Rhododendran week festival

অসম পূৱ ভুটানঃ সীমা অতিক্ৰম কৰা পৰ্যটন

পূৱ ভুটানৰ আত্মালৈ যাত্রা কৰি সীমান্তৰ অসম ফালে থকা দৰঙাৰ পৰাই বাট আৰম্ভ হয় গৰম চাহৰ ভাপ, বাণিজ্যৰ হুলুস্থুল , দৈনন্দিন আদান-প্রদানৰ তালেৰে বতাহ উত্তাল হৈ পৰা ঠাই। তথাপিও এইটো কোনো ক্রছিং পইন্ট নহয়, ই এটা সুৰংগ সদৃশ, য’ত সীমা কোমল হয় আৰু কাহিনী আৰম্ভ হয়।

ঠিক সিপাৰে পাহাৰৰ তলত সোমাই থকা আৰু হিমালয়ৰ পৰ্বতৰ দূৰৈৰ ঢৌৱে আলিংগন কৰা ছামদ্ৰুপজংখা অৱস্থিত। ই ভুটানৰ পূৱৰ সীমাৰ গ্রহৰী। সাম্রাজ্যখনৰ অন্যতম পুৰণি চহৰ, ই প্রাচীন কালৰে পৰা তীর্থযাত্রী, ব্যৱসায়ী আৰু সাধকসকলৰ বাবে এক পথ। আজি সচেতন ভ্রমণৰ যুগত ই কেৱল গতিৰ নহয়, সংযোগৰ স্থান। ইয়াৰ পৰা আগবাঢ়ি গ’লে বতাহ স্বাদময় হৈ পৰা দেখা যায়। বতাহে ভুটানৰ জাতীয় খাদ্য ইমাদাটছিৰ সুগন্ধি বহন কৰা দেখা যায়। ইয়াক পনীৰত ডুবাই থোৱা সেউজীয়া জলকীয়া, কোমল টিংমো বা বাদামৰ দৰে ৰঙা চাউলৰ সৈতে পৰিবেশন কৰা হয়। ওপৰত ছটিয়াই দিয়া হয় জলকীয়া-হালধিৰ চাটনি। জোংখা শব্দ ‘ইমা’ অর্থাৎ জলকীয়া আৰু ‘দাটছি’ অর্থাৎ পনীৰৰ পৰা এই খাদ্যব নাম হৈছে। ভুটানলৈ ই এক খাদ্যৰে আদৰণিৰ দৰে।

ছামদ্ৰুপজংখাৰ পৰা পথটো লাহে লাহে ৰূপৱতী বক্রতাৰে  ভুটানৰ পূব পাহাৰ আৰু ট্রাছিগাঙৰ ভাঁজবোৰলৈ চলে যাত্রা। ছঘন্টীয়া পথটো আপুনি ভুটানৰ চালকসকলৰ দক্ষতাৰ ওপৰত সর্বোত্তমভাৱে নির্ভৰ কৰিবলৈ বাধ্য, স্থিৰ হাত আৰু পাহাৰৰ উশাহ-নিশাহৰ লগত মিলি যোৱা এই যাত্রা। চেগুন গছৰ অৰণ্য আৰু কাণত টৌ তোলা বতাহৰ মাজেৰে ২,৪৩০ মিটাৰ উচ্চতাত থকা খাৰুংলা পাছলৈ উঠি যোৱাৰ আগতে কাংলুঙলৈ নামি যায়, য’ত শ্বেৰুবটছে কলেজ ডাৱৰেৰে আবৃত্ত আকাশৰ তলত প্ৰহৰী হৈ থিয় হৈ আছে।

শেষত ১৭ শতিকাৰ স্মৃতিৰে সমৃদ্ধ ট্রেছিগাঙে কৃপাৰে আদৰণি জনায়। চাৰিওদিশে উশাহৰ দৰে উৰি ফুৰা প্রার্থনা, আনন্দ আৰু নিৰাময়ৰ বাবে বহুৰঙী পতাকা চকুত ভাহি উঠে। ইয়াৰ সীমাৰ কাষে কাষে পক্ষী নিৰীক্ষকসকলে গোট খাই হাঁহি থকা থ্ৰাছ,  ৰড’ডেন্ড্ৰ’নৰ বাগিচাবোৰত খেদি ফুৰা ট্রেগোপান নামৰ এবিধ চৰাই উপভোগ কৰে।

আশী কিল ‘মিটাৰ পশ্চিম দিশত ছন্দ আৰু শিল্পকলাৰ দ্বাৰা ডুব যোৱা গাঁও মংগাৰ। ই নিপুণ বয়নকাৰী আৰু প্রাচীন বস্ত্ৰ পৰম্পৰাৰ বাবে পৰিচিত, গাইডৰ দ্বাৰা ভ্ৰমণৰ সময়ত আপুনি তাঁতশাল চলি থকা দেখিব। মংগাৰত কাপোৰ কেৱল চিলাই কৰাই নহয়, শিপা আৰু বাকলিত ৰং কৰা সূতা আৰু আইতাকৰ পৰা নাতিনীয়েকলৈ চলি অহা পৰম্পৰাৰে অংকন কৰা হয়।

বসন্ত আহক, যদি আপুনি এপ্রিল-মে’ মাহত ভুটানত নিজকে বিচাৰি পায়, তেন্তে আপুনি লেম্পেৰীৰ ৰয়েল ব’টানিকেল পার্কখন ফুলি উঠা দেখিব। তেতিয়া ৰ’ড’ডেন্ড্রন উৎসৱটো এটা জীৱন্ত টেপেষ্ট্ৰীৰ দৰে। ইয়াত ২৫টাতকৈও অধিক প্ৰজাতিৰ ফুল ফুলি উঠে, প্রতিটো ফুল শক্তি, স্থিতিস্থাপকতা আৰু নৱীকৰণৰ প্ৰতীক। তথাপি এই যাত্রা কেৱল প্রাকৃতিক দৃশ্যৰ নহয়, শিপাৰ সন্ধানৰ যাত্রা। যুগ যুগ ধৰি অসম আৰু ভুটানৰ মাজৰ এই কৰিড’ৰটোৱে পৱিত্ৰ পদপথেৰে স্পন্দন কৰিছিল। ১৫৪০ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য ভৱানন্দই এই কৰিড’ৰেৰে যাত্রা কৰিছিল। আজিও ভুটান তীর্থযাত্রীসকলে হাজোৰ হয়গ্ৰীৱ মাধৱ আৰু শুৱালকুছিৰ সিদ্ধেশ্বৰৰ দৰে অসমৰ পৱিত্ৰ স্থানলৈ যাত্ৰা কৰাৰ লগতে পোছাং হিচাপে পুনৰ জন্ম লোৱা সৰ্থেবাৰীৰ কাঁহ- ধাতুৰ সম্পদবোৰে ভূটানৰ মঠৰ মাজেৰে প্রতিধ্বনিত হৈ একেটা গীততে দুখন জগতৰ সুৰৰ সমাহাৰ ঘটায়।

ভূটানে ‘উচ্চ মূল্য, কম প্রভাৱ’ৰ নীতি লোৱাৰ পাছত আৰু অসমৰ দৰঙাত সংহত চে’ক প’ষ্ট মুকলি হোৱাৰ লগে লগে সীমান্তই দলঙৰ স্থান ল’লে। অসম-ভূটান কনচর্টিয়ামে (এবিচি) কাহিনী আৰু আত্মাৰ দ্বাৰা গঠিত যাত্ৰাৰ কিউৰেট কৰে, ভ্ৰমণক কেৱল গতিৰ পৰা অৰ্থলৈ ৰূপান্তৰিত কৰে। কিছুমান শক্তিশালী দলং তীখাৰে নহয়, কাহিনীৰে নিৰ্মিত। সীমান্ত অতিক্ৰম কৰা পৰ্যটন তেনে ধৰণৰ। 

Leave a Comment

Your email address will not be published. Required fields are marked *