অসমৰ পুতলা শিল্প-পর্যটন

পৰ্যটনৰ লেন্সেৰে চালে পুতলা নাচ এনে এটা সাংস্কৃতিক পৰম্পৰা, যি ব্রহ্মপুত্র উপত্যকাৰ চিত্রময় গাঁওসমূহলৈ অহা দর্শনার্থীৰ অভিজ্ঞতাকন-ৰূপ দিয়ে। এই জনপ্রিয় লোককলাৰ মনোৰঞ্জন অনুষ্ঠান, চাংসাৰি, টিহু আৰু নলবাৰী অঞ্চলত অধিক সুলভ। লগতে গুৱাহাটীকে ধৰি নামনি অসম আৰু মধ্য অসমৰ নগাঁও আৰু মৰিগাঁও তথা উজনি অসমৰ মাজুলী আৰু তিতাবৰৰ মনোমোহা অঞ্চলতো ইয়াক দেখা পোৱা যায়। গতিকে যেতিয়া আপুনি অসমৰ গ্রামাঞ্চল অন্বেষণ কৰি ৰ’ড ট্রিপত থাকে, তেতিয়া নিশ্চিতভাবে ভ্রমণৰ সময় নির্ধাৰণ কৰি এনে আনন্দদায়ক অনুষ্ঠানৰ সোৱাদ লওক, যিবোৰ এদিন এক মূল্যৱান স্মৃতি হৈ পৰিব, বিশেষকৈ যদি আপুনি পৰম্পৰাক মূল্য দিয়ে। ব্যয় বহুলতাৰ আশা নকৰিব। কেৱল কালজয়ী শিল্পৰ দক্ষতা আৰু বিশুদ্ধতাত তিতি আনন্দ লওক। আপুনি ব্যৱস্থা কৰি ল’ব পাৰে ৰহাৰ পৰা অলপ বাট আগবাঢ়ি বাৰপুজীয়াৰ ওচৰৰ ভালুকমাৰিত পুতলা নাচ সাক্ষী কৰিবলৈ কাজিৰঙা ভ্রমণত নতুবা মানস ভ্ৰমণৰ সময়ত টিছৰ ওচৰৰ মাখিবাহাত।

        আগতীয়াকৈ জাননী দি আয়োজন কৰিব পৰা এই পুতলা প্রদর্শনত সাধাৰণতে ন্যূনতম পাঁচজন অংশগ্রহণকাৰী থাকে। তিনিজন কোৰাছৰ বাবে আৰু বাকীসকল ষ্ট্ৰিঙৰ বাবে। ট্রপৰ নেতাজন বায়ন, সূত্ৰধাৰ বা ওজা নামেৰে জনাজাত আৰু তেওঁ প্রযোজক, পৰিচালক, সমন্বয়কৰ একাধিক ভূমিকা গ্রহণ কৰে। পৰিৱেশনৰ সময়ত কোৰাছ, ঢোল (খোল) আৰু জংঘলৰ (তাল) সৈতে দখল কৰে মঞ্চৰ এটা ফালে। আনহাতে, স্থিংগাৰসকলে পৰ্দাৰ পিছফালে কাম কৰে। নিপুণভাবে পৰিচালনা কৰি পুতলাৰ একেলগে হাত আৰু শৰীৰৰ গতিবিধি ব্যৱহাৰ কৰি একাধিক কার্য সম্পাদন কৰে।

       কাপোৰ আৰু অন্যান্য সামগ্ৰীৰে তৈয়াৰী মূৰpp, গা আৰু অংগ-প্রত্যংগৰে একত্রিত কৰা এই পুতলাৰ মূৰ আৰু শৰীৰক সংযোগ কৰা চলনশীল গাঁঠি থাকে আৰু স্থানীয় নাট্যক প্রতিফলিত কৰিবলৈ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা হয়। তাৰ উপৰি দেৱ-দেৱীৰ প্ৰতীক হিচাপে ব্যবহাৰ কৰা প্ৰাণীৰ পুতলাও আছে। চাৰিটা মূল কৌশল আছে। স্ট্রিং-পুপেট বা মেৰনেটত স্ট্রিং ব্যৱহাৰ কৰি নিয়ন্ত্রিত কৰা হয়। বড-পুতলাটোক ৰডৰ দ্বাৰা হেঁচা মাৰি ধৰি পুতলাটোৰ শৰীৰৰ বিভিন্ন অংশ লৰচৰ কৰা হয়। ছাঁ-পুতলাত ছাঁৰ যোগেদি দৃশ্যগত প্রভার সৃষ্টি কৰা হয়। আনহাতে, কম ব্যবহৃত গ্ল’ভছ-পুতলাত গ্ল’ভছৰ সৈতে চলোৱা-পুতলা নাচ। ই এজন মনোমোহা গল্পকাৰৰ দৰে, যিয়ে আভাস দিয়ে স্থানীয় লোককথা আৰু ৰীতি-নীতি। ইয়াৰ য’ত পৰম্পৰাগত অনুষ্ঠানসমূহে উদাহৰণ হ’ল-কামৰূপত পুতলা নাচ, স্পন্দনশীল বিহু নাচ, ক্লাছিক ৰোমাঞ্চ, আৰু অসমীয়া বৈষ্ণৱ কাহিনীৰপৰা অভিযোজন ফুটাই তোলে। ২১ মার্চত বিশ্বই বিশ্ব পুতলা দিৱস উদ্যাপন কৰাৰ লগে লগে আমি উপলব্ধি কৰিলোঁ যে যদিও পুতলা নাচৰ পৰম্পৰা কমি আহিছে, ই এক সম্পদ, যিটোক পুনৰুজ্জীৱিত কৰিব লাগিব। আৰু কিমান ভাল হ’ব যেতিয়া ইয়াৰ যোগেদি পৰ্যটনৰ পৰিসৰ বৃদ্ধি হ’ব। বিশেষকৈ পর্যটন অনুষ্ঠানত পুতলা শিল্পৰ মনোমোহা পৰিৱেশনে ভাষাৰ বাধা অতিক্ৰম কৰাৰ চুম্বক হ’ব পাৰে ভ্রমণকাৰীসকলৰ বাবে।

Leave a Comment

Your email address will not be published. Required fields are marked *