গুৱাহাটীৰ উপকণ্ঠ অঞ্চল

বিমান বন্দৰৰ পৰা গুৱাহাটীলৈ প্ৰায় ৪ কিল’মিটাৰ দূৰত্বত বাইপাছেৰে ভ্ৰমণ কৰি আগবাঢ়িলে ক্রমান্বয়ে নীলা পাহাৰেৰে আগুৰি থকা জলভাগৰ দৃশ্য দেখি মুহিত হ’ব। বৃহৎ জলাশয়েৰে জীৱ-বিচিত্ৰতাৰে গৌৰৱ কৰা দীপৰ বিল (বিমান বন্দৰৰ পৰা ১১ কিল’মিটাৰ) হ’ল পক্ষীৰ ৰম্যভূমি তথা ব্রহ্মপুত্র উপত্যকাৰ অন্যতম বৃহৎ বিল। বিশেষকৈ শীতকালত বিভিন্নধৰণৰ চৰাইৰ প্ৰজাতিৰ বাবে গৌৰৱ কৰি দীপৰ বিল বা “হস্তী জলাশয়’(সংস্কৃতৰ পৰা ‘দীপা’ অর্থাৎ হাতী আৰু অসমীয়া ‘বিল’ অর্থাৎ জলাশয়) এটা উপযুক্ত নাম। মেঘালয়-অসম সীমান্তৰ ৰাণী সংৰক্ষিত বনাঞ্চলৰ হাতীয়ে ইয়াত পানী খায়হি এই নামৰ উৎপত্তি।

চাৰি কিল’মিটাৰ আগবাঢ়িলে দেখা পাব ডাকিনি পাহাৰত অৱস্থিত ভীমশংকৰ দ্বাদশ জ্যোতির্লিংগ ধামৰ সুন্দৰ দৃশ্য। ভাৰতৰ ১২টা জ্যোতির্লিংগৰ ভিতৰত অন্যতম এই ধামটো শান্তিৰ প্ৰতীক স্বৰূপ ৷ শিৱলিংগৰ ওপৰেৰে আৰু চাৰিওফালে বৈ যোৱা পাহাৰীয়া ধাৰা এটাই আগুৰি অঞ্চলটোত ভগৱান শিৱই কুম্ভকৰ্ণৰ পুত্ৰ ভীমাসুৰ দানৱক ধ্বংস কৰিবলৈ ইয়াত অৱতাৰ গ্ৰহণ কৰিছিল। আজি কাৰ্বি পুৰোহিতৰ দ্বাৰা উপাসনা কৰা মানৱসৃষ্ট জ্যোতির্লিংগে এক সুকীয়া আভা প্ৰদান কৰে, যি আন এটা শতিকাৰ স্মৃতিলৈ ঘূৰাই লৈ যায়।

এক কিল’মিটাৰতকৈ কম দূৰত্বত আৰু এটা অনন্য স্থান—দ্য পাৰিজাত একাডেমি। উত্তম টেৰণে ২০০৩ চনত শিশু শ্রমিক নিৰ্মূলৰ বাবে আৰম্ভ কৰা এটা উদ্যোগৰ পৰিণতি হৈছে এই আর্থিকভাৱে দুৰ্বল শিশুৰ বিদ্যালয় খন। সমগ্র বিশ্বৰ শুভাকাংক্ষীসকলৰ স্বেচ্ছামূলক অৱদানৰ ওপৰত নিৰ্ভৰ কৰি আগবঢ়া এই অনন্য শৈক্ষিক প্রকল্পটোৱে স্থানীয় লোকসকলক আকৰ্ষণ কৰে। গুৱাহাটীৰ বহু লোকে এই একাডেমিতে জন্মদিন উদ্‌যাপন কৰে শিশুসকলৰ লগত। যিহেতু একাডেমিখনৰ শিশুৰ বাবে আচবাব, ইউনিফৰ্ম, পুৰণি কাপোৰ, পাঠ্যপুথি, বাদ্যযন্ত্ৰৰ প্ৰয়োজন, সেয়েহে এনে অনুষ্ঠানবোৰে পৃষ্ঠপোষক আৰু স্বেচ্ছাসেৱকসকলক উৎসাহিত কৰে।’কিছুমানে স্বেচ্ছাসেৱকসকলক উৎসাহিত কৰে। “কিছুমানে পার্থক্য চাবলৈ ভ্ৰমণ কৰে, আন কিছুমানে পার্থক্য সৃষ্টি কৰিবলৈ ভ্ৰমণ কৰে’ বুলি কোৱা কথাষাৰ গ্ৰহণ কৰি একাডেমিয়ে ‘স্বেচ্ছা পৰ্যটন’ৰ মনোভাবক উৎসাহিত কৰে। সেয়ে স্বেচ্ছাসেৱকসকলক সৃষ্টিশীল কার্যকলাপক উৎসাহিত কৰাৰ লগতে ওচৰতে পৰ্যটন অভিজ্ঞতা লাভ কৰাৰ সুযোগ পায় ।

ব্যস্ত চহৰখনত প্ৰৱেশ কৰিবলৈ সাজু হওঁতেই হস্তশিল্প আৰু হস্ততাঁত কেন্দ্ৰত (NEHHDC) ৰৈ যাওক, য’ত আপুনি নিপুণ শিল্পীসকলৰ অনন্য হস্তশিল্পৰ আভাস ল’ব পাৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *