বিশ্বৰ অন্যতম পৱিত্ৰ নদী হোৱাৰ বাবে ব্রহ্মপুত্ৰৰ পাৰত বিশেষকৈ মধ্যযুগত মন্দিৰ নির্মাণ হোৱাটো একেবাৰে স্বাভাৱিক কথা।
স্থাপত্যৰ এক গৌৰৱময় অতীতৰ সাক্ষীসমূহ আজিৰ দিনত নিশ্চিত ভাবে ভ্রমণ কৰিবলগীয়া। গতিকে, যদি আপুনি দিনত জখলাবন্ধা (কাজিৰঙালৈ ৪৫ কিল’মিটাৰ) পাৰ হৈ গৈছে, তেন্তে নিশ্চিতভাবে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৫ কিল’মিটাৰ বাট ভ্ৰমণ কৰি হাতীমূৰা প্ৰত্নতাত্ত্বিক মন্দিৰ স্থানলৈ যাওক। এই মন্দিৰ তিনিওফালে নদীয়ে আগুৰি আছে আৰু এটা সৰু টিলাৰ ওপৰত অৱস্থিত, য’লৈ ৮০-৯০টা সহজ ছিৰি বগাব লাগে। ইয়াৰ পৰা গ্ৰাম্য অঞ্চলৰ এক নৈসর্গিক দৃশ্য আৰু দশভুজাৰ শিল কাটি লোৱা মূর্তি দেখা পাব।
মন্দিৰৰ অন্তৰ্ভাগত শিলালিপি আৰু পাহাৰৰ তলত চতুর্ভুজ গণেশৰ মূর্তি আছে। গুৰুত্বপূর্ণ কথা যে, পৰিৱেশটোৱে আধ্যাত্মিক ভাব জগাই তোলে।
কোৱা হয় যে, ব্ৰহ্মপুত্ৰৰে উজাই যাত্রা কৰি আহোম ৰজা স্বৰ্গদেউ প্রমত্ত সিংহই এসময়ত এগৰাকী ধুনীয়া ছোৱালীক উদ্ধাৰ কৰিছিল, যিগৰাকীয়ে পানীত পৰি ককবকাই আছিল। যেতিয়া নাওখন হাতীমূৰা পাহাৰৰ ওচৰ পালেগৈ, ছোৱালীজনীয়ে পাৰত লগাই দিয়াৰ ইংগিত দিলে। কিন্তু নাৱৰীয়াই নাও চপাব নোৱাৰি যাত্রা অব্যাহত ৰাখিলে। তাৰ পিছত ছোৱালীজনীয়ে উন্মাদভাবে নাচিবলৈ ধৰিলে, যাৰ ফলত ক্ষুব্ধ ৰজাই তাইক পুনৰ পানীত পেলাই দিবলৈ বাধ্য হ’ল। পিছত ছোৱালীজনী যি প্রকৃততে দুর্গা দেৱীৰ বাহিৰে আন কোনো নহয়, ৰজাক সপোনত দেখা দিলে আৰু তেওঁক ক’লে যে তাই নাচিবলৈ আৰম্ভ কৰা ঠাইত নদীৰ তলত পৰি থকা পুৰণি শিলৰ মন্দিৰৰ ধ্বংসাবশেষৰ ওপৰত মন্দিৰ নিৰ্মাণ কৰক। পিছত তাত এটা মন্দিৰ নিৰ্মাণ কৰা হ’ল আৰু দুর্গা, গণেশ আৰু শিৱৰ মূৰ্তি পানীৰ তলৰ পৰা উদ্ধাৰ কৰা হ’ল। দুর্গা আৰু শিৱ লিংগৰ মূৰ্তি পাহাৰৰ ওপৰলৈ তোলাৰ বিপৰীতে গণেশৰ মূৰ্তি পাহাৰৰ তলত স্থাপন কৰা হ’ল।
ইয়াতে কামাখ্যা মন্দিৰৰ পৰা আগবাঢ়ি শিলঘাটৰ পৰা ১০ কিল মিটাৰ নিলগত মন্দিৰটো স্বৰ্গদেউ প্রমত্ত সিংহই (খ্রীঃ ১৭৪৪-১৭৫১) নির্মাণ কৰিছিল। এই মন্দিৰ অসমৰ দ্বিতীয় কামাখ্যা মন্দিৰ বুলি জনা যায়। ইয়াৰ নদীৰ পাৰৰ পৰা পৰিষ্কাৰ দিনত পূব হিমালয়ৰ পৰ্বতমালাৰ মনোৰম দৃশ্য দেখা যায়।
পুনশ্চঃ শিলঘাটৰ অসম সমবায় মৰাপাট মিল্ছ লিমিটেড সমবায় খণ্ডৰ দেশৰ একমাত্র মৰাপাট কল।