কাৰ্বি আংলং সজীৱ দলিচা

আপুনি যেতিয়া পুনৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব, তেতিয়া আপোনাৰ ভ্ৰমণৰ অন্তত এটা দিন দীঘলীয়া কৰি হ’লেও সমীপৰ কাৰ্বি গাঁও ভ্ৰমণ কৰাৰ চেষ্টা কৰক। অসমৰ প্ৰাচীনতম জনগোষ্ঠীৰ অন্যতম কাৰ্বিসকলে বছৰ বছৰ ধৰি উদ্যানখনৰ সমীপত বাস কৰি আহিছে। কাৰ্বি গাঁওবোৰ হৈছে এক অনন্য সংস্কৃতিৰ ভাণ্ডাৰ আৰু ইয়াৰ শিপা হৈছে প্রাণীসংস্কৃতি।

এতিয়া ধর্মীয় ঐতিহ্যৰ নতুন ৰূপৰ আৱিৰ্ভাৱ ঘটিছে। উদাহৰণ স্বৰূপে আপুনি এয়া দোলামৰাতে দেখা পাব পাৰে। ইংলিপথাৰৰ পৰা ৩০ কিল’মিটাৰ দূৰত অৱস্থিত গুৰু লখিমনৰ আশ্ৰমৰ লগতে সংযুক্ত হৈ আছে অঞ্চলটোৰ একাধিক গাঁওবাসী। এই আশ্ৰমত বৈষ্ণৱ ধৰ্মৰ এটা ৰূপ আৰু লগতে নিৰামিষভোজন মূল হিচাপে চৰ্চা কৰা হয়। ইয়াৰ সমীপতে আছে চন্দ্ৰছিং বাপী ৰংপি গাঁও। এই সৰু মনোৰম গাঁওখনৰ বাসিন্দাসকল খ্ৰীষ্টান হ’লেও চান- কি-মি-কেচুনামৰ এক পৰম্পৰা পালন কৰে আৰু তাত ছিজনৰ প্ৰথমটো বাঁহ গাজ খাদ্যৰূপে গ্ৰহণ কৰে।

আন এখন আকর্ষণীয় গাঁও হ’ল চিলিম খোৱা। কঁহৰাৰ পৰা ২৫ কিল’মিটাৰ দূৰৈত এই গাঁও অৱস্থিত। এই গাঁৱৰ মাজেদি যদি খোজ কাঢ়ি যায় তেন্তে দেখা পাব আপুনি কল্পনা কৰাতকৈও অধিক সৌন্দর্য। দেখা পাব নগৰৰ কোলাহলপূর্ণ জীৱনৰ পৰা আঁতৰত থকা এওঁলোকৰ সুখী জীৱনৰ সাক্ষী। চাহ আৰু ৰবৰ খেতিৰ মাজেদি তিনিঘণ্টা জোৰা ট্রেকিং বাছি লওঁক। দেখা পাব স্থানীয় লোকসকলৰ দৈনন্দিন কাম-কাজ আৰু পাহাৰত কৰা পক্ষী পালন। 

ট্রেকিঙে যেতিয়া আপোনাক ক্লান্তি আনি দিব তেতিয়া ক্ৰামছা ৰক গার্ডেনত পুষ্টিকৰ কাৰ্বি মধ্যাহ্ন ভোজনৰ স্বাদ ল’ব পাৰিব।ইয়াত পাব তিলৰ তেল দি সিজোৱা কোলাকাচিয়া, সেকা সেউজ সৰিয়হ, তিল সানি পিটিকা কৰা আলু আৰু ভাত কেৰেলা, ভোট জলকীয়া দিয়া খৰিচা, হালধীৰ চাটনি, বাঁহৰ চুঙাত সংৰক্ষণ কৰা শুকান মাছৰ চাটনি, তিল দি ৰন্ধা সিজোৱা গাহৰি, বাঁহৰ চুঙাত ৰন্ধা গাহৰি আৰু মুৰ্গীৰ মাংস আদি।

পর্যটকসকলে কেৱল হাতী বা জীপ ছাফাৰী কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগহে চোৱাৰ দিন উকলিছে। এতিয়া ইংলিপথাৰ হৈ ১নং কঁহৰাৰ পৰা ৭ কিলমিটাৰ দৈৰ্ঘ্যৰ এটা চমৎকাৰ চাইকেল ট্ৰেক নিৰ্মাণ কৰা হৈছে।ফলত পৰ্যটকসকলে স্বাদ ল’ব পাৰে চহা অঞ্চলত পুৱাই টোপনিত থকা গাঁও বোৰৰ লগতে সেউজ নদন বদন চাহ বাগানৰ। 

Leave a Comment

Your email address will not be published. Required fields are marked *