ডিমা হাছাওস্থিত আমুৰ – ফেলকনৰ অস্থায়ী ঘৰ

অক্টোবৰৰ পৰা অসমৰ ডিমা হাছাও জিলাখন, এক চিত্র-বিচিত্র আনন্দথলীলৈ পৰিণত হয়। ইয়াৰ পাহাৰ আৰু উপত্যকাবোৰ বছৰজুৰি মনোমোহা হৈ থাকিলেও এতিয়া ই বিশেষভাৱে ভ্ৰমণৰ যোগ্য। কাৰণ বিশ্বৰ আটাইতকৈ দীঘলীয়া ভ্ৰমণকাৰী পক্ষী আমুৰ ফেলকনৰ বতৰ এতিয়া। গুৱাহাটীৰ পৰা ২৫০ কিল’মিটাৰ দূৰত্বত অৱস্থিত উমৰাংছ’ পৰিণত হয় ৰাছিয়া আৰু চীনৰ সীমান্তত অৱস্থিত আমুৰ নদীৰ ওচৰৰ পৰা উৰি অহা এই চৰাইবোৰৰ বাবে অস্থায়ীগৃহলৈ ৷

নদীবান্ধে আৱৰা কপিলী নদীৰ পাহাৰ আৰু পানীত আশ্ৰয় লৈ পক্ষীবোৰে পোক – পৰুৱা, খাদ্য বিচাৰি ইয়াতেই নিজৰ শৰীৰৰ ওজন গঢ়ি তোলে। বহু সময়ত ইহঁতক গছৰ – ওপৰত বহি থকা দেখা যায়, আন কিছুমানে ডেউকা কোবাই উৰি যোৱা দেখা যায়। মাত্ৰ ১৫০গ্ৰাম ওজনৰ এটা আমুৰ ফেলকনে ৰাছিয়া আৰু চীনৰ পৰা দক্ষিণ আফ্ৰিকালৈ যাত্ৰা কৰে । এই যাত্ৰাত সমগ্ৰ বিশ্বৰ আধাতকৈও অধিক পথ সামৰি লয়। নিজৰ উৰণেৰে আকাশক ৰঙীন কৰা এইজাক পক্ষী চোৱাৰ অভিজ্ঞতা লাভৰ বাবেই এই অঞ্চল ভ্রমণযোগ্য। 

নৱেম্বৰৰ মাজভাগতে এই চৰাইবোৰে উমৰাংছ’ৰ পৰা (নগালেণ্ডৰ পৰাও) উৰি যায়, তাৰ পৰা দক্ষিণ আফ্ৰিকালৈ, আৰব সাগৰ পাৰ হৈ একেৰাহে চাৰে তিনিদিন উৰি থাকে। এইছোৱা সময় ড্ৰেগনফ্লাইৰ প্ৰব্ৰজনৰ লগত মিলি যায়। আমুৰসকলৰ প্ৰব্ৰজনৰ পথৰ আটাইতকৈ কষ্টকৰ অংশৰ খাদ্য এই ড্ৰেগনফ্লাইবোৰ। পৰৱৰ্তী  কেইসপ্তাহ মানৰ  বাবে তেওঁলোকৰ উৰণ দক্ষিণ দিশলৈ হ’ব যেতিয়ালৈকে তেওঁলোকে দক্ষিণ আফ্রিকাত উপস্থিত নহয় । 

অৱশ্যে ডিমা হাছাওত আমুৰ ফেলন আৱাসতকৈও বহুত বেছি কিবা কিবি আছে। হাফলং (গুৱাহাটীৰ পৰা ৩৩০ কিল’মিটাৰ) জিলাখনৰ সদৰ আৰু অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেছন। বগা পিঁপৰাৰ পাহাৰ হিচাপে পৰিচিত আৰু বৰাইল পাহাৰে আগুৰা সেউজীয়া উপত্যকা, জাতিংগা, মাইবাং, হাফলং হ্রদ, হাজং হ্ৰদ আৰু বহুতোৰ দ্বাৰা সমৃদ্ধ— জিলাখন দুঃসাহসিক অভিযান বিচৰাসকলৰ বাবে এক আদর্শ গন্তব্যস্থান। পানীমূৰ (গুৱাহাটীৰ পৰা ২১৫ কিল’মিটাৰ) য’ত কপিলী নৈ এক ৰোমাঞ্চকৰ জলপ্ৰপাতলৈ ৰূপান্তৰিত হয়, আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আৰু অৱশ্যেই, পানীমূৰলৈকে দেখিব দীঘলীয়া কুঁহিয়াৰ বাৰী, পৰম্পৰাগত তিল পিঠাৰ সোৱাদ দিবলৈ গুৰ উৎপাদনৰ আশাত শস্যৰ ডালবোৰ আনন্দেৰে দোঁ খাই পৰে। 

Leave a Comment

Your email address will not be published. Required fields are marked *