বস্ত্ৰ ভ্ৰমণ

অভিজ্ঞতাৰ সোৱাদ লোৱাৰ বাবে অসম এক উত্তম গন্তব্যস্থান, তালিকাৰ শীৰ্ষত আছে হস্তশিল্প আৰু হস্ততাঁত। গাঁৱৰ ঘৰবোৰ ভ্ৰমণ কৰক যত বয়ন হৈ পৰিছে গঞাৰ জীৱনশৈলীৰ অংশ, সেই জীৱন শৈলী এতিয়া ৰাজ্যখনৰ ভ্ৰমণৰো অবিচ্ছেদ্য অংশ। হেণ্ডলুম আৰু চেৰিকালচাৰ পৰম্পৰাৰ সুন্দৰ ধাৰাবাহিকতাক শলাগ লোৱাৰ লগতে তাঁতশালবোৰে খটখট কৰা শব্দবোৰ আৰু সূতাবোৰে ৰঙীন আৰ্হিত বোৱাটো চাবলৈ আকর্ষণীয়।

বহুদিনৰ পৰাই অসম তিনিবিধ ৰেচমৰ বাবে বিখ্যাত। সাধাৰণতে অসম ৰেচম নামেৰে জনাজাত মুগা, পাট আৰু এৰী। আহোম শাসনৰ (১২২৮-১৮২৮) সময়ৰ পৰাই ৰেচম উদ্যোগটো ৰাজ্যৰ গৌৰৱৰ থলী হৈ আহিছে, সেই সময়ত মুগা বিশেষকৈ অসমীয়া মানুহৰ জীৱনৰ অংশ হৈ পৰিছিল। তেতিয়া অৱশ্যে মুগা অভিজাত শ্ৰেণীৰ বাবেহে আছিল। আনহাতে এৰী কাপোৰ সাধাৰণ মানুহে পিন্ধিছিল। আজিকালি পিছে ডিজাইনাৰসকলে এৰী ৰেচমৰ বিশেষ পাতল গুণৰ শলাগ লৈছে, গৰমৰ দিনত ই কেনেকৈ শৰীৰক ঠাণ্ডা কৰি ৰাখে আৰু শীতকালত গৰম কৰি ৰাখে, সেয়া মানুহে উপলব্ধি কৰিছে। আৰু আজি সেয়ে এৰী দ্রুতগতিত উন্নত ফেশ্বনৰ কাপোৰত পৰিণত হৈছে। 

এৰীৰ আকৰ্ষণীয় জীৱনচক্রটো অন্বেষণ কৰাতো কেতিয়া ভাল? গুৱাহাটীৰ পৰা ৪৫ কিল’মিটাৰ দূৰত থকা বিখ্যাত ৰেচম বোৱা গন্তব্য স্থান শুৱালকুছিৰ বাহিৰেও ৬০ কিল’মিটাৰ দূৰত থকা ছয়গাঁৱত আপুনি এক মনোমোহা সংস্কৃতিৰ সাক্ষী আৰু অভিজ্ঞতা  লাভ কৰিব পাৰে। ই হ’ল এটা ক্ষুদ্ৰ কুটিৰ উদ্যোগ, য’ত আপুনি এৰী ৰেচম বয়নৰ অ-আ-ক খৰ  সাক্ষী হ’ব। ইয়াত আপুনি কেইবাটাও ঘৰলৈ যাব পাৰে— য’ত অতিথি পৰায়ন গাৱৰ মানুহে আপোনাক চাহকাপ নোখোৱাকৈ যাবলৈ নিদিয়ে আৰু শিকিব পাৰে যে কেনেকৈ এৰী পলুৱে কেচেৰু গছৰ পাত খায়, কেনেকৈ ৩০-৩২ দিনৰ পিছত ৰেচম পোকটাৱে নিজৰ খোলাটো ঘূৰাবলৈ ওলাই যায়, পোকটো কেনেকৈ ওলাই যায় লেটাৰ পৰা, তাৰ পিছত কেনেকৈ কাটিবলৈ চপোৱা হয় আৰু শেষত সূতাবোৰ কেনেকৈ চাহপাত, পিঁয়াজৰ বাকলি, লেক পোক আৰু লোহাৰ গুড়িৰে ৰং কৰা হয়। তেতিয়া আপুনি বুজি পাব যে এৰীক কিয় ‘শান্তিৰ কাপোৰ’ বুলি কোৱা হয় আৰু ইয়াক কিয় বৌদ্ধ সন্ন্যাসী আৰু নিৰামিষভোজীসকলে ভাল পায়।

Leave a Comment

Your email address will not be published. Required fields are marked *