সুলভ পৰ্যটন 

যদি আপুনি বৃদ্ধ আৰু অসুস্থ, তেন্তে এতিয়া অসমত ভ্ৰমণৰ সময়ত সমস্যা হ’ব পাৰে বুলি চিন্তা নকৰিব। হুইল চেয়াৰত প্ৰৱেশযোগ্য সুবিধাসমূহ দুর্বল হ’লেও, স্থানীয় ট্যুৰ অপাৰেটৰসকলে আপোনাৰ যাত্রাক সমৃদ্ধ অভিজ্ঞতা হিচাপে গঢ়ি তুলিবলৈ সমাধান আগবঢ়ায়। 

গুৱাহাটীত উপস্থিত হোৱাৰ পাছত অসমৰ একমাত্র ‘ৰামছাৰ’স্থান আৰু ব্ৰহ্মপুত্র উপত্যকাৰ আটাইতকৈ ডাঙৰ জলাশয় দিপৰ বিলৰ কাষেৰে গাড়ী চলাই উপভোগ কৰক। প্রায়ে ৰাণী সংৰক্ষিত বনাঞ্চলৰ বনৰীয়া হাতী আৰু বহু প্রজাতিৰ চৰাইৰ সঘনাই অহা-যোৱা দেখা পাব। এই ঠাইখন আন বহুবোৰ স্থানৰ দৰে আদৰণীয়। বিশেষভাৱে সক্ষম অতিথিসকলৰ বাবে অনুকূল কোঠা থকা হোটেল এখনত প্রৱেশ কৰক। লগতে, এটা বা দুটা স্থানত থকাৰ কথাও বিবেচনা কৰক, আকর্ষণীয় গন্তব্য স্থানলৈ গাড়ী চলাবলৈ আৰামদায়ক দূৰত্বৰ সৈতে।

ৰাতিপুৱা ভাগত ৪ৰপৰা ৬ বজাৰ ভিতৰত দিনটো আৰম্ভ কৰক এটা মনোমোহা দৃশ্যৰে ভৰলুমুখৰপথৰ কাষৰ নার্জী ফুলৰ বজাৰ। আপোনাৰ গাড়ীৰ খিৰিকীৰে মূৰ উলিয়াই দীঘলকৈ উশাহ লওক আৰু এটা অবিশ্বাস্য ভাৱে ৰঙীন দৃশ্য উপভোগ কৰক। কামাখ্যা মন্দিৰলৈ আগবাঢ়ি যাওক আৰু মন্দিৰৰ চোতালত হুইল চেয়াৰত বহি থাকিয়েই ঈশ্বৰক প্রার্থনা কৰক। এই হুইলচেয়াৰ আপোনাক স্বেচ্ছাসেৱকে আগবঢ়াই দিব। 

এখন ৰাজ্যিক সংগ্রহালয়, য’ত আপুনি ১৫খন গেলেৰীত বিস্তৃত প্রাচীন অসমীয়া সম্পদৰ এক উল্লেখযোগ্য সংগ্রহ অন্বেষণ কৰিব পাৰে। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল অসমৰ ভাস্কর্য, পাণ্ডুলিপি আৰু গাঁও জীৱনৰ গেলেৰী। ভূমি আৰু বেছমেণ্টৰ স্তৰত ৰেম্প (পুৰণি অট্টালিকাৰ এটা অংশৰ বাহিৰে) আৰু ওপৰৰ মহলালৈ যাবলৈ লিফ্টৰ সৈতে সংগ্রহালয়টো ঐতিহ্যৰ এক প্রকৃত সম্পদ। মনক সমৃদ্ধ কৰি নগা আৰু আহোমকে ধৰি বিভিন্ন যুগৰ মুদ্ৰাৰ ওপৰত চকু ফুৰাওক। খ্রীষ্টিয় ৬- ১৩ শতিকাৰ ভিতৰৰ বৰ্মন, শালস্তম্ভ, পাল আৰু আহোম বংশক প্রতিনিধিত্ব কৰা শিলৰ ভাস্কৰ্য দর্শন কৰক, টেৰাকোটাৰ পাত্ৰ আৰু পাত্ৰৰ টুকুৰা; কাওলিন মৃৎশিল্প; মহী ব্যৱহাৰ কৰি পুৰণি অসমীয়া লিপিত সাঁচিপাতৰ ওপৰত লিখা মধ্যযুগৰ শেষৰ পাণ্ডুলিপি; বাঁহৰ ফিতাত টাই আহোম পাণ্ডুলিপি কিছুমান প্রাকৃতিক ৰঙৰ ৰঞ্জক পদাৰ্থৰে চিত্ৰিত আৰু বহুতো আকর্ষণীয় সমল দর্শন কৰিব পাৰিব। ইয়াতে পাব আমবাৰী প্রত্নতাত্ত্বিক স্থানৰ শিলৰ ভাস্কর্য, যিবোৰ ভাৰতীয় ৰিজার্ভ বেংকৰ ভেটি খান্দি থাকোঁতে আকস্মিকভাবে আৱিষ্কাৰ হৈছিল। মন কৰিব যে প্রতি মাহৰ দ্বিতীয় আৰু চতুর্থ শনিবাৰে, প্ৰতি সোমবাৰে আৰু চৰকাৰী বন্ধৰ দিনত সংগ্রহালয়টো বন্ধ থাকে। ইয়াত আপুনি নিজৰ হুইল চেয়াৰ লৈ যাব বা আপোনাৰ স্থানীয় ট্যুৰ অপাৰেটৰক হুইল চেয়াৰৰ বাবে অনুৰোধ কৰিব পাৰে।

