এসময়ৰ প্রাগজ্যোতিষপুৰ, এতিয়াৰ গুৱাহাটী আৰু ইয়াৰ আশ-পাশৰ উপাস্য স্থানবোৰ কেইবাজনো দেৱতাৰ বাসস্থানৰূপে পৰিগণিত হৈ আহিছে। এই অঞ্চলত ভগৱান গণেশৰ প্রতি উস্থগিত মন্দিৰ আৰু শিলাখণ্ড দেখিলে অঞ্চলটো হস্তীমুখী প্রভুজনৰ প্রিয় অঞ্চল যেন লাগে। উত্তৰ গুৱাহাটীৰ দীর্ঘেশ্বৰী মন্দিৰৰ প্রৱেশদ্বাৰত আছে সম্ভৱত অসমৰ ভিতৰত সৰ্ববৃহৎ খোদিত গণেশৰ প্রতিমূর্তি। আনহাতে, দক্ষিণ-পূব গুৱাহাটীত থকা বশিষ্ঠ আশ্রমত বৈ যোৱা সন্ধ্যা, ললিতা আৰু কান্তা ধাৰাৰ কাষত আছে শিলত খোদিত তিনিটা গণেশৰ প্রতিকৃতি। তদুপৰি গুৱাহাটীৰপৰা ৪০ কিল’মিটাৰ নিলগৰ পবিতৰা অভয়াৰণ্যৰপৰা ১৫ কিল’মিটাৰ আঁতৰত কলং নদীৰ পাৰৰ বহা পাহাৰত আছে এছিয়াৰ সৰ্ববৃহৎ আৰু অতি মনোমোহা শিলত খোদিত গণেশৰ ভাস্কর্য।
নীলাচল পাহাৰৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত পাণ্ডুনাথ দেবালয় হ’ল ভগৱান গণেশৰ আন এক আৱাসভূমি। বৰঝাৰ বিমানকোঠৰপৰা পাণ্ডুলৈ যোৱাৰ পথ হ’ল নীলাচল ফ্লাই অ’ভাৰত বাওঁফালে ২ কিল’মিটাৰ ঘূৰি নতুবা ফ্লাই অ’ভাৰৰ তলত মালিগাঁও-পাণ্ডু জংছনত সোঁফালে ঘুৰি আগবাঢ়িব লাগে। কিংবদন্তি অনুসৰি পাণ্ডৱসকলে বনবাসৰ সময়ত কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহোঁতে ইয়াতে আছিল। তেওঁলোকে ব্রহ্মপুত্রত গা ধুইছিল, গণেশক পূজা কৰিছিল, পাণ্ডুনাথক প্রার্থনা কৰিছিল আৰু তাৰপাছত ৰাজ্যলাভৰ বাবে দেৱীৰ আশীর্বাদ লভিবলৈ কামাখ্যা মন্দিৰলৈ উঠিছিল।
স্থানীয় লোকসকলে বিশ্বাস কৰে যে পাণ্ডুনাথ আন কোনো নহয়, ভগৱান বিষ্ণু, যিয়ে ব্রহ্মশিলা শিলত মধু আৰু কৈতভ নামৰ দুজন অসুৰৰ মূৰ কাটি পেলাইছিল। ইয়াৰ ফলত পাণ্ডুনাথ শিলৰ সৃষ্টি হৈছিল। পাণ্ডুনাথ মন্দিৰৰ স্থান আৱিষ্কাৰৰ সময়ত আন এক উল্লেখযোগ্য আৱিষ্কাৰ আছিল ভগৱান গণেশৰ ছটা মূর্তি। ইয়াৰে পাঁচটা মূর্তি এটা শিলত গোট খাই আছিল। ষষ্ঠজন বিচ্ছিন্নভাৱে পৰি আছিল, বিপৰীতফালে। লগতে গুৰুত্বপূৰ্ণ কথা যে এটাৰ বাওঁফালে বক্র শাখা থাকিলেও পাঁচটা ডাঙৰ শাখা কিন্তু সোঁফালে ঘুৰি আছিল।
আজি প্রাচীন পাণ্ডুনাথ মন্দিৰৰ অস্তিত্ব আৰু নাই আৰু প্ৰকৃতিয়ে ইয়াক সামৰি ল’লে। বৰ্তমানৰ মন্দিৰটো স্থানীয় বাসিন্দাসকলে নির্মাণ কৰিছিল এক চহকী অতীতৰ সন্মানত। মন্দিৰ নিৰ্মাণৰ বাবে খনন কৰি থাকোঁতে অসংখ্য শিলৰ ভাস্কৰ্যও উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পৰা পুৰণি শৰাইঘাট দলঙৰ ওপৰেৰে সূর্যাস্তৰ দৃশ্যই মন্ত্রমুগ্ধ কৰি তোলে। লগতে শিল দেখা পোৱাৰ সম্ভাৱনাও অধিক। আৰু, ইয়াত থিয় হৈ থাকিলেই এটা প্রাচীন ঘাটৰ অস্তিত্ব অনুভৱ কৰিব পাৰি, যিটো দূৰৈৰ ভূমিৰপৰা অহা দৰ্শনাৰ্থীৰ বাবে এক দুৱাৰমুখ আছিল।
অসম আচলতে প্ৰচুৰ প্ৰাকৃতিক সৌন্দর্য, বন্যপ্রাণী আৰু জীপাল উৎসৱৰ মিলন ভূমিতকৈ বহুত। ই এক ?L.;’’
বৈচিত্র্যময় শাৰীৰিক-সাংস্কৃতিক মিলনভূমি য’ত নিস্তব্ধ চাহ বাগিচাত শান্তি পাব পাৰি, মন্দিৰত সান্ত্বনা বিচাৰিব পাৰি, বা ঘাটত থিয় হৈ মানৱ জাতিৰ যাত্ৰাৰ কথা চিন্তা কৰিব পাৰি। ই এক নিমজ্জিত অভিজ্ঞতা যিয়ে দর্শনার্থীসকলক প্রত্যাহ্বান অতিক্রম কৰি সমৃদ্ধি লাভ কৰাৰ শক্তিৰে ঘৰলৈ উভতি যাবলৈ সজ্জিত কৰে