গ্ৰাম্য পৰ্যটনৰ গুৰুত্ব বৃদ্ধিৰ লগে লগে অসমৰ গোৱালপাৰা জিলাৰ নিশানগ্রাম আজি এনে পৰ্যটন থলীৰ তালিকাৰ শীৰ্ষত আছে। হ’ম-ষ্টে, কমিউনিটি এক্টিভিটি, স্থানীয় লোকৰ সৈতে মত বিনিময়, চাইকেল চালনা, গাঁৱৰ পথেদি নিশা খোজকঢ়া, হাইকিং ট্ৰেইল, পুখুৰীত মাছ ধৰা, জীপ চাফাৰী, এই পৰিষ্কাৰ গাঁওখনত সকলো আছে। গুৱাহাটীৰ পৰা প্রায় ১৩০ কিল’মিটাৰ পশ্চিমে, অসম- মেঘালয় সীমান্তত ( দুধনৈৰ পৰা আঠ কিঃমিঃ) আমি বিচাৰি ফুৰা ব্যতিক্রমী নষ্টালজিক অভিজ্ঞতাৰ বাবে ই যোগ্য স্থান । প্ৰধানতঃ গাৰোসকলে বসবাস কৰা এই গাঁওখনৰ আৰম্ভণি ১৮৬৭ চনৰ পৰাই যেতিয়া ৰামকে ডব্লিউ মমিন আৰু তেওঁৰ ভাতৃ ৰংকুৱে প্ৰথম বসতি কৰিছিল। গাৰো খ্ৰীষ্টানসকলৰ ভিতৰত অন্যতম প্রথম এই ভাতৃদ্বয়ে উপত্যকা আৰু পাহাৰৰ মাজত সাপ্তাহিক বজাৰৰ পৰা আঁতৰত বসতি স্থাপন কৰিছিল।
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/06.-View-point-post-monsoon-near-Nishangram.jpeg)
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/03.-Nishangram-village-emporium.jpeg)
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/04.-Nishangram-Garo-woman-1024x461.jpg)
অসমত গ্রামাঞ্চলৰ সাপ্তাহিক বজাৰে স্থানীয় অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিশান গ্ৰামলৈ যোৱাৰ পথত দৰংগিৰিত (গুৱাহাটীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ১১০ কিল’মিটাৰ দূৰত্বত) এখন ব্যস্ত দ্বি-সাপ্তাহিক কলৰ বজাৰ আছে। ইয়াত সোমবাৰ আৰু বৃহস্পতিবাৰে ৰাতিপুৱাৰ ভাগত মেঘালয়ৰ গাৰো পাহাৰ আৰু অসমৰ গোৱালপাৰাৰ পৰা কল খেতিয়ক আৰু ব্যৱসায়ীসকল সমবেত হয়। স্থানীয় অর্থনীতি কেন্দ্ৰ দৰংগিৰি এতিয়া ফটোগ্ৰাফাৰসকলৰ লোভনীয় সমল। গুৱাহাটীৰ পৰা নিশানগ্ৰামলৈ যোৱাৰ সময়ত প্রথম পচন্দৰ ষ্টপটো হ’ল বকোৰ পাৰ্বতী পাহাৰ (গুৱাহাটীৰ পৰা ৭০ কিল’মিটাৰ)। এটা সৰু পাহাৰত ইয়াত এটা দেৱী পাৰ্বতী মন্দিৰ আছে। ইয়াৰ নৈসৰ্গিক দৃশ্য অতি মনোমোহা। ৰাতিপুৱাৰ সময়ত আপুনি সূর্য উদয়ৰ অতি দর্শনীয় অভিজ্ঞতা লাভ কৰিব পাৰে আৰু ইয়াত সূর্যাস্তও সমানেই সুন্দৰ। দিলিংগা গাঁৱৰ পাদদেশত ঘূৰি ফুৰিলে মন শাঁত পৰি যায় আৰু নিশানগ্ৰাম আৰু ইয়াৰ পশ্চাতলৈ যোৱাৰ সময়ত আপোনাৰ চহৰ-ক্লান্তি লাঘৱ হ’ব। আপুনি নিশানগ্ৰাম আৰু দুবাপাৰাৰ পৰা প্ৰায় ৩০ কিল’মিটাৰ দূৰত (শ্ৰীসূৰ্যপাহাৰৰ ধ্বংসাৱশেষৰ পৰা প্ৰায় ৫ কিল’মিটাৰ আৰু গোৱালপাৰা চহৰৰ ওচৰত ) প্ৰাৰম্ভিক খ্ৰীষ্টান যুগৰ পৰা প্ৰায় দ্বাদশ শতিকাৰ হিন্দু, বৌদ্ধ আৰু জৈনৰ ধ্বংসাৱশেষৰ এক অনন্য প্রত্নতাত্ত্বিক স্থান শ্রীসূর্য পাহাৰ চাব পাৰে। ইয়াত পাটিকাৰসকলে শীতলপাটি (আক্ষৰিক অৰ্থত গ্রীষ্মকালত শুব শীতল পাটি) তৈয়াৰ কৰে আৰু তুলনামূলকভাৱে নতুন ডিজাইনৰ পাৰ্ছ, বিভিন্নধৰণৰ বেগ, প্লেচমেট, ৱাল আৰ্ট, ফাইল কভাৰ, টুপী আৰু বহুতো এওঁলোকে নিৰ্মাণ কৰে।
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/05.-Tree-House-at-Nishangram.jpeg)
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/06.-View-point-post-monsoon-near-Nishangram-1.jpeg)
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/09.-Sitalpati-bags-etc-at-Dubapara-1024x461.jpg)
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/01.-Nishangram-Baptist-Church-built-in-1868-842x1024.jpg)
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/07.-Stupas-Surya-Pahar-1024x768.jpg)
![](https://arijit2024.cdn-theta.com/wp-content/uploads/2023/05/08.-Shiva-lingas-Surya-pahar-1024x768.jpg)