ডিমা হাছাও

নগাঁও জিলাৰ বৰঘাট চাৰিআলিৰ (গোল চকুৰ পথ সংযোগ) পৰা লংকাৰ দিশত ১৬৫ কিল’মিটাৰ গাড়ী চলাই গ’লে পাবগৈ এসময়ত ডিমাচা- কছাৰী ৰাজ্যৰ ৰাজধানী মাই বাং (গুৱাহাটীৰ পৰা ২৯০ কিল’মিটাৰ)। ইয়াত শিলত কাটি উলিওৱা চালিৰ আকাৰৰ এবিধ জুপুৰি ষ্টল হাউছত পদাৰ্পণৰ লগে লগে আপুনি ৰাজকীয় ঐতিহ্যৰ অনুভূতি পাব। মাহুৰ নদীৰ পাৰত অৱস্থিত এক বিশাল গ্রেনাইট শিলাত সুন্দৰকৈ খোদিত কৰা ১৬ শতিকাৰ জুপুৰিটো হৈছে দেৱী ৰণচণ্ডীৰ মন্দিৰ। দেৱী ৰণচণ্ডী হৈছে ৰাজগৃহৰ আৰাধ্য দেৱী গৌৰীৰ যোদ্ধা ৰূপ l 

 ইয়াৰ পিছত হাফলঙ লৈ ৫০ কিল’মিটাৰৰ যাত্ৰা হ’ল অতিকৈ নয়নাভিৰাম দৃশ্যৰে ভৰা। হাফলঙলৈ ৰে’লযাত্ৰা যেনেকৈ আকর্ষণীয়, তেনেকৈ পথ যাত্রাও সমানে বিস্ময়কৰ। এই যাত্রা সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণীৰ কৰিড’ৰৰ মাজেদি আগবাঢ়িব। ৰাস্তাৰ প্ৰতিটো কেঁকুৰিতে পাব পাহাৰীয়া উদ্ভিদৰ এক বিৰল অভিজ্ঞতা। আটাইতকৈ আকর্ষণীয় স্থান হৈছে জাতিংগা (হাফলং পাবলৈ ৯ কিল’মিটাৰ থাকোতে)। জাতিংগা পক্ষীবিদসকলৰ বাবে বিশ্বৰ অন্যতম আকর্ষণীয় স্থান। কিন্তু জাতিংগা

কেৱল চৰাইৰ বিচৰণ ভূমিয়েও নহয়, ই হ’ল কমলা, আনাৰস আৰু আকৰ্ষণীয় লোকৰ দেশ। জাতিংগাৰ সমীপৰ পৰম্পৰাগত গাঁওখন হৈছে এক আদর্শ স্বৰূপ। ইয়াত দেখা পাব ডিমা হাছাও জিলাক প্রতিনিধিত্ব কৰা প্ৰতিটো জনগোষ্ঠীৰ জুপুৰিৰ আকৰ্ষণীয় গঠন। ই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ এক ক্ষুদ্র বিশ্ব।

হাফলঙৰ সৌন্দৰ্যক লৈ ৰচিত বহুতো পংক্তি পাব। কিন্তু ইয়াৰ কোনোটোৱেই আপোনাক বৰাইল পাহাৰৰ মাজেদি চলাচল কৰা ডাৱৰৰ মনোমোহা দৃশ্য বা দর্শনীয় সূর্যোদয়ৰ প্ৰকৃত আভাস দিব নোৱাৰে। ভূ-প্রকৃতিগতভাৱে জিলাখন নিম্নভূমি, পূব আৰু পশ্চিম অংশৰ পাৰ্বত্যভূমি আৰু মালভূমিৰে বিভক্ত হৈ আছে। এডভেঞ্চাৰ প্ৰিয়সকলৰ বাবে ডিমা হাচাও জিলাখন ৰোমাঞ্চকৰ ভূ-খণ্ডৰে পৰিপূৰ্ণ। ইয়াত আছে এক ঐতিহ্যময় বয়নশিল্প। হাফলঙত আছে জিলা যাদুঘৰ (সোমবাৰ আৰু চৰকাৰী বন্ধৰ দিনত বন্ধ)। এই যাদুঘৰত অস্ত্ৰৰ পৰা বস্ত্ৰলৈকে অপূর্ব সংগ্রহ আছে। ডিমাচাসকল নিপুণ শিপিনী আৰু বেছিভাগ ঘৰতে পৰম্পৰাগত তাঁতশাল ‘দাওফাং’ আছে। ডিমাচা শিপিনীৰ বয়ন দক্ষতাৰ তুলনা নাই।

Leave a Comment

Your email address will not be published. Required fields are marked *