অসমৰ ৰক আৰ্ট পর্যটন

ৰক আর্ট হৈছে মানৱতাৰ আদিম সৃষ্টিশীল প্রকাশৰ এক খিৰিকী আৰু বহু উৎসাহীয়ে ইয়াৰ উৎপত্তি, যুগ, কৌশল আৰু তাৎপর্য বুজিবলৈ এনে স্থানলৈ যায়। অসমত ৰক আর্টে আন অঞ্চলৰ দৰে জনপ্রিয়তা লাভ নকৰিলেও ইয়াৰ ঐতিহাসিক মূল্য উল্লেখযোগ্য। গুৱাহাটীৰ বোন্দা নাৰেংগী পথৰপৰা ৫ কিল মিটাৰ নিলগত সোপাইডোঙৰ গণেশ মন্দিৰৰ সমীপত, মৰিগাঁও জিলাৰ মায়ং, উত্তৰ গুৱাহাটীৰ কানাই বড়োছি আৰু দীর্ঘেশ্বৰী মন্দিৰ আৰু অসমৰ অন্যান্য প্রান্তত শিলত খোদিত উল্লেখযোগ্য ৰূপ পোৱা যায়। আটাইতকৈ উল্লেখযোগ্য হ’ল উমাতুমনি নামৰ ব্ৰহ্মপুত্ৰৰ এটা দ্বীপ, য’লৈ নাৱেৰে যাব পাৰি আৰু তেজপুৰৰ পৰা ৫০ কিল’মিটাৰ দূৰত্বত বিশ্বনাথ চাৰিআলিৰ ওচৰৰ বিশ্বনাথ ঘাটৰ ওচৰতে ইয়াৰ অৱস্থিতি।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপক ড° দীপেন বেজবৰুৱাৰ কৃপাত যিজনে উমাতুমনিৰ সম্পৰ্কত বিস্তৃত গৱেষণা কৰিছে, আমি এতিয়া জানিব পাৰিছোঁ যে এই দ্বীপৰ উত্তৰপ্ৰান্ত শিলৰ খোদিত শিল্পৰ বৈচিত্র্যপূর্ণ শৃংখলেৰে সজ্জিত। জ্যামিতিক আৰু অজ্যামিতিক ডিজাইন, ফুল আৰু প্ৰাণীৰ মটিফ, লুপ, হুল, চৰাই আৰু পৰম্পৰাগত চে’ছব ‘ৰ্ডৰ আৰ্হিৰ মিশ্রণ, ই আপোনাৰ বাবে সময়ৰ পিছলৈ লৈ যোৱা এটা স্মাৰক। সুখৰেশ্বৰ (চক্ৰেশ্বৰ বুলিও জনাজাত) নামৰ স্থানত উৰণৰ ভংগিমাৰ হনুমান মূর্তি (যদিও প্রাকৃতিক উপাদানে ক্ষতিগ্রস্ত কৰিছে) আৰু খোদিত অজগৰৰ, পৰম্পৰাগত গে’ম ব’ৰ্ড আৰু অসংখ্য কুটিল আকৃতিৰ বৈশিষ্ট্য আছে।

আন অসংখ্য ছবিৰ লগতে এই অমূল্য সম্পদে এই মনোমোহা দ্বীপটোৰ আকৰ্ষণ বৃদ্ধি কৰে। বানপানীৰ সময়ত নদীৰ সিপাৰে অৱস্থিত কাজিৰঙা- ৰাষ্ট্ৰীয় উদ্যানৰপৰা প্ৰব্ৰজন কৰা বন্যপ্রাণীক সুৰক্ষা দিয়াৰ বিশেষ উদ্দেশ্যেৰে উমাতুমনি দ্বীপত বন বিভাগৰ এটা শিবিৰ স্থাপন কৰা হৈছে। ইয়াৰ উপৰি বিশ্বনাথ ঘাটৰ পাৰৰ ওচৰত আহোম শৈলীৰ স্থাপত্য প্ৰদৰ্শন কৰা এক বৃহৎ বৰদলৈ মন্দিৰ থিয় হৈ আছে। বন্যপ্ৰাণীৰপৰা আৰম্ভ কৰি চাহ বাগিচা, নদী ক্রুজ, উৎসৱ, সম্প্রদায়, প্রত্নতাত্ত্বিক স্থান, মন্দিৰ আৰু বহুতো আকৰ্ষণৰ সৈতে অসম মনোমোহা গন্তব্যস্থান। পেট্র গ্লিফে পর্যটনৰ মানচিত্ৰত অসমক এখোজ ওপৰলৈ লৈ যাব পাৰে। ট্যুৰ অপাৰেটৰসকলে তেওঁলোকক নিজৰ ভ্রমণসূচী আৰু অভিজ্ঞতাভিত্তিক পর্যটনত অন্তর্ভুক্ত কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *