উর্বশী দ্বীপ

ইতিহাস, সংস্কৃতি, ৰহস্য এই সকলোবোৰৰে ঊর্ধ্বত উর্বশী দ্বীপ। ই হ’ল ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতৰ পৰা উঠি অহা এটা আকর্ষণীয় শিলৰ দ্বীপ, যিটো গুৱাহাটীৰ পাণবজাৰৰ জীপাল নদীৰ পাৰৰ সমীপত।


ই হ’ল প্রাচীন শিল্পকলা, আধ্যাত্মিক তাৎপর্য আৰু আদিম অসমৰ সাংস্কৃতিক উজ্জ্বলতাৰ।

কেই বছৰমানৰ আগলৈকে ফেব্ৰুৱাৰী আৰু মার্চ মাহত পানী শুকাই যোৱা নদীখনেদি উন্মুক্ত হৈ থকা বালিৰ পাৰৰ ওপৰেৰে খোজকাঢ়ি দ্বীপটোলৈ যাব পাৰিছিল। এতিয়া এই প্রাকৃতিক পথটো নোহোৱা হোৱাৰ পাছৰেপৰা এই দ্বীপটো ৰিভাৰ ভিউ পইণ্টৰ পৰা বা ব্ৰহ্মহ্মপুত্র নদীৰ সিপাৰে উত্তৰ গুৱাহাটীক সংযোগ কৰা ৰোপৱে’ৰ পৰা (ৰোপৱে’ প্রতি মাহৰ ২ আৰু ৪ বৃহস্পতিবাৰে বন্ধ হৈ থাকে) দ্বীপটো দেখা পোৱা যায়। সম্ভৱতঃ পৌৰাণিক আকাশী অপেশ্বৰী উর্বশীৰ নামেৰে ইয়াক নামকৰণ কৰা হৈছে।



কেবুল কাৰ যাত্রাই শুকান মাহত দ্বীপটোৰ খন্তেকীয়া আভাস ইমান ওপৰৰ পৰা প্ৰদান কৰে যদিও জটিল ভাস্কর্যবোৰ ছয়াময়া হৈয়েই থাকে।

উর্বশী দ্বীপৰ ঐতিহ্য ভংগুৰ আৰু চিৰস্থায়ী দুয়োটা। জটিলভাৱে খোদিত ভাস্কর্য আৰু বিশ্বাস কৰা হয় নৱম ১১ শতিকাৰ এটা প্রাচীন মন্দিৰৰ অৱশিষ্টৰে সজ্জিত, ইয়াত আধ্যাত্মিক ভক্তি আৰু কাৰুকাৰ্যৰ কাহিনী কোৱা হয়। প্রতিটো বাৰিষাতে শক্তিশালী ব্রহ্মপুত্রই দ্বীপটোক আগুৰি ধৰে, ইয়াৰ ভাস্কর্যসমূহ খহাই লৈ যায় আৰু ইয়াৰ গল্পময় অতীতৰ খণ্ডবোৰ কঢ়িয়াই লৈ যায়। তথাপি বানপানী কমি যোৱাৰ লগে লগে দ্বীপটো ফিনিক্সৰ দৰে পুনৰ উত্থান ঘটায়। প্রকৃতিৰ অদম্য শক্তিৰ বিৰুদ্ধে স্থিতিস্থাপক হৈ থিয় দি থকা এই দ্বীপটো সাংস্কৃতিক সম্পদ হৈয়েই আছে। বিষ্ণুৰ দহটা অৱতাৰৰ ব্যাপক চিত্রণে উর্বশী দ্বীপক এক অতুলনীয় ৰত্ন কৰি তুলিছে। এই অসাধাৰণ সংকলনত মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামণ, ৰাম, পৰশুৰাম, বুদ্ধ আৰু কল্কি আদি অন্তর্ভুক্ত। ইয়াৰ আন আন সম্পত্তিৰ ভিতৰত সূর্য দেৱতাৰ সুন্দৰ চিত্ৰ আৰু গদা, চক্র, শংখ আৰু কটক মুদ্রা (ইংগিত) ধৰি চাৰিটা বাহু লৈ বিষৰ এক মহিমামণ্ডিত মূর্তি আছে। যাৰ দুয়োফালে লক্ষ্মী আৰু সৰস্বতী আছে, যিয়ে ধন আৰু প্ৰজ্ঞাক মূর্ত কৰি তুলিছে। শিৱলিংগৰ সমান্তৰালভাৱে গণেশৰ ভাস্কৰ্যই দ্বীপটোৰ আধ্যাত্মিক আভাক আৰু অধিক সমৃদ্ধ কৰিছে। দুটা শাৰীৰ ছিৰিবোৰ, যিবোৰে সম্ভৱতঃ এসময়ত এটা মন্দিৰলৈ লৈ গৈছিল, ইয়াৰ ৰহস্য বৃদ্ধি কৰে।


ইয়াৰ বহু ভাস্কর্য ব্ৰহ্মপুত্ৰৰ মাজৰ এটা দ্বীপ তথা নাতি-দূৰত্বত থকা ভস্মাচল পাহাৰত অৱস্থিত উমানন্দ মন্দিৰৰ ফালে মুখী। বাৰিষাৰ সময়ত বিপদৰ সতর্কবাণী হিচাপে কাম কৰা বুলি বিশ্বাস কৰা এটা স্তম্ভও উর্বশী দ্বীপত থিয় হৈ আছে। জন বাটলাৰৰ ১৮৪৭ চনৰ ‘এ স্কেচ্ছ অব্ আছাম-উইথ ছম একাউন্ট অব দ্য হিল ট্রাইবছ’ নামৰ কিতাপখনত এক আকর্ষণীয় চিত্ৰত ইয়াৰ বিষয়ে বন্দী কৰা হৈছে।


আজি যদিও দ্বীপটোৰ ভৌতিক অৱস্থা সংৰক্ষণ কৰাটো এটা প্রত্যাহ্বানমূলক কাম আৰু শিলৰ ভূ-খণ্ডত প্ৰৱেশ কৰাটোও সমানেই কষ্টকৰ, ডিজিটেল আর্কাইভৰ জৰিয়তে ইয়াৰ সম্পদসমূহ নথিভুক্তকৰণে নিশ্চিতভাৱে ইয়াৰ কাহিনী আগন্তুক সময়ৰ বাবে সংৰক্ষণ হোৱাটো নিশ্চিত কৰিব পাৰে। উর্বশী দ্বীপ কেরল ঐতিহাসিক স্থান নহয়, অসমৰ চহকী ঐতিহ্য আৰু কলাত্মক উজ্জ্বলতাৰ জীৱন্ত প্রতীক। ই অতীতৰ দলং হিচাপে থিয় হৈ আছে, আমাক সোঁৱৰাই দিছে যে ব্ৰহ্মপুত্ৰৰ ঘূর্ণীয়মান সোঁতৰ তলত অকথিত কাহিনীবোৰ পৰি আছে, যিবোৰ আৱিষ্কাৰ হ’বলৈ অপেক্ষা কৰি আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *