নাট্য পর্যটন কেৱল এটা অভিনয় চোৱাতকৈও অধিক। ই হৈছে এখন ঠাইৰ হৃদয়লৈ নিমজ্জিত হোৱাৰ যাত্রা, য’ত গল্পই পৰম্পৰা, মূল্যবোধ আৰু সম্প্রদায়ৰ মনোভাৱক প্রতিফলিত কৰে। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অংকীয়া নাটৰ পৰা আৰম্ভ কৰি গতিশীল ভ্রাম্যমাণ (ম’বাইল) থিয়েটাৰলৈকে অসমে দীর্ঘদিন ধৰি গল্প কোৱাৰ এক শক্তিশালী মাধ্যম হিচাপে নাটকক আঁকোৱালি লৈছে। এতিয়া ৰাজ্যখন এক নতুন বিৱর্তনৰ পথ প্রদর্শক-ইক’-থিয়েটাৰ আৰু ছাইট-স্পেচিফিক থিয়েটাৰ, য’ত প্রকৃতি নিজেই মঞ্চ হৈ পৰে।


পাট কাপোৰৰ ভূমি শুৱালকুছিত কেতিয়াবাই নাটকে ভক্তি ৰূপ ধাৰণ কৰে। ঠেক বাট-পথবোৰ বাট-ভাওনাৰ বাবে এক বিশাল মুকলি মঞ্চলৈ ৰূপান্তৰিত হয়- পৱিত্ৰ ৰাজপথৰ অভিনয়, যিয়ে শতিকা পুৰণি আধ্যাত্মিক আখ্যানক জীৱন্ত কৰি তোলে। মহাপুৰুষ জনাৰ জন্মজয়ন্তীৰ প্রাকক্ষণত পৰিৱেশন কৰা এই এদিনীয়া দৃশ্য গাঁৱৰ আলিবাটলৈ সিঁচৰতি পৰে। স্থানীয় পুৰুষ অভিনেতাসকলে ৰাজকীয় সাজ-পোচাক পৰিধান কৰে, নামঘৰৰ ভিতৰত নির্দিষ্ট স্থানত দক্ষ মেকআপ আর্টিস্টে সজাই তোলে। গোটেই নাটকখনত সংগীতজ্ঞ আৰু প্রমটৰসকল দৃশ্যমান হৈয়েই থাকে, কেতিয়াবা অভিনেতা হিচাপেও ভাগ লয়, যিয়ে স্বতঃস্ফূর্ত ভাৱে পৰিবেশ আৰু মনোমোহা কৰি তোলে। ১৯৩০ চনৰপৰা চলি থকা বাট-ভাওনাক অসাধাৰণ কৰি তোলাৰ কথাটো হ’ল এক আচাৰ-ব্যৱহাৰমূলক বাজপথ পৰিষ্কাৰ কৰা, যি পৱিত্ৰ শিল্পৰ উন্মোচনৰ আগতে শুদ্ধিকৰণৰ প্রতীক। ই কেৱল ভ্ৰাম্যমাণ থিয়েটাৰতকৈও অধিক, ভ্রমণকাৰীসকলক অসমৰ আধ্যাত্মিক আৰু কলাত্মক ঐতিহাৰ সৈতে গভীৰ সংযোগ প্রদান কৰা এক সাংস্কৃতিক তীর্থযাত্রা।


