মহুৰামুখলৈ পথ যাত্ৰা

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নুমলীগড় তিনিআলিৰ পৰা প্ৰায় সাত কিল’মিটাৰ পাৰ হৈ যোৰহাট অভিমুখে অহাৰ পিছত দুয়োকাষে ৰসাল সেউজীয়া ধাননি পথাৰেৰে আগুৰি থকা পোন পথ এটাত প্ৰৱেশ কৰিব পাৰি। মহুৰামুখলৈ লৈ যোৱা এই দৃষ্টিনন্দন পথটোৰে গাড়ী চলাই যোৱাৰ সময়ত আপুনি ইতিহাসৰ এক দীঘলীয়া অভিজ্ঞতা লাভ কৰিব পাৰিব। ১৯৩৯ চনত অসমৰ প্ৰথমগৰাকী মহিলা ঠিকাদাৰ মোহিনী ৰাজকুমাৰীয়ে নিৰ্মাণ কৰা পাঁচ কিল’মিটাৰ দৈৰ্ঘ্যৰ শিল্পী মোহিনী ৰাজকুমাৰী পথটো যিটো সাধাৰণতে মহুৰা আলি নামেৰে জনাজাত, নাৰী সবলীকৰণৰ এক কীৰ্তিচিহ্নস্বৰূপ।

প্ৰথমখন অসমীয়া চিনেমা জয়মতীৰ অন্যতম মুখ্য অভিনেত্রী হিচাপে স্মৰণীয় মোহিনী ৰাজকুমাৰীয়ে দৃঢ়তাৰে ১৯৩৯ চনত ব্ৰিটিছ চৰকাৰক পতিয়ন নিয়ালে যে তেওঁ মহুৰামুখৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱা পথটো নিৰ্মাণৰ ঠিকা ল’ব পাৰিব।

১৯৩৯ চনত তেওঁ ১৮০০ টকাত পথটোৰ নিবিদা লাভ কৰিছিল । আজি মহুৰা আলিৰ কাষেৰে গাড়ী চলাই, সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আপোনাৰ মনটো ১৯৩৪ চনলৈ উভতি যাব পাৰিব। সেই সময়ত বাৰ্লিনৰ পৰা ঘুৰি অহা চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা ইয়ালৈ আহিছিল তেওঁৰ প্ৰথম চিনেমা জয়মতীত অভিনয় কৰিবলৈ ৰাজবংশৰ মহিলা বিচাৰি ।

মহুৰামুখ ৰাজবাৰীত জ্যোতিপ্রসাদে ৰজাৰ মাতৃ ৰাজমাওৰ চৰিত্ৰত অভিনয় কৰিবলৈ মোহিনী ৰাজকুমাৰীক আৰু ভগ্নী ব্ৰতেশ্বৰী ৰাজকুমাৰীয়েও অভিনয় কৰিবলৈ পাইছিল। ৰাজবাৰীত বেছিভাগ সময় কটোৱা মোহিনী আৰু ব্ৰতেশ্বৰীৰ সমন্ধীয় আইদেউ সন্দিকৈক জয়মতী চৰিত্ৰটোৰ বাবে নিৰ্বাচিত কৰা হৈছিল ।

আজি ৰাজবাৰীত পৰিয়ালটোৱে নিৰ্মাণ কৰা মোহিনী ৰাজকুমাৰীৰ নামত এটা সৰু আৱাসিক সংগ্ৰহালয় আছে। এই সংগ্ৰহালয়ত সংৰক্ষণ হৈ আছে তিনিগৰাকী উল্লেখযোগ্য, মহিলাৰ অৱদান। গৌৰৱেৰে থিয় দিয়া আন এটা অনুষ্ঠান হ’ল মোহিনী ৰাজকুমাৰী বয়ন সমবায়। ১৯৩৯ চনত মোহিনী ৰাজকুমাৰীয়ে এই বিদ্যালয় স্থাপন কৰিছিল মহিলাসকলকউপাৰ্জন কৰিবলৈ সক্ষম কৰি তুলিবলৈ। তেনেকৈয়ে তেওঁলোকৰ দৰিদ্ৰতা দূৰ কৰিবলৈ তেওঁ প্ৰয়াস কৰিছিল। 

ৰাজবাৰীৰ সিপাৰৰ অঞ্চলবোৰ অতি মনোমোহা। মাত্র এক কিল’মিটাৰ দূৰত অৱস্থিত গৰৈমাৰী বিল হৈছে এক সুন্দৰ জলাশয়। এই জলাশয় থলুৱা পখীৰে সমৃদ্ধ। সমীপৰ বংকুৱাল গাঁওখনত আপুনি মিচিং সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰিব – পাৰে। ইয়াত মিচিংসকলৰ সহজ দৈনন্দিন জীৱন, সুন্দৰ হস্ততাঁত, মাছ ধৰা আৰু খেতি কৰা আৰু সকলোতকৈ ভাল কথা (যদি বিচাৰে) চাউল, সিজোৱা শাক-পাচলি, মাছ আৰু গাহৰিৰ মাংসৰ এক সু-স্বাদু আহাৰৰ সোৱাদ ল’ব পাৰে। নিশ্চিতভাৱে, আপুনি এইটো বাদ দিব নোৱাৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *