ঘাট পর্যটন

অসমৰ ঘাটসমূহে (নদীৰ সম্মুখ) পৱিত্র স্থান, দৃশ্যপট, সৌন্দর্য আৰু ঐতিহাসিকতাৰে দৰ্শনাৰ্থীক আকৰ্ষণ কৰে। ডাঙৰ হওক বা সৰু, প্রত্যেকটো ঘাটেই ৰং আৰু ৰূপৰ এক মনোমোহা কেলিডস্কোপ। অসমৰ ৮৯১ কিল’মিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰেই কাষত থকা বাসিন্দাৰ জীৱিকাৰ সমল। এই ঘাটবোৰ হৈছে সৌন্দর্য আৰু সংস্কৃতিত বিলীন হ’বপৰা সমলেৰে সমৃদ্ধ।

       ৱাটাৰফ্ৰণ্টত সময় কটোৱাটো, সূর্যাস্তৰ ক্রুজৰ পাছতেই হওক বা নদীৰ ডলফিন দেখা নাও যাত্ৰাৰ পাছতেই হওক, নতুবা ৰাতিটোৰ চাৰ্টাৰ ক্রুজৰ সময়তেই হওক, জীৱনত অবিস্মৰণীয় অভিজ্ঞতা হ’ব পাৰে। ধুবুৰী, গোৱালপাৰা, শুৱালকুছি, পাণ্ডু (গুৱাহাটী), তেজপুৰ, শিলঘাট, বিশ্বনাথ, কমলাবাৰী, নিমাতীঘাট, দিখৌমুখ আৰু বগীবিলৰ ডাঙৰ ঘাটৰপৰা আৰম্ভ কৰি সৰু সৰু নাও ব্যৱহাৰ কৰা সৰু ঘাটবোৰলৈকে ঋতু অনুসৰি যে আপুনি দেখা পাব নীলা-সেউজীয়া বা বোকাময় ঘোলাপানী। ঘূর্ণি বতাহত ঘুৰি-ফুৰি, আড়ম্বৰহীনভাবে গতি কৰি নদীখনে ওপৰৰপৰা কি আনিছে সেয়াও দেখা পাব। 

      দীর্ঘ দূৰত্বৰ ক্রুজ এই ঘাটসমূহ অন্বেষণ কৰাৰ এক অনন্য উপায় যদিও বছৰৰ সকলো সময়তে ইয়াৰ সুলভতা এক প্রত্যাহ্বান। পথেৰে যাত্ৰা কৰাৰ সময়ত ঘাটৰ ওচৰলৈ যোৱাটোও বহুসময়ত কল্পনাতীত হ’ব পাৰে। নদীৰ ওচৰতে আপুনি প্রতিটো অংশৰ পৰিৱৰ্তন পৰ্যবেক্ষণ কৰিব পাৰে। কেতিয়াবা ৰাস্তাটো নদীৰ কাষেৰে বক্ৰ হৈ যাব পাৰে, যাৰ ফলত মাজে মাজে দেখা পোৱা যাব ৰঙা নদীৰ বিস্তৃতি নতুবা কেতিয়াবা আপুনি হয়তো পাৰৰ ৰসাল শাকনিবাৰীবোৰ দেখি আচৰিত হ’ব পাৰে, কেতিয়াবা প্রাচীন মন্দিৰবোৰ… যাৰ প্ৰতিবিম্বও দেখা যায়। আকৌ কেতিয়াবা মাছ ধৰা নাওবোৰে ইফালে-সিফালে ঘুৰি ফুৰে বা আনকি বগা বালিচৰবোৰেও আপোনাৰ নিশ্বাস কাঢ়ি নিব পাৰে।

বিশেষ দ্রষ্টব্য: তেজপুৰলৈ গ’লে বিশ্বনাথ ঘাটলৈ (৮০ কিল’মিটাৰ) গাড়ীৰে ভ্ৰমণৰ বাবে এটা অতিৰিক্ত নিশা যোগ কৰক, তাৰপৰা এটা চুটি আৰু আনন্দদায়ক দেশীয় নাও যাত্রাই আপোনাক ‘গুপ্ত কাশীলৈ লৈ যাব। ইয়াত, আপুনি এটা অনন্য শিৱ লিংগ পাব, যিটো বাৰিষা পানীত ডুব গৈ থাকে আৰু খৰালি মূৰ দাঙি ওলাই। এই শিলাময় উপত্যকাৰ অবশিষ্ট প্রাচীন কালৰ। 

       ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত চূণ চুৰুকিৰে ইটা যোৰা দি আৰু  ভগৱান শিৱৰ প্রতি উছর্গিত আহোম শৈলীৰ স্থাপত্যৰ উজ্জ্বল নিদর্শন বৰদ’ল দেখা পাব। প্রসংগক্রমে গহপুৰ ইয়াৰপৰা মাত্র প্রায় ৬০ কিল’মিটাৰ দূৰত; এই গহপুৰ হৈছে ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত স্থানীয় থানাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ চেষ্টা কৰাৰ সময়ত ১৭ বছৰীয়া স্বাধীনতা সংগ্রামী কনকলতা আৰু মুকুন্দ কাকতীৰ দৰে শ্বহীদ হোৱাসকল, দেশপ্রেমমূলক সাহসৰ কাহিনীৰে সমৃদ্ধ ঠাই। ১৯৪২ চনৰ সেইদিনা চতিয়া থানাত ব্ৰিটিছৰ পতাকা নমাই দেশত প্ৰথমবাৰৰ বাবে অসমৰ স্বাধীনতা সংগ্ৰামীসকলে তিৰংগা উন্মোচন কৰিছিল। বিশ্বনাথ ঘাটৰপৰা উভতি অহাৰ পথত ঐতিহ্যমণ্ডিত চতিয়া থানাত অলপ ৰৈ যোৱাটো সাহসী মুক্তিযোদ্ধাৰ প্রতি সম্মান প্রদর্শন কৰা হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *