সৰভোগ আৰু বৰপেটাৰ অন্বেষণত

স্হানীয় লোকৰ মাজত জনপ্রিয় পর্যটনস্থান ভ্ৰমণৰ অভিজ্ঞতা অতুলনীয়, হ’ব পাৰে। অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ কেন্দ্রবিন্দু বৰপেটা সত্র তেনে এক অঞ্চল। গুৱাহাটীৰ পৰা ৰঙিয়া হৈ মাত্র ১৩০ কিল’মিটাৰ দূৰত্ব। কিন্তু যাত্রাপথটো একাধিক আকর্ষণীয় সমলৰে সমৃদ্ধ বাবে গন্তব্য স্থানৰ দৰে পথটোও সমানে আনন্দদায়ক।

     পাঠশালা পাবলৈ ধৰোঁতেই মৰকা চ’কত বাওঁফালে ফাটি গৈ জালিকটা পাব পাৰি। ২০০ বছৰৰো অধিক পুৰণি এজোপা বিশাল বৃক্ষ ইয়াত অতি চাবলগীয়া দৃশ্য। এই অঞ্চলৰ সম্ভৱত সর্ববৃহৎ এই গছজোপা সংৰক্ষণ আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক হিচাপে থিয় হৈ আছে। যাত্রা পথত পৰৱৰ্তী লক্ষ্য হ’ব সৰভোগ। গাখীৰৰ সৰৰ পৰাই এই ঠাইৰ নাম সৰভোগ হৈছে। নামৰ যথার্থ প্রকাশ কৰি সৰভোগৰ গাখীৰ, ক্ৰীম আৰু দৈয়ে হৃদয় চুই যায়। ইয়াতেই দেখা পাব আধ্যাত্মিক কেন্দ্র গৰখীয়া গোসাঁইৰ থান। শ্রীকৃষ্ণৰ এই মন্দিৰে ভক্তক আকৰ্ষণ কৰে। ইয়াৰ চৌহদত থকা এজোপা গছত আপুনি গামোচা বান্ধি মনোবাঞ্ছা পূৰণৰ প্ৰাৰ্থনা কৰিব পাৰে। এই পৰম্পৰাই স্থানীয় সংস্কৃতি আৰু অর্থনীতি দুয়োটাকে সমৃদ্ধ কৰিছে। 

      অকল ইমানেই নহয়, সৰভোগত, আৰু আছে দ্বিতীয় বিশ্বযুদ্ধৰ ইতিহাসৰ হেৰাই যোৱা এটা অধ্যায়। পাঁচ কিল’মিটাৰ নিলগত থকা বৰনগৰত আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বিমান বন্দৰৰ সংলগ্ন কেইটামান পুনৰ নিৰ্মাণ কৰা সেই সময়ৰ ঘৰ। এইবোৰ এতিয়া স্থানীয় লোকে অধিকাৰ কৰিছে আৰু তেওঁলোকে আপোনাক নানা কাহিনী আৰু বন্ধুত্বৰে স্বাগতম জনাব। কেতেকীবাৰীতো থকা জুপুৰি সদৃশ খালী ঘৰবোৰে বিশ্বযুদ্ধৰ ইতিহাস সোঁৱৰাই থাকে। অৱশ্যে প্রতিটো বাৰিষাতে গতিপথ সলনি কৰা বেঁকী নদীয়ে ইয়াৰ পাৰত নিৰ্মাণ কৰা মূল বিমান বন্দৰটো দুর্ভাগ্যজনকভাৱে গ্রাস কৰিলে। আজিৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ধাৰণাৰ জনক নাট্যাচার্য ব্রজনাথ শর্মা (১৮৯৪-১৯৬০) নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ সময়ত এই বিমান বন্দৰটো স্বাধীনতা সেনানীসকলে জ্বলাই দিছিল।

  সৰভোগলৈ যাত্ৰাৰ পিছত মানস ৰাষ্ট্ৰীয় উদ্যানলৈকো আগবাঢ়িব পাৰি। উভতি আহোঁতে অঞ্চলটোৰ হয়তো আটাইতকৈ পুৰণি সত্ৰ বৰপেটা সত্ৰ দৰ্শন কৰিব পাৰ। ১৫৮৩ চনত মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এই সত্ৰখনে পৰৱৰ্তী সত্ৰবোৰৰ আৰ্হি হিচাপে কাম কৰিছিল। পৰম্পৰাগত শিল্প, সংস্কৃতি আৰু সেউজ আতচ বাজীৰ ভঁৰাল বৰপেটা নগৰখন হ’ল ঐতিহ্যৰ কেন্দ্রবিন্দু। ইয়াত থকা নৱ-বৈষ্ণৱ সত্র, ঐতিহাসিক আৰু সাংস্কৃতিক কীর্তিচিহ্নসমূহে পর্যটনকাৰীক আকৰ্ষণ কৰি আহিছে। ইয়াতে আছে বৰপেটা সংগ্ৰহালয়। দ্বিতীয় আৰু চতুর্থ শনিবাৰ, সোমবাৰ আৰু চৰকাৰী বন্ধৰ দিনত অৱশ্যে সংগ্রহালয় বন্ধ থাকে। এই সংগ্রহালয়ত ভাস্কর্য, বাদ্যযন্ত্র, বস্ত্র, অলংকাৰ, প্রাচীন পাণ্ডুলিপি আৰু মুদ্ৰাৰ বিৰল সংগ্ৰহ আছে। আৰু একেবাৰে শেষত দোকানত সোমাই পৰম্পৰাগত অসমীয়া অলংকাৰ গামখাৰু, ঢোলবিৰি আদি ক্ৰয় কৰিব পাৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *