অসমৰ স্বাদ  কাজীনেমু

যিকোনো পৰ্যটকে অসমৰ কাজীনেমুৰ প্ৰেমত পৰিব ইয়াৰ সুকীয়া সোৱাদৰ বাবে। বহু সময় যাত্ৰা কৰাৰ পিছত বাছ ৰখোৱা স্থানত থকা ৰেস্তোৰাত ৰৈ ভাত, দাইল আৰু তাৰ ওপৰত এডোখৰ নেমু হ’ল অসমীয়া পৰম্পৰাৰ এক সন্তুষ্টিদায়ক অভিজ্ঞতা। হাইকিং কৰাসকলৰ বাবে সর্বোত্তম স্থান মানস বা কাজিৰঙালৈ যাওঁতেও ইয়াৰ ওচৰ-পাজৰৰ  গ্রাম্য ৰেস্তোৰাসমূহত অনুৰূপ অভিজ্ঞতা  পাব পাৰি। অসমীয়া খাদ্য বুলিলে ভজা শাক, খাৰ, মাছ, পিটিকা আদি থাকিলেও  এডোখৰ নেমু অবিহনে খাদ্য আধৰুৱা হৈ  ৰ’ব। অসমৰ পৰ্যটনৰ বিশেষকৈ গ্ৰামাঞ্চলৰ  খাদ্যৰ লগত গভীৰ সংযোগ আছে। অসমৰ  গ্রাম্যবাসীয়ে খাদ্য ভগৱানৰ উপহাৰৰূপে  গণ্য কৰে আৰু খাদ্য পূজাৰ সামগ্ৰীৰূপে  তৈয়াৰ কৰা হয়। খাদ্য মানুহক একত্রিত  কৰাৰ কৌশলৰূপে পৰ্যটকক পৰিৱেশন  কৰা হয়। আনহাতে, কাজীনেমুৰ টুকুৰা তেল, হালধিৰ ৰং আৰু খোৱাৰ পিছত আমাৰ হাতত থকা গোন্ধ আঁতৰাবলৈ  ব্যৱহাৰ কৰা হয়। কাজীনেমুৰ টেঙা স্বাদ আৰু সুগন্ধিৰ বাবে অতিশয় সন্তুষ্টিদায়ক  আৰু শৰীৰ জুৰ পেলোৱাত অনবদ্য। কাজীনেমুৱে বিশেষ দীঘলীয়া আকৃতিৰ  বাবে ২০২০ চনত জি আই টেগ লাভ  কৰে। কোৱা বাহুল্য যে কাজীনেমুৰ ঔষধি দি গুণাগুণো আছে।

 অসমৰ গ্ৰাম্য অঞ্চলত উপাৰ্জনৰ মূল সমল হ’ল কৃষি কৰ্ম। বানপানী, বজাৰৰ অভাৱনীয় পৰিৱৰ্তন আদিৰ উপৰি বহু অঞ্চলত হাতী-মানুহৰ সংঘাতে কৃষকক বিমোৰত পেলায়। কৃষি ভূমিৰ চাৰিওকাষে কাজীনেমুৰ গছ ৰোপণ কৰাটো হাতীৰ উপদ্ৰৱৰ এটা স্থায়ী সমাধান। কিয়নো অসমীয়া কাজীনেমুৰ বাগিচাই হাতীৰ পথত প্ৰতিবন্ধকৰূপে কাম কৰে । সৌৰ বা বৈদ্যুতিক বেৰাৰ পৰিৱৰ্তে জৈৱিক বেৰা হিচাপে নেমু অতি প্রায়োগিক । কাৰণ কাজীনেমুৰ গোন্ধে হাতীক বিকর্ষণ কৰে আৰু এই গছে খেতিয়কক অতিৰিক্ত আয়ৰ সমল হিচাপেও কাম কৰে। গতিকে অহাবাৰ আপুনি মানস ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ সময়ত কৃষি পর্যটন হিচাপে কাজীনেমুৰ খেতি চাবলৈ আপোনাৰ ভ্ৰমণ সূচীত সংযোগ কৰিব । লগতে সোমবাৰ আৰু বৃহস্পতিবাৰে পুৱা ৫ৰ পৰা ৭ বজালৈ বহা কাজীনেমুৰ বজাৰখন চাবলৈ নাপাহৰিব। নতুবা বাশবাৰী হাট বা দেওবাৰে মানসৰ সাপ্তাহিক হাটলৈও যাব পাৰে। ফটোগ্রাফীত চখ থকাসকলৰ বাবে এই বজাৰ অতি আকৰ্ষণীয়, কাৰণ ইয়াত স্থানীয় লোকৰ সকলো প্ৰয়োজনীয় সামগ্রী উপলব্ধ হয় আৰু সময় কটাবৰ বাবে এয়া উত্তম স্থান।

কাজীনেমু অসমীয়া খাদ্যৰ সৈতে ওতপ্রোতভাৱে জড়িত। অসম হৈছে খাদ্য পৰ্যটনৰ বাবে আকর্ষণীয় স্থান। কাৰণ ইয়াত সংস্কৃতি, কিংবদন্তি আৰু দৃষ্টিনন্দন দৃশ্যৰ সৈতে ভোজন বিলাসীৰ অভিজ্ঞতাৰ সুন্দৰ সংমিশ্ৰণ ঘটিছে। কাজীনেমুৰ চৰ্বতৰ পৰা আৰম্ভ কৰি অসমীয়া শৈলীৰ নেমু দিয়া মুৰ্গীৰ মাংসলৈকে কাজীনেমু অসমীয়া খাদ্যাভ্যাসত এনেদৰে শিপাই আছে যে ইয়াৰ গুৰি বিচাৰি পোৱাটো কঠিন। প্রাকৃতিক আশ্চর্য অনুভৱ কৰিবলৈ আৰু আঙুলি চেলেকিব পৰা সুস্বাদু খাদ্যৰ অভিজ্ঞতাৰ বাবেই আপুনি অসমত বাস কৰা যুগুত।

Leave a Comment

Your email address will not be published. Required fields are marked *