৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰোমাঞ্চকৰ যাত্ৰা

গন্তব্যস্থানতকৈ যাত্ৰা বেছি ৰোমাঞ্চকৰ বোলা ধাৰণাটো একেবাৰে সঁচা। ৩৭নং  ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ী চলাই যোৱাৰ সময়ত, দুয়ো পাৰৰ সৌন্দৰ্য আৱিষ্কাৰ কৰাৰ সময়ত এই কথা আটাইতকৈ বেছি বুজি পায়। গুৱাহাটীৰ পৰা ৫০ কিল’মিটাৰৰ নিলগত আপুনি ক্ষেত্ৰীত পাব-NEDFi ৰ R&D চেণ্টাৰ, যাক মুকুটৰ মণি আখ্যা দিব পাৰি। গছ-গছনি আৰু বৃক্ষৰ আচ্ছাদনৰ ভিতৰত লুকাই থকা ই হৈছে উদ্ভাৱন আৰু শিল্পকলাৰ এটা দুর্লভ সংমিশ্রণ। য’ত আপুনি কেৱল কিছু সময় বহি শিল্পীসকলে পানী মেটেকা নামৰ জলজ ভাবুকি বুলি গণ্য কৰা সামগ্ৰীবিধ বেগ, বাস্কেট, লেম্পশ্বেড,ছেণ্ডেল, যোগাসনৰ মেট আৰু বিশ্বাস কৰক বা নকৰক, আনকি ছোফা ছেটলৈকে ৰূপান্তৰিত কৰা চাব পাৰিব। অথবা কেন্দ্ৰটোৰ বনৌষধি বাগিচাখনত ঘূৰি ফুৰি ১০০ৰো অধিক ঔষধি আৰু সুগন্ধিযুক্ত উদ্ভিদৰ সম্পদৰ প্ৰশংসা কৰিব পাৰিব। জ্বৰ, কাহ আৰু দাঁতৰ বিষৰ বাবে উপকাৰী বুলি কোৱা ছুইট ব্রুম উইডৰ পৰা আৰম্ভ কৰি প্ৰস্ৰাৱৰ ৰোগৰ বাবে ব্লেক মুছালি আৰু মাল্টিভিটামিন ষ্টাৰ গুজবেৰীলৈকে এই বাগিচাখন হ’ল প্ৰাকৃতিক জ্ঞানৰ ভাণ্ডাৰ আৰু ভ্ৰমণৰ যোগ্য স্থান ।

ক্ষেত্ৰীৰ পৰা আগবাঢ়ি বা গুৱাহাটীৰ পৰা ভটিয়াই আহি কিছু দূৰত মনোমোহা গাঁৱৰ বজাৰ আৰু বিচিত্ৰ গাঁওবোৰে আপোনাৰ যাত্ৰাৰ ক্লান্তি লাঘৱ কৰিব। এই অঞ্চলত জীৱন ইমানেই এককভাৱে অনন্য যে আপুনি কেতিয়াও নিবিচাৰে যে আপোনাৰ এই যাত্ৰাৰ অন্ত পৰক। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সাপ্তাহিক বজাৰবোৰে ভ্ৰমণকাৰীৰ ছবিৰ সংগ্ৰহ পূৰণ কৰে। ইয়াত শাক-পাচলিৰ পৰা কাপোৰ-কানিলৈকে আৰু কি যে নাপায় । গুৱাহাটীৰ পৰা সোনকালে যাত্ৰা আৰম্ভ কৰি ৭০ কিল’মিটাৰৰ নিলগত আপোনাৰ প্ৰথম আস্থান হ’ব পাৰে সোণাপুৰ বা ডিমৰিয়া বা সীতাজখলাৰ সাপ্তাহিক বজাৰ। দেওবাৰে ভ্ৰমণ কৰিলে গুৱাহাটীৰ বেলতলা আৰু বশিষ্ঠ সাপ্তাহিক বজাৰো চাব পাৰে । মঙলবাৰে চাব পাৰিব তেঁতেলীয়া, বুধবাৰে টোপাটোলি, শুকুৰবাৰে ক্ষেত্ৰী। এই বজাৰসমূহ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ বিচিত্ৰতা আচৰিত৷ এই অঞ্চলবোৰ দেশৰ কিছুমান অনন্য জনজাতীয় সম্প্রদায় যেনে কাৰ্বি, বড়ো, তিৱা আৰু এনে বহুতৰ বাসভূমি। ওচৰৰ বেহতোলা, ধূপগুৰি, ভৰাকুছি, নিবিৰা, চাৰিকুৰীয়া আদি গাঁৱত জৈৱিক খেতি আৰু হস্ত বয়ন শিল্পৰ স্বাদ ল’ব পাৰিব। স্থানীয় টুৰ অপাৰেটৰৰ নিৰ্দেশনাত ভ্ৰমণ কৰক আৰু আপুনি ইয়াতকৈও সুন্দৰ অভিজ্ঞতাৰ স্বাদ পাব। আনন্দৰে যাত্ৰা কৰক । 

Leave a Comment

Your email address will not be published. Required fields are marked *