হাজো – বিশ্বাস আৰু বিশ্বস্ততাৰ অপূৰ্ব সমন্বয়

গুৱাহাটীৰ পৰা ৩৫ কিল’মিটাৰ উত্তৰ-পশ্চিমে ব্ৰহ্মপুত্ৰৰ পাৰত ‘অৱস্থিত হাজো হ’ল অসমৰ সবাতোকৈ, আকৰ্ষণীয় আৰু উল্লেখযোগ্য স্থানসমূহৰ অন্যতম।

হাজো হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মৰ ত্রিবেণী সংগম হিচাপে পৰিচিত। হাজো পাহাৰৰ চূড়াত থকা দুখন ধর্মীয় উপসনালয়ৰ বাবে সবাতোকৈ বিখ্যাত। ইয়াৰে এখন হ’ল পোৱামক্কা, যিটো গৰুড়াচল পাহাৰৰ ওপৰত অৱস্থিত আৰু মুছলমানসকলৰ তীৰ্থকেন্দ্র। আনটো হ’ল মণিকুন্ত পাহাৰৰ ওপৰত থকা বিষ্ণু মন্দিৰ হয়গ্ৰীৱ মাধৱ। এই মন্দিৰ ষষ্ঠ-সপ্তম শতিকাতে নিৰ্মিত আৰু ইয়াৰ বৰ্তমানৰ ৰূপটো ১৫৮৩ খ্ৰীষ্টাব্দত নির্মিত। এই মন্দিৰৰ চূড়াত খোদিত হস্তীৰ বিশেষ প্ৰতিচ্ছবিৰ বাবে ইয়াক বৌদ্ধ ধৰ্মৰো পৱিত্ৰ স্থল হিচাপে গণ্য কৰা হয়। কিছুলোকে দাবী কৰে যে ভগৱান বুদ্ধই এই স্থানতে নির্বাণ লাভ কৰিছিল। লক্ষণীয়ভাৱে পোৱামক্কাৰ খানকাহ এডোখৰ এনে পৱিত্ৰ মাটিৰ ওপৰত নিৰ্মাণ কৰা হৈছিল, যিডোখৰ এজন ইৰানী প্ৰচাৰকে মক্কাৰ পৰা আনিছিল। পোৱাৰ অৰ্থ এক চতুর্থাংশ। সেয়ে ইয়াত প্রার্থনা কৰিলে মক্কাত তীর্থযাত্রা কৰাৰ এক চতুর্থাংশ ফল পোৱা যায় বুলি জনশ্রুতি আছে।

আধ্যাত্মিক ভাবধাৰাৰ ওপৰত প্ৰতিষ্ঠিত হাজো যে বিশ্বাস আৰু বিশ্বস্ততাৰ এক অপূৰ্ব সমন্বয় তাত কোনো দ্বিমত নাই। আনহাতে, হাজো হৈছে অনেক ধৰ্মীয় উপাসনাৰ স্থলী। যাৰ ভিতৰত কেদাৰেশ্বৰ মন্দিৰ আৰু ধোপাৰগুৰি সত্ৰও অন্যতম। 

 হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দ্বাৰৰ আশে-পাশে বিভিন্ন জাতি আৰু সম্প্ৰদায়ৰ সুশৃংখল জীৱন-যাপন ধৰ্মীয় সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন। ইয়াত এফালে বাস কৰে ব্ৰাহ্মণ আৰু শূদ্ৰসকলে আৰু তাৰ বিপৰীতে বাস কৰে পিতলৰ কাৰিকৰ মুছলমান ধৰ্মাৱলম্বীসকলে।

মন্দিৰৰ পুখুৰীত বিভিন্ন প্ৰজাতিৰ মাছ আৰু ক’লা নৰম চলঙৰ কাছ পোৱা যায়। বৰ্তমান ইয়াত ১৩টা প্ৰজাতিৰ কাছ আছে বুলি জনা গৈছে। কাছক যিহেতু এই মন্দিৰৰ প্ৰধান উপাস্য দেৱতা বিষ্ণুৰ অন্যতম অৱতাৰ বুলি গণ্য কৰা হয় সেয়ে ইয়াত এনেদৰে কাছৰ সমাহাৰ এক ঐশ্বৰিক পৰিঘটনা বুলি গণ্য কৰা হয়। এতিয়া এই ক’লা নৰম চলং থকা কাছক বিলুপ্ত প্ৰজাতি ৰূপে ‘আই ইউ চি এন’ৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে। এইবোৰৰ যোগ্য তত্ত্বাৱধান লোৱা- প্ৰণৱ মালাকাৰ ধন্যবাদৰ পাত্ৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *