শিৱসাগৰ আৰু চৰাইদেউক আৱিষ্কাৰ

ডিব্ৰুগড়ৰ পৰা দুঘণ্টা, যোৰহাটৰ পৰা ৬০ কিল’মিটাৰ আৰু গুৱাহাটীৰ পৰা ৩৭০ কিল মিটাৰ দূৰত্বত থকা শিৱসাগৰ হ’ল ইতিহাস, সংস্কৃতি আৰু অভিযান্ত্রিকতাৰ জীবন্ত কেন্‌ভাছ। এই গল্পময় চহৰখনৰ ফালে যাত্রা কৰি থাকোঁতে, সতেজ আলিংগনত সোমাই, গৌৰবময় ঐতিহ্যৰ সৈতে মুখামুখিৰ বাবে প্রস্তুত হওক। যদি আপোনাৰ যাত্রা হয় যোৰহাটৰ পৰা তেনেহ’লে ১৯৩৫ চনৰ দিখৌৰ তীখা দলঙলৈ প্রথমেই চকু দিয়ক। ইয়াৰ মধ্য অংশ এসময়ত জাহাজৰ বাবে দাঙি দিয়াৰ ব্যৱস্থা আছিল আৰু এতিয়া এই দলঙে অৱসৰ ল’লে। চহৰখন পোৱাৰ আগতে গৌৰীসাগৰত ১৭০৩ চনৰ নামদাং শিলৰ সাঁকোত আচৰিত হ’বলৈ থমকি ৰওক, ই হ’ল ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল এটা শিলৰ পৰা কাটি লোৱা দলং যিখনে আজিও সহ্য কৰে ৰাষ্ট্রীয় ঘাইপথৰ দৈনন্দিন যাতায়াতৰ ওজন।

শিৱসাগৰৰ আকর্ষণ ইয়াৰ আহোম ঐতিহ্যত নিহিত হৈ আছে। আহোমসকলে চৰাইদেউত প্রথম ৰাজধানী প্রতিষ্ঠা কৰিছিল ১২২৮ চনত আৰু ই আজি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্র। পাছলৈ শিৱসাগৰ গড়গাঁও আৰু ৰংপুৰকে ধৰি কেইবাখনো আহোম ৰাজধানীৰ হৃৎপিণ্ড হৈ পৰিল।

বসাল সেউজীয়াৰে আবৃত শিৱসাগৰখন প্রাচীন মহাকাব্যৰ পৃষ্ঠাৰ দৰে উন্মোচিত হয়। সম্পূর্ণৰূপে সোৱাদ ল’বলৈ ইয়াৰ সাৰমৰ্ম, অন্ততঃ দুদিন অন্বেষণ কৰি কটাওক। যদি আপুনি এজন চৰাই অনুৰাগী আৰু জলাশয় মিত্র, ২২ কিল’মিটাৰ দুৰৈৰ পানীদিহিং চৰাই অভয়াৰণ্যৰ বাবে এটা অতিৰিক্ত দিন ৰাখক যিটো পৰিভ্রমী পক্ষীৰ প্রকৃত আশ্রয়স্থল।

চহৰখনৰ চমক বুজিবলৈ স্থানীয় গাইডৰ সহায় লওক। গছ-গছনিৰে ভৰা পৰিবেশৰ মাজেৰে যাওক-ৰাস্তা- ঘাট, ঐতিহাসিক স্থানত থমকি ৰওক আৰু সম্পদবোৰক নিজকে প্রকাশ কৰিবলৈ দিয়ক।

জয়সাগৰ! ৩১৮ একৰ মাটিত বিস্তৃত ভাৰতৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট পুখুৰী। ইয়াৰ পানীয়ে ফুচফুচাই কয় শতিকাবোৰৰ অতীত। বৰপুখুৰী বা শিৱসাগৰ হ্রদ, মন্ত্রমুগ্ধকব দৃশ্য থকা পুখুৰী আৰু পাৰত শিৱ, বিষ্ণু আৰু দেৱীৰ দ’ল (মন্দিৰ)। তদুপৰি আছে গৌৰীসাগৰ পুখুৰী। ইয়াত আছে ৬০টাতকৈও অধিক পবিত্র মন্দিৰৰ পুখুৰী, যিবোৰ চৰাই প্ৰজাতিৰ বাবে অভয়াৰণ্য। ইয়াত থকাটো প্ৰকৃতিৰ হৃদয়লৈ তীর্থযাত্ৰাৰ দৰেই।

গড়গাঁৱৰ কাৰেং ঘৰ (আহোম ৰজাৰ ৰাজপ্রাসাদ) অন্বেষণ কৰক। ইয়াৰ মূল ১৫৪০ চনৰ কাঠৰ গঠন তিনিমহলীয়ালৈ বিকশিত হৈছে। এছিয়াৰ প্ৰথম ৰংঘৰত ভৰি দিয়ক আৰু চাওক ডাবল-এম্পিথিয়েটাৰৰ সৈতে এখন ওলোটা দীঘল নাও আৰু পোৰা ইটা, শিল, গুড়, ক’লা চৰণ, সৰিয়হৰ তেল, হাতী ঘাঁহ, আনকি মাছৰ হাড়ৰ পৰা নিৰ্মিত স্থাপত্য। 

আহোমৰ কৌশলগত বুদ্ধিমত্তাৰ তলাতল ঘৰ হ’ল ভিতৰত যুদ্ধ আৰু চোৰাংচোৱাগিৰিৰ দক্ষতাক লৈ আচৰিত হ’ব পৰা ঘৰ। সামৰিক আৰু কৌশলগত উদ্দেশ্যত নির্মিত ভূগর্ভস্থ এটা ৰাজপ্রাসাদ। প্রশংসা কৰক টেৰাকোটা খোদিত ঘনশ্যাম ভৱনক। যিটো আহোম স্থাপত্যৰ সুন্দৰ নিদর্শন। আৰু চাওক ফাকুৱা দ’ল, যিটো অষ্টভুজ আকৃতিৰ স্থাপত্য। বিশ্বাস কৰা হয় ই আহোম ৰাজকুমাৰী জয়মতীৰ মৈদাম (সমাধিস্থল)। ইতিহাসপ্রেমীসকলৰ বাবে শিৱসাগৰ ভ্ৰমণত সংগ্রহালয় দর্শন অতিকৈ জৰুৰী।

এই ভ্রমণৰ কিৰিটি অৱশ্যেই চৰাইদেউ, ৩০ কিল’মিটাৰ দূৰত। আধ্যাত্মিক আৰু প্রতীকী হৃদয় আহোম ৰাজ্যৰ, সামান্য পাহাৰৰ পৰা আৰম্ভ কৰি ৯০টা সুসংৰক্ষিত মৈদাম, ২০ মিটাৰ পৰ্যন্ত পাহাৰবোৰ। এইবোৰে এসময়ত বিদায়ীসকলৰ অৱশিষ্টবোৰকো কোলাত লৈছিল। হাতীদাঁতৰ টুকুৰা, কাঠৰ শিল্পকর্ম আৰু তামৰ ফিটিংছৰ পৰা আৰম্ভ কৰি লোহাৰ সঁজুলি, সোণলৈকে লকেট আৰু সীহৰ কামানৰ বল আদি ইয়াত আছে। টাই শব্দ ‘কবৰ দিয়া’ আৰু ‘মৃত্যুৰ আত্মা’ৰ সংমিশ্রণেৰে এই মৈদাম শব্দ। শিৱসাগৰৰ দৰে ইও অভিজ্ঞতা লাভ কৰিব পৰা এখন ঠাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

× Get in touch with me!