আত্মাশুদ্ধিৰ বাবে ভ্রমণ

সমগ্ৰ বিশ্বতে এতিয়া আন একধৰণৰ ভ্ৰমণ জনপ্রিয় হ’বলৈ ধৰিছে। ইয়াক ‘ফার্ম  ষ্টেকেশ্যন’ বুলি কোৱা হয়। প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি, নান্দনিক পৰিৱেশত মন-আত্মা শান্ত কৰিবৰ বাবে এনে ভ্রমণ অতুলনীয়। এনে ভ্ৰমণত কোনোবাই সহজ জীৱনশৈলীৰ অভিজ্ঞতা লাভ কৰিব পাৰে। আন কোনোবাই শস্য উৎপাদনৰ সৈতে একাত্ম হ’ব পাৰে, মুঠতে প্ৰকৃতিৰ কোলাত দুটামান দিন কটাই এই বিৰল অভিজ্ঞতা লাভ কৰিব পাৰে।

প্ৰকৃতিৰ উপহাৰেৰে ধন্য অসমত এইধৰণৰ ভ্ৰমণৰ অভিজ্ঞতা ঐশ্বৰিক হ’ব পাৰে। গুৱাহাটীৰ পৰা প্রায় ৩০ কিল’মিটাৰ দূৰত সোণাপুৰৰ ৰূপনগৰত থকা ‘স্প্রেড -এন ই’— অঞ্চলটোৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় জনজাতীয় কৃষকসকলক সহায় কৰা এনেকুৱা এটা ফাৰ্ম লার্নিং চেণ্টাৰ । ই যুৱক-যুৱতী আৰু পৰ্যটকসকলক ইয়াৰ ‘ফার্ম ফৰ ছ’ল’ কেম্পিং আৰু ৰাতিৰ বনস্নানলৈ স্বাগত জনায়। তিনিদিনৰ ভিতৰত পর্যটকজনক গ্রীন কমাণ্ডোছ বনাবলৈ প্রতিশ্রুতি দিয়া, স্প্রেড এন ইৰ বন স্নান, প্রশিক্ষিত বন চিকিৎসকৰ সৈতে খোজকঢ়া আদিবোৰ মানসিক চাপ নিবাৰণকাৰী হ’ব পাৰে। থলুৱা খাদ্য শস্যৰে ভৰি থকা খাদ্য অৰণ্যৰ শব্দ আৰু দৃশ্য প্ৰকৃতিৰ মাজত উপভোগ এক অবিস্মৰণীয় অভিজ্ঞতা হ’ব পাৰে। ইয়াত আপুনি পৰ্যবেক্ষণ কৰিব পাৰিব আৰু বুজিব পাৰিব কেনেকৈ মানুহ আৰু জীৱ-জন্তুৱে নিৰৱচ্ছিন্নভাৱে সহাৱস্থান কৰিব পাৰে। লগতে জানিব – পাৰে মৌমাখি আৰু কেঁচু, হাতী, গাহৰি, চৰাইক আকৰ্ষণ কৰা উদ্ভিদ কেনেকৈ কৃষিৰ অংশ হ’ব পাৰে।

 ‘স্পেড এন ই’ৰ পৰা প্ৰায় ১২ কিল’মিটাৰ দূৰত ক্ষেত্ৰীৰ ফালে গাড়ী চলাই ইউ টার্ন লৈ তাৰ পিছত মূলপথ এৰি টেঘেৰিয়া জলপ্ৰপাতৰ ফালে যাওক, যিটো পখিলা প্ৰেমীসকলৰ বাবে প্ৰকৃত স্বৰ্গ। পাহাৰ আৰু বান্ধৰ মাজেৰে ১০ কিল’মিটাৰ ড্রাইভ অব্যাহত ৰাখক যেতিয়ালৈকে আপুনি আমাৰ কাৰ্বি গাঁও— কলংগাৰ নাপায়। এই অঞ্চল পৰিষ্কাৰ বায়ুৰ বাবে বিখ্যাত। হাইকিং বুট এযোৰ পিন্ধি মুগ্ধকৰ দৃশ্য উপভোগ কৰি দুঘণ্টামান ট্রেকিং  কৰক নতুবা নিস্তব্ধ গাঁৱৰ মাজেৰে খোজকাঢ়ি বা চাইকেল চলাই ৰবৰ বাগিচাৰ সেউজীয়া চালিৰ দৃশ্য উপভোগ কৰক।

কলংপুৰ গাঁৱত স্প্রেড এন ইৰ এটা ৱেলনেছ চেণ্টাৰ আছে য’ত চিকিৎসকে গাঁওবাসীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বিনিময়ত মানসিক চাপ লাঘৱ কৰিব পাৰে। শেষত, পেছানছুৰুৰ নামৰ চুবুৰীয়া গাঁওখনত (৫ কিল’মিটাৰ) বহনক্ষম জীৱিকাৰ আভাস লৈ আপুনি ‘মসৃণ ফেশ্বন আন্দোলন’ৰ অভিজ্ঞতা লাভ কৰিব আৰু কাৰ্বি শিপিনীসকলৰ দক্ষতাক উপভোগ কৰিব। ইয়াত শিল্প আৰু শিল্পী দুয়োটাকে গুৰুত্ব দিয়া বহনক্ষম প্ৰক্ৰিয়াৰ জৰিয়তে কাপোৰ বোৱা হয়। এইবোৰ হৈছে সাংস্কৃতিকভাৱে উল্লেখযোগ্য শিল্পৰে সমৃদ্ধ পৰম্পৰাগত বস্ত্রশিল্প- যিবোৰ শিল্পকৰ্ম জীৱনজুৰি স্থায়ী হয়। 

Leave a Comment

Your email address will not be published. Required fields are marked *