শুৱালকুছিৰ সিদ্ধেশ্বৰ মন্দিৰ

এইবাৰ গুৱাহাটীৰ পৰা ৪৫ কিল’মিটাৰ নিলগৰ শুৱালকুছিলৈ যাত্ৰা কৰোঁ আহক। শুৱালকুছি পালেহি আপুনি গম পাব এই অঞ্চল অকল ৰেচমৰ সপোন ৰচা স্থানতকৈও বহু বেছি সমলযুক্ত। ইয়াত ইতিহাসৰ বহু খণ্ডিত অংশ স্থাপত্য, ভাস্কৰ্য আৰু আনকি বয়নৰ ৰূপত বিদ্যমান। উদাহৰণ স্বৰূপে ইয়াৰ মুগাৰ ইতিহাস ল’ব পাৰি। পুৰণি কালত শুৱালকুছিৰ ব্যবসায়ীসকলে উজনি অসমলৈ কৰা ভ্ৰমণবোৰৰ কোনোবা এটাত এই পদ্ধতি আহৰণ কৰি আহিছিল। তাৰ পিছত তেওঁলোকে মহিলাসকলক লেটা উতলাই সূতা উৎপাদন কৰিবলৈ শিকাইছিল। শুৱালকুছিৰ অন্যান্য ঐতিহ্যৰ ভিতৰত আছে, ইয়াত থকা প্রায় ৪০খন গৃহস্থী আৰু এখন উদাসীন সত্ৰ। এইখিনি হৈছে এই অঞ্চলৰ ষোড়শ শতিকাৰ নৱবৈষ্ণৱ সংস্কাৰবাদী আন্দোলনৰ নিদৰ্শন।

শুৱালকুচিৰ আটাইতকৈ ঐতিহাসিক স্থাপত্যটো হৈছে সিদ্ধেশ্বৰ দেৱালয়। এই  দেৱালয় দশম-একাদশ শতিকাৰ । সিদ্ধেশ্বৰ দেৱালয় এক বিৰল মন্দিৰ। আহোম স্বৰ্গদেউ গদাধৰ সিংহ আৰু ৰাজেশ্বৰ সিংহই দান দিয়া ভূমিত পৰৱৰ্তী সময়ত ইয়াক নতুনকৈ নিৰ্মাণ কৰা হয়। এই মন্দিৰৰ স্থাপত্য হ’ল প্ৰাচীন আৰু মধ্যযুগীয় পৰম্পৰাৰ এক সেতু, কাৰণ প্রাচীন স্থাপত্যৰ লগত ইয়াত আহোম স্থাপত্যৰ সংমিশ্রণ ঘটিছে। লগতে ইয়াত বহুকেইটা বৌদ্ধ উপাদানো আছে। শুৱালকুছিৰ পৰা ২০ কিল’মিটাৰ দুৰৈত থকা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰতো এনেধৰণৰ বৌদ্ধৰ উপাদানৰ সাদৃশ্যতা আছে। শুৱালকুছিৰ আটাইতকৈ প্ৰখ্যাত সিদ্ধেশ্বৰতে বৌদ্ধৰ শিষ্য সুভদ্ধৰ ঐতিহাসিক স্থাপত্যতো হৈছে মহাপৰিনিৰ্বাণ হোৱা বুলি কোৱা হয়। ইয়ালৈ সিদ্ধেশ্বৰ দেৱালয়। এই দেৱালয় ভূটানৰ পৰা তীর্থযাত্রী সঘনাই আহে।

সিদ্ধেশ্বৰ মন্দিৰৰ পৰা ১৪০ খোজ ওপৰলৈ উঠিলে পুৰণি মন্দিৰৰ ভগ্নাৱশেষ দেখা পোৱা যায়। ইয়াৰ শিলৰ ভাস্কৰ্যই, আহোম যুগৰ দেৱ-দেৱীৰ ভাস্কৰ্যৰ নিদৰ্শন নিয়ে। ইতিহাসবিদসকলে এই মূর্তিসমূহত সৰস্বতী আৰু লক্ষ্মীৰ উপৰি দহজন পুৰুষ দেৱতাৰ অস্তিত্ব উদ্‌ঘাটন কৰিছে। ইয়াৰ বেছিভাগ বিষ্ণুৰ অৱতাৰৰ প্রতিকৃতি। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে ইয়াত দেৱী সৰস্বতীৰ ৪টা বাহুৰ সলনি দুটা বাহুহে আছে। এইটো বৌদ্ধ প্ৰতিমূৰ্ত্তিৰ পৰা অনুপ্ৰাণিত বুলি পণ্ডিতসকলে মত পোষণ কৰিছে।

সিদ্ধেশ্বৰ মন্দিৰত বিষ্ণু আৰু মহিষমর্দিনী (দেৱী দুর্গাৰ মূর্তি গর্ভগৃহৰ বাহিৰৰ মণ্ডপত আছে। গর্ভগৃহটো নিজেই এটা শিৱলিংগ আৰু ইয়াৰ বেৰত ভগৱান বিষ্ণু খোদিত আছে। একাংশ ইতিহাসবিদৰ মতে এয়া বৌধিসত্ত্ব অৱলোকিশ্বৰ শৈলীৰ চিত্ৰকল্প। জটিল অথচ কলাত্মক স্থাপত্যৰে দেৱালয়খন আধ্যাত্মিকতাৰ আভা বিকিৰণ কৰে। লগতে অসমৰ বৈশিষ্ট্যপূর্ণ দৰ্শনৰ নিদর্শন দিয়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *