সৰ্থেবাৰী

অসমত কাঁহেৰে নিৰ্মিত সা-সামগ্ৰী বাঁহৰ শিল্পকৰ্মৰ সমানেই সর্বত্রে উপলব্ধ। অসমৰ দ্বিতীয় বৃহত্তৰ হস্তশিল্প কাঁহৰ বিভিন্ন সামগ্ৰী আৰু সঁজুলিবোৰ দৃষ্টিনন্দন বাবেই মানুহৰ মনোযোগ আকৰ্ষণ কৰে। তাম আৰু টিনৰ সংমিশ্ৰণ এই সংকৰ ধাতু ব্ৰঞ্জতকৈ পৃথক আৰু ইয়াত টিনৰ পৰিমাণ অধিক হোৱাৰ বাবে অসমীয়া কাৰুশিল্পীয়ে ঘৰুৱা আৰু ধৰ্মীয় কাম-কাজত ব্যৱহৃত বাচন-বৰ্তন নিৰ্মাণৰ ক্ষেত্ৰত অধিক পচন্দ কৰে।

এই ধাতুবিধক ব্যৱহাৰ আৰু প্ৰদৰ্শনৰ উপযুক্ত স্বকীয় এককলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়া প্রত্যক্ষ কৰা হয় অসমৰ সৰ্থেবাৰীত। গুৱাহাটীৰ পৰা প্ৰায় ৯০ কিল’মিটাৰ আঁতৰত অৱস্থিত সৰ্থেবাৰী পদাৰ্পণৰ অভিজ্ঞতা কোনেও হয়তো এৰি দিবলৈ নিবিচাৰিব। ই মানুহক হস্তশিল্পীসকলে পুৰণিকলীয়া সা-সঁজুলি ব্যৱহাৰৰ জৰিয়তে ধাতু গলাই ভাঁজ দি, তাৰ পাছত তাক সাঁচত মাৰি চিকচিকীয়া কৰি শিল্পকৰ্মলৈ ৰূপান্তৰ কৰাৰ আগৰ মনোমুগ্ধকৰ পুৰণি দিনবোৰলৈ লৈ যাব। এই প্রযুক্তি ইমান অত্যাধুনিক নহয়, কিন্তু সৰল, অপূৰ্ব আৰু বিস্ময়কৰ। আৰু এই সামগ্ৰীবোৰ গঢ় দিয়া আৰু নির্মাণ প্রক্রিয়াত হস্তশিল্পীসকলে কৰা নিয়াৰি, হাতুৰি আৰু সবাহ ব্যৱহাৰৰ দৰ্শন এক আনন্দময় অভিজ্ঞতা। 

জাৰকালি আৰু বসন্ত কালেই সৰ্থেবাৰীলৈ যোৱাৰ আটাইতকৈ উপযুক্ত সময়। কিয়নো সেই সময়ত বতৰ ঠাণ্ডা আৰু শুকান হৈ থাকে। গ্রীষ্মকালত পুৱা সোনকালে ওলাই গৈ সন্ধিয়া দেৰিকৈ ঘূৰি অহাটোহে সমীচীন।

অহা-যোৱাৰ ৰাস্তাত অসমীয়া জাপি সজা প্রক্রিয়া প্রত্যক্ষ কৰিবলৈ মুগকুচি, তিলানা আদি যিকোনো গাঁৱতো ভুমুকি মাৰি আহিব পাৰি । জাপি নিৰ্মাণৰ স্নায়ুকেন্দ্ৰ এই গাঁওবোৰত অসমৰ এই থলুৱা শিৰাভৰণবোৰ হাজাৰৰ হিচাপত তৈয়াৰ কৰা হয় । টকৌ পাতৰ নুৰা আৰু আঁটি আঁটি বোৱাবাঁহেৰে নিৰ্মিত জাপি এতিয়া আৰু খেতিয়কৰ শিৰাভৰনেই হৈ থকা নাই, ই বিহু নৃত্যৰ প্ৰদৰ্শন আৰু অন্যান্য ধৰ্মীয়-সামাজিক উৎসৱৰ মূল শিল্প নিদৰ্শনত পৰিণত হৈছে।

অসমৰ কলা আৰু শিল্পৰ অন্বেষণ এক অতুলনীয় অভিজ্ঞতা। সৰ্থেবাৰীয়ে মানুহক এক মনোৰম অভিজ্ঞতাৰ তৃপ্তি প্ৰদান কৰে। খ্যাতি তাৰ স্বল্প, পিছে ইয়াৰ ভ্ৰমণ সার্থক।

Leave a Comment

Your email address will not be published. Required fields are marked *