ৰাণী-গৰভঙা

আকৰ্ষণীয় সমল আৰু অভিজ্ঞতাৰে বিয়পি পৰা এখন গ্রাম্য অঞ্চল হ’ব পাৰে এক আকর্ষণীয় আৱিষ্কাৰ। যদিহে ই কেৱল এখন চহৰৰ চুকত হয় তেন্তে সোণত সুৱগা । ৰাণী-গৰভঙা হৈছে বৃক্ষাবৃত পাহাৰ, উপত্যকা আৰু নদীৰে আগুৰা অসমৰ প্ৰাকৃতিক সৌন্দর্য। গুৱাহাটীৰ মাত্র ৩০ কিল’মিটাৰ নিলগৰ ৰাণীত আপুনি জীৱনৰ এনে এক গতি বিচাৰি পায় যাক আপুনি চিৰদিনৰ বাবে আঁকোৱালি ল’ব বিচাৰে। ইয়াৰ দ্বি-সাপ্তাহিক বজাৰ জৈৱিক সামগ্ৰী প্ৰাকৃতিকগতভাৱে উপলব্ধ আৰু মূল্যও সুলভ। আৰু প্ৰতি সোমবাৰে, মূল বজাৰৰ দিনটোত অসম আৰু মেঘালয়ৰ গাঁৱৰ মানুহে কঠিন ভূখণ্ড পাৰ হৈ নিজৰ ঘৰৰ ওচৰৰ পৰা সংগ্ৰহ কৰা বনজ সামগ্রী বিক্ৰী কৰে। ইয়াত থাকে কল,আদা,তামোল আৰু ৰাণী টিনালিত বিৰল বনৌষধি আৰু শাক-পাচলি। তাৰ পিছত এই উৎপাদিত সামগ্রী বিক্ৰী কৰি উপাৰ্জন কৰা ২০০ টকা বা তাৰ ওচৰা-উচৰি টকাৰে নিমখ, তেল-চাবোন কিনি, আনন্দেৰে খোজকাঢ়ি ঘৰলৈ উভতি যায়। 

আপুনি যদি আৰু অধিক অন্বেষণ কৰিব বিচাৰে তেন্তে প্রায় ১৫ কিল’মিটাৰ গাড়ী চলাই আমৰাংগা গাঁৱলৈ যাব পাৰে। সাহিত্য অকাদেমি, জ্ঞানপীঠ আৰু প্রিন্স ক্লাউজ সাহিত্য বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ ‘দঁতাল হাতীৰ উয়ে খোৱা হাওদাৰ’ আধাৰত নির্মিত ডাঃ সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ‘অদাহ্য’ নামৰ এখন ছবিৰ শ্বুটিং ইয়াতে কৰা হৈছিল।গাঁৱৰ সৌন্দৰ্যত বিলীন হৈ যোৱাৰ পিছত চাৰি  কিল’মিটাৰ গাড়ী চলাই আগবাঢ়িলে পাবগৈ ভোলাগাঁও-পাটগাঁও বৰমোকাম দৰগাহ শ্বৰীফৰ।ৰাণীৰ পৰা প্ৰায় ৬ কিল’মিটাৰ দূৰত আছে প্রাচ্যৰ বগা পিঠি আৰু চিকন ঠেংযুক্ত শগুনবোৰ বিলুপ্তিৰ পৰা ৰক্ষা কৰাৰ বাবে বি এইচ এন এছ আৰু অসম বন বিভাগৰ যৌথ  প্রকল্প শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ। ইয়াত থিয় হৈ আপুনি নিলগৰ চান্দডুবিৰ সৌন্দৰ্য প্রায় অনুভৱ কৰিব পাৰে (ৰাণীৰ পৰা ৩০ কিল’মিটাৰ)। চান্দডুবি হ’ল মনোৰম দৃশ্যৰে আৱৰা, যাক দেখিলেই ইন্দ্রিয় জাগ্রত হয়। ইয়াত আপুনি অলসভাবে জিৰণি ল’ব পাৰে বা নাৱত উঠিব পাৰে বা ট্ৰেকলৈ যাব পাৰে । 

অৱশ্যে গুৱাহাটীৰ ওচৰৰ গৰভঙা সংৰক্ষিত বনাঞ্চল (ৰাণী-গৰভঙাৰ) যাৰ বৈশিষ্ট্য হল অৰণ্যৰ সীমাৰেখা, খলকনি তোলা সোঁত আৰু অগণন চৰাই-চিৰিকটিৰে সৈতে পাহাৰীয়া অঞ্চল, আপুনি ইয়াক বাদ দিব নোৱাৰে। ব্লু-নেপেড পিটা, ক্রেষ্টেড গোশ্বক, অৰিয়েণ্টেল হানি-বাজার্ড,লার্জ চিমিটাৰ-বাবলাৰ,অৰিয়েণ্টেল ডৱাৰ্ফ কিংফিছাৰ,হুলুক গিবন, হাতী আদিৰ বাসভূমি আৰু আচৰিত ধৰণৰ পখিলাৰ ৰম্যভূমি এই সংৰক্ষিত বনাঞ্চলখন যাদুকৰী আকর্ষণেৰে সমৃদ্ধ ৷ গাইড নতুবা প্রকৃতিবিদৰ নিৰ্দেশনাৰে ইয়াত ভ্ৰমণ কৰক।

Leave a Comment

Your email address will not be published. Required fields are marked *