দক্ষিণ কামৰূপ চৰাই আৰু ডলফিনৰ মাজত এটা দিন

বহু আকৰ্ষণীয় ঠাইৰ সমাহাৰেৰে দক্ষিণ কামৰূপ হৈছে এটা সম্পূৰ্ণ দিন স্ফুৰ্তিৰে পাৰ কৰা ঠাই ৷ গুৱাহাটীৰ পৰা ৪০ কিঃমিঃ যোৱাৰ পাছত অসমৰ পৰিৱেশতন্ত্ৰক সজীৱ কৰা অসংখ্য বিলৰ অন্যতম ৰামপুৰৰ ড’ৰা বিলত উপস্থিত হ’ব। ইয়াত অলপ টহল দিলে জলাশয় আৰু ঘাঁহনিত চৰাইবোৰ দেখি ইয়াৰ চহকী জীৱ-বৈচিত্র্যত বিলীন হ’বলৈ সহায় কৰে। গ্ৰীষ্মকালত হুইস্কাৰ্ড টাৰ্ন আৰু ফিজেণ্ট-টেইলড জাকানা দেখা পাব পাৰে। আনহাতে, শীতকালছোৱা হ’ব পাৰে পেচিফিক গ’ল্ডেন প্লভাৰ, নর্ডান লেপউইং, ব্লুথ্রট, হিমালয়ান গ্ৰীফন শগুন আৰু অনেক প্ৰজাতি সংগাপনে লক্ষ্য কৰাৰ সময়। 

ইয়াৰ পৰা কেই কিল’মিটাৰমান আঁতৰত থকা ১৯২৫ চনত নিৰ্মিত ভগৱতীপাৰাৰ সমীপৰ ৰজাপুখুৰী গাৱৰ সংস্কৃত টোল পাৰ হ’লেই আপোনাৰ চকু নিবদ্ধ হ’ব পদুম ফুলেৰে ভৰা এটা ঐতিহাসিক পুখুৰীত। সেই সময়লৈকে আপুনি গৈ উপস্থিত হ’ব অতিথি পৰায়ণ কুমাৰ (মৃৎশিল্পী) সমাজৰ গাঁৱৰ চোতালত । আৰু ইয়াত তেওঁলোকে মাটিৰ চাক ঘূৰোৱা, মাটিৰ পৰা চাকি তৈয়াৰ কৰা দেখিলে আপুনি একেথিৰে বহি থাকিব নোৱাৰে। তেওঁলোকে আপোনাক দেখুৱাব কেনেকৈ মাটিৰ চাকিত অংকন কৰিব লাগে আৰু সেমেকি থকা মাটি চাকিবিলাক ভাতীত পোৰাৰ আগতে কেনেকৈ ৰ’দত ৰখা হয়, সেয়াও ক’ব। আগ্রহী আৰু উদ্যমীসকলে এই মাটি চাকি তৈয়াৰ কৰাৰ চেষ্টা কৰাৰ লগতে চাকখন ঘূৰাই অভিভূত হ’ব পাৰে।

এই সন্তুষ্টিকৰ অভিজ্ঞতাৰ মাজতে ছয়গাঁৱৰ চন্দ্ৰিকা মন্দিৰলৈ বুলি আৰু পোন্ধৰ মিনিট গাড়ীৰে আগবাঢ়ি যাব লাগিব। ১৭ শতিকাত আহোম স্বৰ্গদেউ শিৱ সিংহই প্রথমে নিৰ্মাণ কৰোৱা আৰু ১৮৯৭ চনত হোৱা’ ভূমিকম্পৰ পাছত পুনৰ নিৰ্মাণ কৰা এই মন্দিৰটো দুর্গোৎসৱ পালন আৰু বিভিন্ন প্ৰজাতিৰ মাছ আৰু কাছ থকা পুখুৰীটোৰ কাৰণে বিখ্যাত।

মন্দিৰৰ পৰা ওলাই আহি বিয়লিৰ শেষৰ ফালে ছয়গাঁৱৰ কুকুৰমাৰাৰ ওচৰৰ কুলচি নদীৰ পাৰঘাটত গৈ পাব, য’ত গোটেই বছৰজুৰি দেখা যায় নদী ডলফিনবিলাক। ইয়াৰ ডলফিনবিলাক আন নদী ডলফিনৰ দৰে প্ৰধানকৈ বাৰিষাৰ সময়ত দেখা পোৱাৰ দৰে নহয় ৷ গেংগেটিক ৰিভাৰ ডলফিন, যি স্থানীয়ভাৱে ‘শিহু’ নামেৰ পৰিচিত, কেৱল চাফা পানীতহে থাকে আৰু ইহঁত হ’ল অন্ধ সেয়ে, ইহঁতে আলট্ৰাছনিক শব্দ বাহিৰ কৰি চিকাৰ কৰে। ইহঁতবিলাক খুব স্ফুর্তিবাজ আৰু পানীৰ ওপৰলৈ বাৰে বাৰে ভোটোঙাই ওলাই প্রত্যক্ষদর্শীক জোকাই ভাল পায়। এয়া যেন এক দীর্ঘস্থায়ী আনন্দপূর্ণ দর্শন।

Leave a Comment

Your email address will not be published. Required fields are marked *