ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসাধাৰণ সৌন্দৰ্যৰ সমাহাৰ

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন এনে এটা অভিজ্ঞতা, যি সমস্ত ইন্দ্ৰিয়ক জাগ্ৰত কৰে । তিনিচুকীয়াৰ পৰা ১২ কিল’মিটাৰ আৰু ডিব্ৰুগড়ৰ পৰা ৫০ কিল’মিটাৰ নিলগত আছে প্রকৃতিৰ এই ৰম্যভূমি। এই উদ্যান ৫০০ তকৈও অধিক পক্ষীৰ আদৰ্শ আৱাসস্থল। ইয়াক পক্ষীৰ স্বৰ্গ বোলা হয়। তৃণভূমিৰ পক্ষী ক’লা বুকুৰ পেৰটবিল, ছোৱাম্প ফ্রেংকোলিন, জাৰ্ডনছ বাবলাৰ আৰু বুশচ্যাট আদিৰ দৰে পক্ষীৰ উপৰি ইয়াত শীতকালত বহু সংখ্যক পৰিভ্ৰমী পক্ষী পোৱা যায় ৷

পক্ষীৰ পৰ্যায়টো বাদ দিলেও মটৰ বটেৰে যদি এক ৰোমাঞ্চকৰ যাত্ৰা কৰা যায় তেন্তে ডিব্ৰু আৰু ডাঙৰি নদীৰ সংগমস্থলত শিহু নিশ্চয়কৈ চকুত পৰিব। যদিহে বৰ্ষাকাল হয় তেন্তে যাত্ৰা পথত দেখা পাব নানাৰঙী পখিলাৰ সমাহাৰ। এই পৰিৱেশ অনুকুল বনাঞ্চলখনত প্ৰায় ৩৫বিধ এপিফাইটিক শ্ৰেণীৰ অৰ্কিড আৰু ৩বিধ স্থলজ অৰ্কিড পোৱা যায়।

উদ্যানখন আছে ব্ৰহ্মপুত্ৰ আৰু লোহিত নদীৰ প্লাবনভূমিত আৰু এটা দ্বীপৰ মাজত থকা অৱস্থিতিয়ে ইয়াক নাটকীয় পৰিৱেশ  দিছে৷

ডিব্ৰু-ছৈখোৱালৈ আহিলে ইয়াতে প্রায় লাগি থকা জলাহভূমি মাগুৰিবিল নিশ্চয়কৈ পৰিদৰ্শন কৰিব। পুৱা বেলা এখন দেশীয় টুলুঙা নাৱত উঠি নাৱৰীয়াৰ ছন্দোময় ব’ঠাৰ শব্দ শুনি শুনি বিলখনৰ ভ্ৰমণ এক তুলনাবিহীন অভিজ্ঞতা। বিভিন্নধৰণৰ পক্ষীৰ লগত মিলি পৰা জলজ ফুলবোৰৰ দৃশ্যই শ্বাসৰুদ্ধ কৰি তুলিব। দুৰণিত চকু পৰিব গাঁওবাসীৰ, যি ধৈর্য ধৰি দিনটোৰ বাবে মাছ মাৰিবলৈ অপেক্ষা কৰি আছে। এনে এটি দৃশ্য যি আপোনাৰ মানসপটত দীর্ঘদিন সতেজ হৈ ৰ’ব।

অৱশ্যে ডিব্ৰুগড়-ছৈখোৱাৰ বিখ্যাত বনৰীয়া ঘোঁৰাবোৰ চকুত পৰাটো বৰ দুৰ্লভ ঘটনা। ইচ্ছা কৰিলে বর্ষাকালত তিনিঘণ্টামান নদীত উজাই নৌকাযাত্ৰা কৰি চাব পাৰে। এই বনৰীয়া ঘোঁৰাবোৰ মুক্ত, অদম্য আৰু ইহঁত আমাৰ পোহনীয়া ঘোঁৰাৰে বংশধৰ। সিহঁতৰ প্ৰকৃত উৎপত্তি জনা নগ’লেও বিশ্বাস কৰা হয় সিহঁত হয়তো দ্বিতীয় বিশ্বযুদ্ধৰ শিবিৰৰ পৰা পলায়ন কৰা ঘোঁৰাৰ বংশধৰ  নতুবা ১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্পৰ সময়ত প্ৰব্ৰজনকাৰী বেপাৰীবোৰৰ পৰা  পলায়ন কৰা ৷

শদিয়ালৈ এদিনীয়া ভ্ৰমণ আৰু ভূপেন  হাজৰিকা সেতুত পদার্পণো এই ভ্ৰমণত সংযোগ কৰিব পাৰি। শদিয়ামুখী পথত পাব মনোমোহা থলুৱা অসমীয়া গাঁও ঘূৰমূৰা মুলুক চাপৰি। এই গাঁও প্রকৃত নীলা কৃষি পদ্ধতি, চিত্রকলা, শিল্প আৰু পৰম্পৰাৰ বাবে বিখ্যাত।

1 thought on “ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসাধাৰণ সৌন্দৰ্যৰ সমাহাৰ”

Leave a Reply to Palky chetia Cancel Reply

Your email address will not be published. Required fields are marked *