দদৰা-পচৰিয়া- শিঙিমাৰী

গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিল’মিটাৰ দূৰৰ, শুৱালকুছিৰ ওচৰৰ দদৰা-পচৰিয়া- শিঙিমাৰী চমু ভ্ৰমণৰ উপভোগ্য লক্ষ্যস্থান, কিন্তু এই ঠাইবোৰৰ বিষয়ে আমি বৰ বেছি নাজানো। এই গাঁওবোৰ পৃথিৱীৰ দুই তৃতীয়াংশ হাড়গিলা চৰাইৰ বাসস্থান । ইয়াতে আছে প্রখ্যাত হাড়গিলা আৰ্মি । পূর্ণিমা দেৱী বৰ্মনে গঠন কৰা হাড়গিলা আর্মি হ’ল ৩০০ মহিলা সংৰক্ষণ কৰ্মীৰ এটা বাহিনী।

হাড়গিলা বাইদেউ নামেৰে জনাজাত পূর্ণিমা দেৱী বৰ্মনে হাড়গিলা সংৰক্ষণৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে ‘সেউজ অস্কাৰ’ বা সন্মানীয় Whitley Award লাভ কৰিছিল। তেওঁৰ প্রচেষ্টাই প্রকৃতিপ্ৰেমীসকলক অনুপ্ৰাণিত কৰিছে আৰু এই টো দেখিবলৈ পোৱাটো পৰ্যটকসকলৰ বাবে অনন্য অভিজ্ঞতা। তেওঁৰ হাড়গিলা বাহিনীৰ সদস্যাসকলে হাড়গিলাৰ মটিফ থকা কাপোৰ বোৱাৰ তাঁতৰ শব্দৰ তালে তালে ভক্তিগীত গোৱাৰ দৃশ্য আৰু শব্দ বহুদিনলৈ ভ্ৰমণকাৰীৰ মনত সজীৱ হৈ থাকে। বিলুপ্তপ্রায় অৱস্থাৰ সন্মুখীন হোৱা হাড় গিলাবোৰৰ সংৰক্ষণৰ বিষয়ে সচেতনতা বৃদ্ধিৰ বাবে বোৱা কাপোৰত হাড়গিলাৰ মটিফ ব্যৱহাৰ কৰা হৈছে। এইটো এটা অতুলনীয় প্ৰচেষ্টা। চুবুৰীয়া শুৱালকুছিৰ বস্ত্ৰশিল্পৰ শিল্পীসুলভ সংস্কৃতিৰ পৰা এই প্ৰচেষ্টাৰ জন্ম। গাঁওবোৰত অতি সুন্দৰ আৰু সূক্ষ্ম কাৰুকাৰ্যখচিত কাপোৰ বোৱা হয় আৰু মাকোৰ শব্দ আৰু ভক্তিগীতেৰে বতাহ মুখৰিত হৈ থাকে। অৱশ্যে অতি চমৎকাৰ মেখেলা-চাদৰ আৰু দক্ষ শিপিনীসকলৰ বাবে শুৱালকুছি বেছি বিখ্যাত। শুৱালকুছিৰ শিপিনীৰ দক্ষতা দেখি মহাত্মা গান্ধীয়ে আচৰিত হৈ কৈছিল যে অসমীয়া মহিলাই তেওঁলোকৰ কাপোৰত সপোন ৰচে । 

দদৰা-পচৰিয়া-শিঙিমাৰী অঞ্চলটো কেৱল বয়নতে সীমাবদ্ধ নহয়। শ্রীশ্রী ঈশ্বৰহাটী সত্ৰৰ ৪০০ বছৰ পুৰণি নামঘৰত সুন্দৰ কাৰুকাৰ্য এতিয়াও স্পষ্ট। ইয়াত দৈনিক নাম-প্ৰসংগ হয়, ফল্গুৎসৱ আৰু মহাপুৰুষ দুজনাৰ আৱিৰ্ভাৱ আৰু তিৰোভাৱ তিথি পালন কৰা হয়। নামঘৰটো অতি সুন্দৰকৈ নিৰ্মিত আৰু বেৰবোৰত বিভিন্ন ৰূপত ভগৱান কৃষ্ণৰ মূৰ্তি অঁকা আছে। তদুপৰি সেউজীয়া, হালধীয়া আৰু নীলা ৰঙৰ সূক্ষ্ম কাৰুকাৰ্য খচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *