হাজো, নাজীফুল, মন্দিৰ আৰু উৎসৱৰ সমাহাৰ

গুৱাহাটীত পুৱা হোৱাৰ লগে লগে ভৰলুমুখৰ ব্ৰহ্মপুত্ৰ আৰু উদীয়মান সূৰ্যৰ শোভা বৃদ্ধি কৰি ৰাস্তাৰ কাষত কমলা আৰু হালধীয়া বঙৰ নাৰ্জী (গেণ্ডা, মেৰীগ’ল্ড) ফুলৰ বজাৰ এখন ফুলি উঠে। পুৱা কামাখ্যা দৰ্শনৰ বাবে ওলাই অহা নতুবা প্রাতঃভ্রমণ কৰা পৰ্যটকৰ বাবে এয়া হ’ল অতি আকর্ষণীয় স্নেপশ্বট। সাধাৰণতে দুঘণ্টামানতে এই ফুল আৰু মালাৰ দ’মবোৰ বিক্ৰী হৈ যায় আৰু তাৰ লগে লগে অদৃশ্য হৈ পৰে হাজাৰ ফুলৰ খেতিয়ক আৰু মালা নির্মাতাসকল। পিছদিনা পুৱা পুনৰ সেই একেই দৃশ্য।

       গুৱাহাটীৰপৰা প্রায় ৩৫ কিল’মিটাৰ দূৰত্বৰ হাজো প্রতিটো দিশতে অনন্য। ফুলৰ উদ্যান আৰু পিতলৰ শিল্পৰ উপৰি হাজো হ’ল প্রাচীন পাহাৰৰ মন্দিৰ আৰু বিভিন্ন ধৰ্মৰ উপাসনা থলীৰে সমৃদ্ধ। ইয়াত মদনাচল পাহাৰত আছে কেদাৰেশ্বৰ, মণিকূটী পাহাৰত আছে হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু গৰুড়াচল পাহাৰত আছে ইছলাম ধৰ্মীসকলৰ উপাসনাস্থল পোৱা-মক্কা। আচলতে হাজো শব্দৰ উৎপত্তি হৈছে বড়ো ভাষাৰ হাজৰ’ শব্দৰপৰা। ইয়াৰ হৈছে পাহাৰ।

      হিন্দুসকলৰ বাবে হাজো হৈছে পঞ্চতীর্থ অর্থাৎ পাঁচোখন ধর্মজ্ঞানৰ সংগম থলী। এইকেইখন হ’ল- হয়গ্রীব মাধৱ, কেদাৰ (কেদাৰেশ্বৰ), কামেশ্বৰ, কমলেশ্বৰ আৰু গণেশ। কেদাৰেশ্বৰ হৈছে ৰহস্যময়, ইয়াত থকা স্বয়জু লিংগ আৰু তাক ঢাকি ৰখা ধাতুৰ বাটিটোৰ বাবে। কোৱা হয় ই অর্ধ-নাৰীশ্বৰ ৰূপত শিৱক প্রতিনিধিত্ব কৰে। অর্থাৎ ই বিশ্ব ব্রহ্মাণ্ডত পুৰুষ আৰু নাৰী নতুবা পুৰুষ আৰু প্ৰকৃতি শক্তিৰ সংশ্লেষণ প্রকাশ কৰে।

         হয়গ্ৰীৱ মাধৱৰ ইতিহাসো সমানে আকৰ্ষণীয়। হয়গ্ৰীৱ বা ঘোঁৰাৰ মূৰৰ ৰূপত থকা ভগৱান বিষ্ণুৰ পুৰণি মন্দিৰসমূহৰ ভিতৰত ই অন্যতম। আনহাতে, ই বৌদ্ধ ধৰ্মীসকলৰ বাবেও পৱিত্ৰ স্থান, কিয়নো ভগৱান বুদ্ধৰ জীৱনৰ লগত ই জড়িত। কিংবদন্তি অনুসৰি এই অঞ্চলটো পাল বংশৰ অধীনত থকাৰ সময়তে এই মন্দিৰটো প্রথম নিৰ্মাণ কৰা হৈছিল আৰু কোচ ৰজা ৰষুদেৱে ১৫৮৩ চনত ইয়াক পুনৰ নিৰ্মাণ কৰে। উল্লেখযোগ্য যে এই মন্দিৰত থকা পুখুৰীটো বিৰল প্ৰজাতিৰ কাছৰ বাসস্থান। হিন্দুসকলে বিশ্বাস কৰে এই কাছ হ’ল বিষ্ণুৰ কুৰ্ম অৱতাৰ।

          হাজোৰ ৰং অকল ফুলতে সীমাবদ্ধ নহয়। ইয়াৰ আন এক ৰং হ’ল মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্রা। মাঘৰ প্ৰথম দিনা অনুষ্ঠিত এই উৎসৱৰ পৰম্পৰা নব্বৈ দশকৰ আৰম্ভণিতে আৰম্ভ হয় আৰু হাজো আঞ্চলিক ছাত্র সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত এই উৎসৱৰ ৰং আনন্দৰ সমাহাৰ ঘটে। ইয়াত পোৱা-মক্কাৰ পাদদেশৰপৰা হয়গ্রীব মাধৱৰ পাদদেশলৈ ওলোৱা নাম-কীর্তন আৰু বিভিন্ন জাতিৰ আৰু সংস্কৃতিৰ লোক- নৃত্য শোভাযাত্রাত হাজোৰ বিচিত্ৰতা আৰু সাৰমৰ্ম এটা কেলিডস্কোপৰ দৰে প্ৰকাশ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *