দক্ষিণ কামৰূপৰ কৈৱৰ্ত- জলকেওট সম্প্ৰদায়ৰ কালজয়ী পৰম্পৰা অন্বেষণ

গুৱাহাটীৰ পৰা মাত্র ৫০ কিল’মিটাৰ নিলগৰ কামৰূপ মধুপুৰৰ ৫ গ্রাম্য অঞ্চলত, দক্ষিণ কামৰূপৰ কুকুৰমাৰাত আপুনি অনুভৱ কৰিব প্ৰকৃতিৰ ছন্দৰ সৈতে গভীৰভাৱে জড়িত জীবন। ইয়াত নামনি অসমৰ আদিবাসী মাছমৰীয়া সম্প্রদায় কৈৱর্ত-জলকেওটৰ মাজত আপুনি জীৱনৰ এক নিস্তব্ধ গতিৰ টান অনুভৱ কৰিব। তেওঁলোকৰ পূৰ্বপুৰুষৰ সময়ৰ পৰা বিশেষ পৰিৱৰ্তন হোৱা নাই। কিয়নো নদী আৰু জলাশয়ৰ পৰা জীৱিকা অন্বেষণ কৰা কৈৱৰ্তসকলে আজিও বহনক্ষম মাছ ধৰা কৌশল ব্যৱহাৰ কৰি আছে। জাকৈ, কুক, পল’ বা বাঁহৰ ফান্দ কোছ আৰু চেপাৰ দৰে সামগ্ৰীৰ কৌশল। কিছুমান ইমানেই পাকৈত যে মাছ খালী হাতেৰেওে ধৰিব পাৰে।

মধ্যযুগীয় কালত উজনি অসমলৈ প্ৰব্ৰজন হোৱাৰ পিছতো সম্প্রদায়টোৰ সংস্কৃতি তেওঁলোকৰ আদি গৃহভূমি অবিভক্ত কামৰূপ অঞ্চলত অক্ষুণ্ণ হৈ আছে। তেওঁলোকৰ বাবে মাছ ধৰাটো জীবিকাতকৈও অধিক, ই এক গভীৰভাবে আকোঁৱালি লোৱা পৰম্পৰা, নদীৰ জ্ঞান জলাশয়ৰ পৰিৱেশৰ লগত একাত্ম হোৱাৰ পৰম্পৰা। তেওঁলোকৰ জীৱন-ধাৰণৰ পদ্ধতিয়ে আপোনাক গ্রাম্য অঞ্চলটোলৈ আকৰ্ষিত কৰে। ইয়াৰ সহায়ত আপুনিও কৈৱৰ্ত-জলকেওট সম্প্ৰদায়ৰ বৃহত্তম সাংস্কৃতিক দল কৈৱৰ্ত ঢুলীয়া দল, অসমৰ সংস্কৃতিত ভুমুকি মাৰিব পাৰে।  

আপুনি মাছ ধৰা নৃত্য আৰু পৰম্পৰাগত কলহী নদীৰ পাৰৰ সমৰকলা চাবলৈ এক পৰিকল্পনা কৰিব পাৰে। স্থানীয় খাদ্যৰ সোৱাদযুক্ত উপকৰণৰ স্বাদ ল’ব পাৰে বা মাছ ধৰা নাৱত নদী ভ্রমণ কৰিব পাৰে। যদি আপুনি এটা ইনষ্টাগ্রাম ষ্ট’ৰী বিচাৰে তেন্তে কুলচি নদীক সংযোগ কৰা কলহী নদীত মাছ ধৰা, জাল পেলাবলৈ শিকক, জালখন বতাহৰ মাজেৰে উৰুৱাই পানীত ডুব যোৱা চাওক। জালখন দ্রুতগতিত টানি নিয়াৰ পিছত ফটো তোলক আৰু মাছটোক লাহে লাহে পানীত এৰি দিয়ক।

কেৱল নদীৰ পাৰত বহি থকাটোও মোহনীয়। দেখিব সৰু সৰু হস্তনির্মিত ডিংগিবোৰে মনোৰম দৃশ্য সূচনা কৰিছে। আনকি নদীৰ ডলফিন বা শিলৰো সাক্ষী হ’ব পাৰে। ড’ৰা বিলত পাৰ হৈ যোৱা ৰে’লৰ মনোমোহা দৃশ্য থকা জলাশয়ত, বাঁহৰ ফান্দেৰে মাছ ধৰাৰ নিৰ্মল শিল্পকলাই আপোনাক বান্ধি ৰাখিব। ৰাতিপুৱা যাওক ইয়াত চৰাই চাবলৈ আৰু তাৰ পিছত ঠাইতে অসমীয়া সতেজ ৰস এগিলাচৰ আনন্দ লওক। 

ভেলদিয়া জল পূজাকে ধৰি কৈৱৰ্তৰ উৎসৱৰ বিষয়ে জানি লওক, তেওঁলোকে পানীক পূজা কৰে।  যি মাছ ধৰা সময়সূচীৰ সৈতে বান্ধ খাই থাকে আৰু কিছুমান আনন্দদায়ক লোকনৃত্য আৰু যুদ্ধ কলাৰ স্বাদ লওক। সাপৰ দেৱী মাৰেই পূজা চাওক। হেংগাৰ-বাঁহ-পূজা চাওক, য’ত মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে বাঁহনি এখনক পূজা কৰে। আপুনি হয়তো বিশেষকৈ মহহো বা মহ খেদা উৎসৱৰ অংশ হ’ব পাৰে, যিটো আঘোণ মাহত (নৱেম্বৰ) চন্দ্ৰৰ নিশা পতা হয়। ল’ৰাৰ দল এটাৰ এক সজীৱ নৃত্য দেখিব ইয়াত, য’ত শুকান কলৰ পাতত ভালুক এটাক চিত্ৰিত কৰা হৈছে-বাঁহেৰে মাটিত ছন্দময়ভারে লাঠীৰে আঘাত কৰি ‘হে হৰি মহো- হো’ গাই গাই তেওঁলোকে ঘৰে ঘৰে ঘূৰি ফুৰে। তেওঁলোকে ঘৰে ঘৰে চাউল বা ধান অৰিহণা নিয়ে। এই মজাৰ উৎসৱ আজিও পৰম্পৰাগতভাৱে হৈয়েই আছে। ইয়ালৈ আহি আপুনি যেনেকৈ সম্প্রদায়টোক উদ্যাপন কৰিব, আপুনি তেনেকৈ পৰিৱেশ ভাৰসাম্য আৰু সাংস্কৃতিক ধাৰাবাহিকতাকো উদ্‌যাপন কৰিব৷

Leave a Comment

Your email address will not be published. Required fields are marked *