বছৰৰ যিকোনো সময়তে ভ্ৰমণ কৰিব পৰা স্থান হ’ল শুৱালকুছি। আপুনি ইয়াৰ সৰু সৰু গলিবোৰৰ মাজেৰে খোজ কাঢ়িব পাৰে, ইয়াৰ অসংখ্য কাৰখানাৰ যিকোনো এটাত ভুমুকি মাৰিব পাৰে আৰু শিল্পীসকলে সোণালী মুগাত জটিল আৰ্হি বোৱাৰ সময়ত আচৰিত হৈ থিয় হৈ উপভোগ কৰিব পাৰে। আপুনি ইয়াৰ দৌল উৎসৱৰ আনন্দৰ অংশ ল’বও পাৰে নতুবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজয়ন্তীৰ অনুষ্ঠান উপভোগ কৰিবহি পাৰে।
শুৱালকুছিৰ বিখ্যাত দৌল উৎসৱ আচলতে এক বিৰল অভিজ্ঞতা আৰু ইয়াক তিনিদিনীয়াকৈ শুৱালকুছিৰ ঈশ্বৰ হাতী সত্ৰত উদযাপন কৰা হয়। প্ৰথম দিনাই হৰি সত্ৰৰ প্ৰতিটো শাখাই নিজৰ ‘গোসাঁই ’ক হাতী সত্ৰলৈ লৈ যায় আৰু উৎসৱ উদযাপনৰ বাবে তাতে গোসাঁইক থাপেগৈ। ‘গোসাঁই’ সকলক কঢ়িয়াই অনা শোভাযাত্ৰাবোৰে চহৰখনৰ সকলো ডাঙৰ পথ অতিক্ৰম কৰে আৰু মন্দিৰটো সাতবাৰ প্ৰদক্ষিণ কৰে। দ্বিতীয় দিনা মানুহে ভগৱানক হোলীৰ ৰং ফাকুৱা আগবঢ়ায় আৰু সকলোৱে ফাকু খেলে। সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰতিযোগিতাৰ লগতে পবিত্র প্রসাদ কৃষ্ণ ভোগ বিতৰণ কৰা হয়। তৃতীয় দিনা বাঁহ ভঙা প্রতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাত শকত শক্তিশালী ভলুকা বাঁহৰ খুঁটা এটাত দুয়ো মুৰত কান্ধত ওপৰলৈ তুলি লোৱাৰ আগতে সৰিয়হৰ তেলেৰে ঘঁহি লোৱা হয়। তাৰ পৰা ইয়াক খালী হাতেৰে মাজতে ভাঙিবলৈ চেষ্টা কৰা হয়।
ঈশ্বৰ হাতী সত্ৰত ব্যতিক্রমীধৰণেৰে গুৰুজয়ন্তী উদ্যাপন কৰা হয়। সমগ্র চহৰখনে উছৱমুখৰ ৰূপ পৰিধান কৰে। নৱমীৰ দিনা বিভিন্ন স্থানত পথৰ নাট নতুবা ভাওনা অনুষ্ঠিত হয়। প্ৰতিখন ঘৰৰ প্ৰৱেশদ্বাৰত কলৰ পুলি ৰোপণ কৰা হয় আৰু সন্ধিয়া মাটি চাকিৰে ইয়াক আলোকিত কৰা হয়। পিছদিনা অর্থাৎ দশমীত পুৱা সঠিক ৮:৩০ বজাত বিশ্বাসৰ পতাকা ধর্মধ্বজা উত্তোলন কৰা হয়। তাৰ পিছত সমগ্ৰ চহৰখনতে নাম- কীৰ্ত্তন কৰা হয়। বহু সংখ্যকে ৰাজপথত ধৰ্মীয় গীত বা নাম গোৱা দেখা যায়। শংকৰদেৱ মন্দিৰ (নামঘৰ) আৰু শংকৰদেৱ ধাম দুয়োটাতে বৃহৎ সংখ্যক লোকৰ সমাৱেশ হয়। দুয়োটা উৎসৱতে এনে এক পৰিৱেশে বিৰাজ কৰে যিটো অসমৰ স্বভাৱজাত বৈশিষ্ট্য আৰু ৰাজ্যখনৰ সংস্কৃতিৰ দৰেই ই ৰঙীন। নিশ্চিতভাৱে আপুনি ইয়াক মিছ কৰিব নিবিচাৰিব।