ নিলগত আপুনি ক্ষেত্ৰীত পাব-NEDFi ৰ R&D চেণ্টাৰ, যাক মুকুটৰ মণি আখ্যা দিব পাৰি। গছ-গছনি আৰু বৃক্ষৰ আচ্ছাদনৰ ভিতৰত লুকাই থকা ই হৈছে উদ্ভাৱন আৰু

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰোমাঞ্চকৰ যাত্ৰা Read More »

দদৰা-পচৰিয়া- শিঙিমাৰী

গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিল’মিটাৰ দূৰৰ, শুৱালকুছিৰ ওচৰৰ দদৰা-পচৰিয়া- শিঙিমাৰী চমু ভ্ৰমণৰ উপভোগ্য লক্ষ্যস্থান, কিন্তু এই ঠাইবোৰৰ বিষয়ে আমি বৰ বেছি নাজানো। এই গাঁওবোৰ পৃথিৱীৰ দুই তৃতীয়াংশ হাড়গিলা চৰাইৰ বাসস্থান । ইয়াতে আছে প্রখ্যাত হাড়গিলা আৰ্মি । পূর্ণিমা দেৱী বৰ্মনে গঠন কৰা হাড়গিলা আর্মি হ’ল ৩০০ মহিলা সংৰক্ষণ কৰ্মীৰ এটা বাহিনী। হাড়গিলা বাইদেউ নামেৰে জনাজাত

দদৰা-পচৰিয়া- শিঙিমাৰী Read More »

ডিমা হাছাওস্থিত আমুৰ – ফেলকনৰ অস্থায়ী ঘৰ

অক্টোবৰৰ পৰা অসমৰ ডিমা হাছাও জিলাখন, এক চিত্র-বিচিত্র আনন্দথলীলৈ পৰিণত হয়। ইয়াৰ পাহাৰ আৰু উপত্যকাবোৰ বছৰজুৰি মনোমোহা হৈ থাকিলেও এতিয়া ই বিশেষভাৱে ভ্ৰমণৰ যোগ্য। কাৰণ বিশ্বৰ আটাইতকৈ দীঘলীয়া ভ্ৰমণকাৰী পক্ষী আমুৰ ফেলকনৰ বতৰ এতিয়া। গুৱাহাটীৰ পৰা ২৫০ কিল’মিটাৰ দূৰত্বত অৱস্থিত উমৰাংছ’ পৰিণত হয় ৰাছিয়া আৰু চীনৰ সীমান্তত অৱস্থিত আমুৰ নদীৰ ওচৰৰ পৰা উৰি অহা এই

ডিমা হাছাওস্থিত আমুৰ – ফেলকনৰ অস্থায়ী ঘৰ Read More »

সৰ্থেবাৰী

অসমত কাঁহেৰে নিৰ্মিত সা-সামগ্ৰী বাঁহৰ শিল্পকৰ্মৰ সমানেই সর্বত্রে উপলব্ধ। অসমৰ দ্বিতীয় বৃহত্তৰ হস্তশিল্প কাঁহৰ বিভিন্ন সামগ্ৰী আৰু সঁজুলিবোৰ দৃষ্টিনন্দন বাবেই মানুহৰ মনোযোগ আকৰ্ষণ কৰে। তাম আৰু টিনৰ সংমিশ্ৰণ এই সংকৰ ধাতু ব্ৰঞ্জতকৈ পৃথক আৰু ইয়াত টিনৰ পৰিমাণ অধিক হোৱাৰ বাবে অসমীয়া কাৰুশিল্পীয়ে ঘৰুৱা আৰু ধৰ্মীয় কাম-কাজত ব্যৱহৃত বাচন-বৰ্তন নিৰ্মাণৰ ক্ষেত্ৰত অধিক পচন্দ কৰে। এই ধাতুবিধক

সৰ্থেবাৰী Read More »

শুৱালকুছিত উৎসৱৰ আভাস

বছৰৰ যিকোনো সময়তে ভ্ৰমণ কৰিব পৰা স্থান হ’ল শুৱালকুছি। আপুনি ইয়াৰ সৰু সৰু গলিবোৰৰ মাজেৰে খোজ কাঢ়িব পাৰে, ইয়াৰ অসংখ্য কাৰখানাৰ যিকোনো এটাত ভুমুকি মাৰিব পাৰে আৰু শিল্পীসকলে সোণালী মুগাত জটিল আৰ্হি বোৱাৰ সময়ত আচৰিত হৈ থিয় হৈ উপভোগ কৰিব পাৰে। আপুনি ইয়াৰ দৌল উৎসৱৰ আনন্দৰ অংশ ল’বও পাৰে নতুবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজয়ন্তীৰ অনুষ্ঠান

শুৱালকুছিত উৎসৱৰ আভাস Read More »