আপোনাৰ পৰৱৰ্তী গন্তব্যস্থান হ’ব পাৰে গুৱাহাটীৰপৰা ৩০ কিল’মিটাৰ দূৰত্বত থকা দাদাৰা আৰু তাৰ পিছত তাৰপৰা ১০ কিল’মিটাৰ দূৰত্বত থকা শুৱালকুছি। শুৱালকুছিৰ মেখেলা-চাদৰ বজাৰৰ কেন্দ্ৰস্থল হ’লেও দাদাৰা বিশ্বৰ সৰ্ববৃহৎ বাহ সজা এডজুটেন্ট ষ্টক পক্ষীৰ আৱাসভূমি। এই বিৰল প্রজাতি (হাড়গিলা) আৰু সিহঁতি বাহ সজা গছবোৰৰ সুৰক্ষাৰ বাবে প্রতিশ্রুতিবদ্ধ মহিলাৰ এটা দল ‘হাড়গিলা আর্মি’কো লগ পাব। বহু সময়ত ট্যুৰ অপাৰেটৰসকলে চৰায়ে বাহ সজা ঠাইত হুইল চেয়াৰত প্ৰৱেশৰ বাবে বাহনত কাঠৰ তক্তা কঢ়িয়াই লৈ ফুৰে। অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী অভয়াৰণ্যসমূহ অন্বেষণ নকৰাকৈ অসমৰ যিকোনো ভ্রমণ আধৰুৱা, বিশেষকৈ যদি আপুনি অক্টোবৰৰপৰা এপ্রিল মাহৰ ভিতৰত ভ্ৰমণ কৰে। বিশ্বৰ ভিতৰতে সৰ্বাধিক ঘনত্বৰ গঁড়ৰ গৌৰৱ আৰু গুৱাহাটীৰপৰা মাত্র ৪৫ কিল’মিটাৰ দূৰত্বত থকা পবিতৰা বন্যপ্রাণী অভয়াৰণ্য আপোনাৰ ভ্ৰমণৰ এক ষ্টেণ্ডআউট হ’ব পাৰে। জীপ ছাফাৰীত যোৱাৰ উপৰি মায়ং আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ কাষত বাহন ৰাখি তামুলীডুবা বিলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। ইয়াত গাড়ীৰ খিৰিকীৰে সৌন্দৰ্য উপভোগ কৰি ফ্লাক্সৰপৰা অসমৰ চাহ কাপত চুমুক দি বাইন’কুলাৰেৰে এই প্ৰাকৃতিক স্বৰ্গত গঁড়, বনৰীয়া ম’হ আৰু বিভিন্নধৰণৰ আৱাসিক আৰু পৰিভ্ৰমী চৰাইবোৰ চাব পাৰিব। ফটো তোলক আৰু স্মৃতি সঞ্চয় কৰক ।

Leave a Comment

Your email address will not be published. Required fields are marked *