অসমৰ ইক’-থিয়েটাৰ আন্দোলনৰ আন এটা উল্লেখযোগ্য কেন্দ্র হ’ল ‘বাডুংদুপ্পা কলাকেন্দ্র’। ১৯৮৮ চনত গোৱালপাৰাৰ ৰামপুৰত শুক্রাচার্য ৰাভাই ইয়াক প্রতিষ্ঠা কৰিছিল। যদিও ২০১৮ চনত মাত্র ৪১ বছৰ বয়সতে তেওঁৰ মৃত্যু হয়, তথাপি তেওঁৰ উত্তৰাধিকাৰ আৰু উৎসৱৰ ধাৰাবাহিকতা ৰক্ষা কলাকেন্দ্রৰ জৰিয়তে চলি আছে য’ত তেওঁৰ পৰিৱেশ অনুকূল আৰু সাংস্কৃতিক পুনৰুজ্জীবনৰ দৃষ্টিভংগী স্থায়ী হৈ আছে। স্থানীয় উৎসৱ খেৰ আৰু বাঁহৰ পৰা নির্মিত এই কেন্দ্রত ‘একটিং নেচাৰেল’ৰ দৰ্শনৰ সাৰ্থক প্রতিফলন। ডিচেম্বৰৰ মাজভাগত কলাকেন্দ্রই ‘আণ্ডাৰ দ্য শাল ট্রা’ উৎসৱ আয়োজন কৰে, য’ত কৃত্রিম পোহৰ বা মাইক্র’ফ’ন অবিহনে শান্ত শাল গছ বাগিচাৰ মাজত অনুষ্ঠান পৰিৱেশন কৰা হয়। শূন্য কার্বন ফুট প্রিন্টৰ বাবে উদ্যাপিত এই মহোৎসৱত বাঁহ আৰু খেৰৰ আসন ব্যৱহাৰ কৰি এক নিমজ্জিত, পৰিবেশ সচেতন নাট্য অভিজ্ঞতাৰ বাবে ব্যৱহাৰ কৰা হয়, যিয়ে নাটকক প্রকৃতিৰ সৈতে বিলীন কৰাব দৰ্শনৰ পৰা অনুপ্রাণিত। সমগ্র ভাৱত আৰু ইয়াৰ বাহিৰৰ শিল্পীসকলক কেন্দ্রৰ এই প্রচেষ্টাই আকর্ষণ কৰে।


অসমৰ সাংস্কৃতিক পর্যটনৰ পৰিৱেশ গঢ় দিয়া আন এক ইক’-থিয়েটাৰ পদক্ষেপ আছে- গুৱাহাটীৰ সমীপৰ সোণাপুৰত মণিমালা দাসৰ নেতৃত্বত গঢ়ি উঠিছে ‘ডেংগাবলী হাব’। ডিচেম্বৰৰ শেষৰ ফালে বার্ষিক টাইডছ ইক’-থিয়েটাৰ ফেষ্টিভেলৰ বাহিৰে ডেংগাবলী বছৰজুৰি চলি থকা সাংস্কৃতিক কেন্দ্রলৈ পৰিণত হৈছে। কেন্দ্রটোত ফটোগ্রাফী প্রদর্শনী, পুতলা প্রদর্শন, হেণ্ডলুম কৰ্মাৰ আৰু কেম্পিঙৰ ব্যবস্থা কৰা হয়। ট্যুৰ অপাৰেটৰসকলে ইয়াক এক অনন্য পর্যটন সামগ্রী হিচাপে প্ৰচাৰ কবে। শিক্ষানুষ্ঠানসমূহেও ইয়াৰ অভিজ্ঞতাভিত্তিক পদ্ধতিক আঁকোৱালি লয়, ছাত্র-ছাত্রীসকলক হাতে-কামে শিক্ষণৰ বাবে আনে। প্রায় ৩৫ বিধ প্রজাতিৰ চৰাই আৰু ওচৰৰ দিকচাক গাঁওখনে এক প্রামাণিক গ্রাম্য অভিজ্ঞতা প্ৰদান কৰা ডেংগাবলীয়ে সংস্কৃতি আৰু প্ৰকৃতিৰ মাজত আন্তঃগাঁথনি স্থাপন কৰিছে।


অসমত ভ্রাম্যমাণ এতিয়া কেৱল প্রেক্ষাগৃহত আবদ্ধ হৈ থকা নাই, ই মুকলি আকাশ, সোণালী গধূলিৰ উশাহ লয়। বাট-ভাওনা, আণ্ডাৰ দ্য শাল ট্রী আৰু ডেংগাবলীৰ সহায়ত নাট্য পর্যটন এনে এক অভিজ্ঞতালৈ ৰূপান্তৰিত হয়, য’ত পৰিবেশন আৰু প্ৰকৃতিৰ অস্তিত্ব একাত্ম। মঞ্চ হৈছে পৃথিবী, পটভূমি হৈছে অৰণ্য আৰু সামৰণি আহ্বান হৈছে অস্ত যোৱা সূর্য।
